দণ্ডাধীশ তদন্ত ঘোষণা তিনিচুকীয়া জিলা প্ৰশাসনৰ : ৪ মে’ত সাক্ষ্য গ্ৰহণ

কেন্দ্ৰীয় মন্ত্ৰীৰ উপস্থিতিত আই অ’ চি এলৰ কাৰ্যসূচীত পৰ্ন ছবি কাণ্ড

0 5
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২ মে’ : পৰ্ন ভিডিঅ’ক কেন্দ্ৰ কৰি শেহতীয়াকৈ উত্তাল হৈ আছে দেশ, বিদেশৰ ৰাজনীতি । এফালে সংসদৰ মজিয়াত মবাইলত দুবাৰকৈ পৰ্ন ভিডিঅ’ চাই ব্ৰিটেইনৰ এজন সাংসদে পদত্যাগ কৰাৰ বাতৰিয়ে ব্যাপক চৰ্চা লাভ কৰিছে । আনফালে ৰাজ্যৰ ৰাজনীতিত চৰ্চা লাভ কৰিছে ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডৰ (আই অ’ চি এল) এক কাৰ্য্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, ৰাজ্যৰ শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণ, তিনিচুকীয়াৰ উপায়ুক্ত আৰু আই অ’ চি এলৰ উচ্চ পদস্থ বিষয়াবৰ্গৰ লগতে সংবাদ মাধ্যমৰ লোকৰ উপস্থিতিত কাৰ্য্যসূচী চলি থকাৰ মাজতে মঞ্চৰ পাছফালে লগোৱা এলইডি স্ক্ৰীণত পৰ্ন ভিডিঅ’ৰ দৃশ্যাংশ ভাহি উঠাৰ ঘটনাই । যোৱা ৩০ এপ্ৰিলত তিনিচুকীয়াৰ এখন হোটেলত আয়োজিত মিথানল মিহলি পেট্ৰলৰ (এম ১৫) উদ্বোধনী অনুষ্ঠানত সংঘটিত এই অপ্ৰত্যাশিত ঘটনা সন্দৰ্ভত আজি তিনিচুকীয়া জিলা প্ৰশাসনে এক দণ্ডাধীশ তদন্ত ঘোষণা কৰিছে । উল্লেখ্য যে উক্ত দিনা কেন্দ্ৰীয় মন্ত্ৰী তেলী, তিনিচুকীয়াৰ বিধায়ক তথা ৰাজ্যৰ শ্ৰমমন্ত্ৰী কিষাণ, উপায়ুক্ত আৰু আই অ’ চি এলৰ উচ্চ পদস্থ বিষয়াবৰ্গ উপস্থিত থকা অনুষ্ঠানত আই অ’ চি এলৰ এজন বিষয়াই ভাষণ দি থকাৰ মাজতে মঞ্চৰ পাছফালে লগোৱা প্ৰকাণ্ড এলইডি স্ক্ৰীণৰ একোণত আকস্মিকভাৱে প্ৰায় ১০ ছেকেণ্ডৰ বাবে অশ্লীল ছবিৰ দৃশ্যাংশ চলিবলৈ ধৰাত হুৱাদুৱা লাগে । অবাঞ্চিত এই ঘটনাৰ বাবে অনুষ্ঠান ব্যাহত হৈ পৰে । কিছু সময়ৰ পাছতে আৰক্ষীৰ লোক উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে । উল্লেখ্য যে তিনিচুকীয়াৰ মাকুম পথৰ অসম এজেন্সি নামৰ তেল ডিপোত উপলব্ধ হ’ব পৰাকৈ স্থানীয় হোটেল মিৰানাত অনুষ্ঠিত এম ১৫ পেট্ৰলৰ শুভাৰম্ভ অনুষ্ঠানত এই লজ্জাজনক ঘটনা সন্দৰ্ভত উচিত তদন্তৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে উপায়ুক্তক নিৰ্দেশ দিছিল । আৰক্ষীয়ে তদন্ত চলাই থকাৰ সময়তে আজি তিনিচুকীয়াৰ উপায়ুক্তই এক দণ্ডাধীশ তদন্ত ঘোষণা কৰি অতিৰিক্ত উপায়ুক্ত মনজিৎ বৰকাকতিৰ ওপৰত তদন্তৰ দায়িত্ব অৰ্পণ কৰিছে । তদন্তকাৰী বিষয়াই ঘটনা সন্দৰ্ভত ৪ মে’ত তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্যালয়ত থকা নিজ কাৰ্যালয়ত দিনৰ ১১ বজাৰ পৰা বিয়লি ৩ বজালৈ সাক্ষ্য গ্ৰহণ কৰিব বুলি জানিবলৈ দিছে ।
মন্তব্য দিয়ক

Your email address will not be published.