Browsing Category
অসম
লখিমপুৰত জল জীৱনৰ নিৰ্মীয়মান আঁচনিৰ পৰা পৰি মৰিগাঁৱৰ যুৱকৰ মৃত্যু
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১ অক্টোবৰঃ লখিমপুৰ জিলাৰ নাওবৈচাৰ টকৌগুৰিত যোৱানিশা এক কৰুণ ঘটনা সংঘটিত হয়৷ গাঁওখনত নিৰ্মীয়মান জলজীৱন আঁচনিৰ পানী টেংকীৰ পৰা পৰি এজন যুৱকৰ মৃত্যু হয়৷ মৃত যুৱকজনৰ ঘৰ মৰিগাঁও জিলাৰ বছৰগুৰিত৷ ঘটনাৰ বিৱৰণী অনুসৰি যোৱানিশা নিতুল বৰদলৈ নামৰ মৰিগাঁৱৰ এই যুৱকজন আকস্মিক ভাৱে পানী টেংকীৰ পৰা পৰি মৃত্যু হয়৷ নাওবৈচাৰ টকৌগুৰি গাঁৱত জলজীৱন মিছন আঁচনিৰ বয়িঙৰ কাম কৰিবলৈ বুলি শনিবাৰেহে ঘৰৰ পৰা নাওবৈচালৈ আহিছিল যুৱকজন৷ যোৱানিশা ভাত পানী খাই নিৰ্মীয়মান পানী টেংকীৰ ওপৰত উঠাৰ পিছত অসাৱধান বশতঃ এই যুৱকজন প্ৰায় ৪০…
দুবছৰত ৪৯ খন চুটি ছবি আৰু এখন পূৰ্ণ দৈৰ্ঘ্যৰ চিনেমাৰে দৃষ্টান্ত
শতাব্দ ষ্টাফ ৰিপ'টাৰ তেজপুৰ, ১ অক্টোবৰ : দুটা বছৰৰ পূৰ্বে তেজপুৰৰ বিভিন্ন প্ৰান্তৰ শিল্পকলা ক্ষেত্ৰখনৰ সৈতে জড়িত একাংশ নাট্য অনুৰাগী ব্যক্তিৰ প্ৰচেষ্টাত গঢ় লৈ উঠা তেজপুৰৰ "নিউজ ট্ৰেক অসম" শীৰ্ষক অনুষ্ঠানৰ গৰ্ভত প্ৰাণ পাই উঠা এন টি এ চিনেমাই যোৱা দুটা বছৰত ৪৯ খনকৈ চুটি ছবি প্ৰয়োজনা কৰি নজীৰবিহিন দৃষ্টান্ত দাঙি ধৰাৰ পিছত কালি অনুষ্ঠিত হোৱা দ্বিতীয় বৰ্ষপূৰ্তি অনুষ্ঠানত ৫০ নম্বৰখন দৈৰ্ঘ্য চিনেমা "মৃত্যু দণ্ড" প্ৰদৰ্শনেৰে তেজপুৰীয়া ৰাইজক আপ্লুত কৰে। আনহাতে তেজপুৰ মাজগাঁৱৰ হিলবিলী বিবাহ ভৱনত কালি সন্ধিয়াৰ পৰা অনুষ্ঠিত হোৱা…
তেজপুৰ লিচুৰ কৃষিভূমি সম্প্ৰসাৰণ আঁচনিৰ শুভাৰম্ভ কৃষি মন্ত্ৰী অতুল বৰাৰ
শতাব্দ ষ্টাফ ৰিপ'টাৰ ১ অক্টোবৰ : বিশ্ব প্ৰসিদ্ধ তেজপুৰ লিচুৰ ক্ষেত্ৰ সম্প্ৰসাৰণৰ বাবে আজি ৰাজ্যৰ উদ্যান শস্য আৰু খাদ্য সংসাধন বিভাগে উত্তৰ পূৰ্বাঞ্চল আৰু হিমালয়ৰ ৰাজ্যৰ বাবে উদ্যান শস্য অভিযান আঁচনি (HMNEH) ৰ অধীনত তেজপুৰ পৰোৱাৰ লিচু বাগানত লিচু গছৰ পুলি ৰোপন কৰি তেজপুৰ লিচু ২০০ বিঘা কৃষি ভূমি সম্প্ৰসাৰণৰ শুভাৰম্ভণী কৰে কৃষি ,উদ্যান শস্য, পশু পালন ইত্যাদি মন্ত্ৰী অতুল বৰাই । শোণিতপুৰ জিলা প্রশাসন আৰু জিলা কৃষি বিভাগৰ উদ্যোগত পৰোৱাৰ লিচু বাগানত অনুষ্ঠিত এক অনুষ্ঠানত অংশ লৈ কৃষিমন্ত্রী গৰাকীয়ে- তেজপুৰ লিচুৰ সৈতে জড়িত থকা…
শিৱসাগৰ দিচাংমুখৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ দৃশ্য ( ফটো সংবাদ)
শিৱসাগৰ দিচাংমুখৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ দৃশ্য
৬ অক্টোবৰত চিত্ৰগৃহলৈ অসমীয়া চলচিত্ৰ ‘এটি নক্ষত্ৰ’
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১ অক্টোবৰঃ অসমীয়া চলচিত্ৰ জগতত আৰু এখন নতুন অসমীয়া চলচিত্ৰৰ সংযোজন ঘটিব অহা ৬ অক্টোবৰত৷ আজি লখিমপুৰত এই কথা সদৰি কৰে চলচিত্ৰখনৰ প্ৰযোজক, পৰিচালক ৰুদ্ৰজিৎ মজুমদাৰে৷ অহা ৬ অক্টোবৰত অসমৰ প্ৰায়বোৰ ছবিঘৰত শুভমুক্তি ঘটিবলগা এই চলচিত্ৰখনৰ নাম হৈছে ‘এটি নক্ষত্ৰ’৷ অপৰাধ নিৰ্মূলেই অপৰাধী নিপাতৰ কাহিনী তথা পৰিয়ালকেন্দ্ৰিক অপৰাধমূলক সামাজিক কাহিনীৰ এই চলচিত্ৰখনত বিষ্ণু খাৰঘৰীয়াকে ধৰি বহু নবীন প্ৰবীন অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিছে বুলি পৰিচালক মজুমদাৰে জানিবলৈ দিয়ে৷ ছবিখনত মূলতঃ মনোৰঞ্জনৰ মাজেৰে…
জনপ্ৰিয় কবি প্ৰণৱ কুমাৰ বৰ্মনলৈ “হেমন্ত কুমাৰ বৰুৱা সোঁৱৰণী যুৱ বঁটা” ঘোষণা
শতাব্দ ষ্টাফ ৰিপ'টাৰ, তেজপুৰ, ১ অক্টোবৰ : সন্দিকৈ ছোৱালী কলেজৰ "তুমি সাগৰিকা বৰদলৈ" ৰ পৰা অনেক গীত, কবিতা , চিত্ৰ নাট্য, বোলছবি, উপন্যাস, গল্প আদিৰে অসমীয়া কথাশিল্প আৰু শিল্পকলা ক্ষেত্ৰখনত যুৱা অৱস্থাতেই প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হোৱা প্ৰণৱ কুমাৰ বৰ্মনলৈ আগবঢ়োৱা হৈছে "হেমন্ত কুমাৰ বৰুৱা সোঁৱৰণী যুৱ বঁটা" । উল্লেখ্য যে, সৰল মনৰ সহজ প্ৰকাশ বৰ্মনৰ কবিতাৰ বৈশিষ্ট্য।কবিতাক গণ সংযোগৰ মাধ্যম কৰিব খোজা তেওঁৰ প্ৰতিটো কবিতাই আচলতে একো একোটা আন্দোলন।নাৰী, নৰক, প্ৰেম আদিৰে বিপ্লৱৰ ফিৰিঙতি হ'ব খোজা তেওঁৰ কবিতাত আছে সঁচা সৰু…
লখিমপুৰত মাৰোৱাৰী যুৱ মঞ্চৰ বিনামূলীয়া কৃত্ৰিম হাত-ভৰি আৰু কেলিপাৰ প্ৰত্যাৰোপনৰ পদক্ষেপ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১ অক্টোবৰঃ মাৰোৱাৰী যুৱ মঞ্চৰ উত্তৰ লখিমপুৰ শাখা আৰু উত্তৰ লখিমপুৰ প্ৰগতি শাখাই সময়ে সময়ে বিভিন্ন জনহিতৈষীমূলক কাৰ্য সম্পাদন কৰি আহিছে৷ এনে কাৰ্যসূচীৰ অংশ হিচাবে এইবাৰ অহা ৬, ৭ আৰু ৮ অক্টোবৰত লখিমপুৰৰ গোপীনগৰ কলনীত থকা মঞ্চ ভৱনত বিনামূলীয়া কৃত্ৰিম হাত-ভৰি আৰু কেলিপাৰ প্ৰত্যাৰোপনৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে৷ আজি মাৰোৱাৰী যুৱ মঞ্চৰ হৈ নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেলত এই কথা সদৰি কৰে নৰেশ দিনোদিয়া, মায়াংক ঝাৱাৰ আৰু আৰৱ লাখোটিয়াই৷ সেয়েহে যিসকল লোকে এই সুবিধা গ্ৰহণ কৰিব বিচাৰে তেওঁলোকে…
চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ স্থিতি ৰহস্যজনক
চাহ শ্ৰমিক যৌথ সংগ্ৰাম সমিতিৰ সংবাদমেল
পদমৰ্যাদা হ্ৰাস কৰি মালিকপক্ষৰ হৈ মধ্যস্থতাকাৰীৰ ভূমিকাত মুখ্যমন্ত্ৰী
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৩০ছেপ্টেম্বৰঃ “ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই চাহ বাগিছাৰ গৰাকীসকলৰ হৈ মধ্যস্থতাকাৰীৰ দৰে ভূমিকা পালন কৰিছে৷ তেওঁ চাহ শ্ৰমিক সংগঠনৰে আলোচনা নকৰি প্ৰথমে চাহ বাগিছাৰ গৰাকী সকলৰ লগত মজুৰিৰ বিষয়টো আলোচনা কৰি গৰাকীসকলৰ কথা মতেই চাহ শ্ৰমিকৰ দৈনিক মজুৰিৰ বৃদ্ধিৰ প্ৰস্তাৱৰ কথা ২২ছেপ্টেম্বৰত প্ৰকাশ কৰিছিল৷পাছত ইয়াকেলৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাত ২৮ ছেপ্টেম্বৰত চাহ শ্ৰমিক সংগঠনৰ স’তে এক…
ওপজা দিনত নাটক উপহাৰ দিবলৈ সাজু বিশিষ্ট নাট্যকাৰ – ঐশ্বৰ্য্য কাকতি
শতাব্দ ষ্টাফ ৰিপ'টাৰ, তেজপুৰ, ৩০ ছেপ্তেম্বৰ :প্ৰতি বছৰেই নিজৰ ওপজা দিনটোত এখন মৌলিক নাটক উপহাৰ দি তেজপুৰৰ বিশিষ্ট নাট্যশিল্পীৰ জড়িয়তে মঞ্চস্থ কৰি অহা বিশিষ্ট নাট্যকাৰ - পৰিচালক ঐশ্বৰ্য্য কাকতিয়ে এইবাৰ অহা ২ নবেম্বৰৰ ৮০ সংখ্যক ওপজা দিনত ৰাইজলৈ উপহাৰ হিচাপে আগবঢ়াব সাম্প্ৰতিক ৰাজনৈতিক - সামাজিক পটভূমিত ৰচনা কৰা "মহাৰাণী" শীৰ্ষক এখন নাটক। কালি সন্ধিয়াৰ পৰা তেজপুৰৰ জ্যোতি ভাৰতীৰ ৰূপকোঁৱৰ মঞ্চত তেজপুৰৰ বিদ্বৎ সমাজৰ উপস্থিতিত অনুষ্ঠিত হোৱা নাটকখনৰ শুভ মহুৰত অনুষ্ঠানত এই নতুন নাটকখনৰ কথা সদৰী কৰে বিশিষ্ট নাট্যকাৰ পৰিচালক তথা…
তেজপুৰত বাণ থিয়েটাৰৰ নিষ্ঠাবান শিল্পী, শিল্পী পেন্সনাৰ গোপাল চন্দ্ৰ শৰ্মাক স্মৰণ
শতাব্দ ষ্টাফ ৰিপ'টাৰ, তেজপুৰ, ২৯ ছেপ্টেম্বৰ :তেজপুৰৰ সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ অগ্ৰণী ব্যক্তিত্ব, ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ এগৰাকী নিষ্ঠাবান শিল্পী, শিল্পী পেন্সনাৰ দা ধৰা বামুণ চুবুৰি নিবাসী গোপাল চন্দ্ৰ শৰ্মাৰ প্ৰথম বাৰ্ষিক পুণ্য তিথিৰ আজিৰ দিনটোত তেজপুৰৰ বিভিন্ন ব্যক্তি - অনুষ্ঠানে স্মৰণ কৰাৰ লগতে বিশিষ্ট ব্যক্তি সকলৰ উপস্থিতিত সোঁৱৰণী গ্ৰন্থ "পৰমোৎকৰ্ষ" আনুষ্ঠানিক ভাৱে উন্মোচন কৰে শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ড০ ভূপেন শইকীয়াই। স্মৃতিগ্ৰন্থ সম্পাদনা সমিতিৰ উদ্যোগত আৰু পৰিয়ালৰ সহযোগত উত্তৰ আঞ্চলিক যুৱ - শিশু…
