Browsing Category
অসম
ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াৰ লখিমপুৰ ভ্ৰমণ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ ২৬ ছেপ্তেম্বৰ: ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই দুদিনীয়া ভ্ৰমণ সূচীৰে আজি লক্ষীমপুৰ জিলাত উপস্থিত হয়। ডিব্ৰুগড়ৰপৰা স্থলপথেৰে আহি জিলাখনত উপস্থিত হৈ ৰাজ্যপাল গৰাকীয়ে প্ৰথমে উত্তৰ লখিমপুৰ মহাবিদ্যালয় (স্বায়ত্বশাসিত) পৰিদৰ্শন কৰে । তেও অধ্যক্ষ ডঃ বিমান চন্দ্ৰ চেতিয়াৰ লগতে অধ্যাপক-অধ্যাপিকা, মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ডঃ মুকুন্দ ৰাজবংশী ,উপাধ্যক্ষ ডঃ ৰঞ্জন বৰুৱা,আৰু অন্যান্য বিষয়ববীয়া সকলৰ সৈতে এক বিশেষ সভাত মিলিত হয়। মহাবিদ্যালয়ৰ সভাকক্ষত আয়োজিত সভাখনত মহাবিদ্যালয়খনৰ অধ্যক্ষ, শিক্ষকগোট তথা…
ধলপুৰত ৰাষ্ট্ৰীয় ঘাইপথত তিনিবাহনৰ সংঘৰ্ষ: আহত ৫
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ ২৫ ছেপ্টেম্বৰঃ- লখিমপুৰ জিলাৰ ধলপুৰত আজি সন্ধিয়া এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ এই দুৰ্ঘটনাৰ ফলত ৫ জন লোক গুৰুতৰ ভাবে আহত হয় ৷ আজি সন্ধিয়া প্ৰায় ৬:৪৫ ত এই ঘটনা সংঘটিত হয় । ঘটনাৰ বিবৰণি অনুসৰি গুৱাহাটীৰ পৰা লখিমপুৰ অভিমুখী এ এছ-০১জি চি ০৪৫৫ নম্বৰৰ এখন ১২ চকীয়া ট্ৰাক আৰু লখিমপুৰ দিশৰ পৰা তেজপুৰ অভিমুখে আহি থকা ডাব্লিউ বি ৫৭ চি ৩৫৬৮ নম্বৰ ১৪ চকীয়া ট্ৰাকৰ মাজত মুখামুখী সংঘৰ্ষ লাগে। গুৱাহাটীৰ পৰা লখিমপুৰ দিশে যোৱা ট্ৰাকখনৰ পিছে পিছে গৈ থকা এখন চুইফ ডিজাৰে দুই ট্ৰাকৰ সংঘৰ্ষ সৃষ্টি হৈ গতিবেগ স্থবিৰ…
তেজপুৰৰ অগপ নেতা, প্ৰাক্তন ট্ৰেড ইউনিয়নিষ্ট, সমাজকৰ্মী, অভিনেতা প্ৰবীণ পাটোৱাৰীৰ পৰলোকপ্ৰাপ্তি
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, ২৫ ছেপ্তেম্বৰ : তেজপুৰৰ এগৰাকী সৰবৰহী এসময়ৰ ট্ৰেড ইউনিয়নিষ্ট, জাতীয়তাবাদী, নিষ্ঠাবান সমাজকৰ্মী, দুটাকৈ কাৰ্যকালৰ তেজপুৰ পৌৰসভাৰ পৌৰ সদস্য তথা অভিনেতা প্ৰবীণ পাটোৱাৰীৰ আজি পুৱা প্ৰায় ৮ বজাত তেজপুৰৰ চানমাৰীৰ ব্ৰজেন নগৰৰ নিজ বাসগৃহতে ৭৪ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটাত তেজপুৰত শোকৰ ছাঁ পৰিছে ।উল্লেখ্য যে অসম ৰাজ্যিক বিদ্যুত পৰিষদৰ তেজপুৰ সংমণ্ডলত কৰ্মৰত হৈ থকা অৱস্হাত ট্ৰেড ইউনিয়নৰ সৈতে জড়িত হৈ পৰিষদৰ কৰ্মচাৰী সকলৰ ন্যাৰ্য প্ৰাপ্যৰ বাবে অতি নিষ্ঠাৰে সংগ্ৰাম অব্যাহত ৰাখি তেজপুৰৰ এগৰাকী সৰ্ব পৰিচিত…
আহত বনৰীয়া হাতীৰ মৃত্যু শোণিতপুৰতঃপাৰস্পৰিক যুঁজত এমাহতে দুটাকৈ হাতীৰ মৃত্যু
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২৫ছেপ্টেম্বৰঃ শোণিতপুৰ জিলাৰ ফুলবাৰী চাহবাগিচাৰ ২৩নম্বৰ লাইনত যোৱা ১৯ছেপ্টেম্বৰত গুৰুতৰ ভাবে আহত হোৱা দঁতাল বনৰীয়া হাতীটোৰ যোৱা নিশা মৃত্যু ঘটিছে৷উল্লেখযোগ্য যে,দ্ৰুতগতিত প্ৰাকৃতিক আৱাস ধ্বংস হোৱাৰ ফলত খাদ্যৰ সংকটত ভোগা হাতীৰ জাক অৰণ্যৰ বাহিৰলৈ ওলাই আহিবলগীয়া হৈছে৷ শোণিতপুৰৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু সোণাই ৰূপাই অভয়াৰণ্যতে যথেষ্ট সংখ্যক বনৰীয়া হাতী আছে য’দিও সোণাইৰূপাইৰ বহু অংশ বেদখল হোৱাৰ লগতে বালিপৰা আৰু চাৰিদুৱাৰ সংৰক্ষিত বনাঞ্চলৰো একেই অৱস্হা হোৱাত বনৰীয়া হাতীৰ জাকে ৰঙাপৰা আৰু বালিপৰাৰ…
তেজপুৰত শিক্ষামন্ত্ৰীৰ পুত্তলিকা দাহ জিলা আছুৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ২৫ ছেপ্টেম্বৰ: তেজপুৰত আজি দুপৰীয়া শোণিতপুৰ জিলা ছাত্র সন্থাই তেজপুৰ সদৰ আৰক্ষী থানাৰ সন্মুখত ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৰ পুত্তলিকা দাহ কৰে। তেজপুৰ সদৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু জিলা ছাত্ৰ সন্থাই ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে শোণিতপুৰৰ ১৬৪ খন চৰকাৰী মাতৃভাষা মাধ্যমৰ বিদ্যালয় বিলুপ্তিকৰণ কৰাৰ প্ৰতিবাদত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । চৰকাৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে আছুৱে গৰিহণা দিয়াৰ লগতে এই সিদ্ধান্ত বাতিল কৰি চৰকাৰী মাতৃভাষা মাধ্যমৰ বিদ্যালয় সমূহৰ ভৱিষ্যত সুনিশ্চিত কৰিবলৈ দাবী জনায়…
অৰিন্দম নাট্য বিদ্যালয়ৰ শিক্ষাৰ্থীৰ দৃষ্টিনন্দন নৃত্য – গীত, কবিতা আবৃত্তি, একক অভিনয়েৰে মুখৰিত তেজপুৰ সাহিত্য সভা ভৱন
শতাব্দ ষ্টাফ ৰিপ'টাৰ, তেজপুৰ, ২৫ ছেপ্তেম্বৰ : তেজপুৰৰ অৰিন্দম নাট্য বিদ্যালয়ৰ উদ্যোগত বিগত সময়ত অনুষ্ঠিত হৈ যোৱা "সঁফুৰা বৃত্তি পৰীক্ষা" ৰ মানপত্ৰ আৰু মাননি প্ৰদানৰ তেজপুৰ সাহিত্য সভা ভৱনত কালি বিয়লিৰ পৰা অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত অৰিন্দম নাট্য বিদ্যালয়ৰ শিক্ষাৰ্থী সকলৰ একক অভিনয়, সত্ৰীয়া নৃত্য, সৃজনশীল নৃত্য, বৰগীত পৰিৱেশন আৰু কবিতা আবৃত্তি, গীটাৰ বাদনৰ মনোৰম পৰিৱেশে জীপাল কৰি তোলে। ডেৰ শতাধিক শিক্ষাৰ্থীক মানপত্ৰ আৰু মাননি প্ৰদান কৰা অনুষ্ঠানটি আৰম্ভ হয় শিক্ষাৰ্থী জ্ঞানম মহন্তৰ বৰগীতেৰে ।অৰিন্দম নাট্য বিদ্যালয়ৰ সভাপতি…
মুখ্যমন্ত্ৰীয়ে আধাৰশিলা স্থাপনৰ ৯ মাহেও আৰম্ভ নহ’ল সোৱণশিৰিৰ ঘূনাসুঁতি দলঙৰ নিৰ্মাণ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৫ ছেপ্টেম্বৰঃ ২০২২ চনৰ ১৬ ডিচেম্বৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘূনাসুঁতিলৈ আহি এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি বহু প্ৰতিক্ষিত ঘূনাসুঁতি দলংখনৰ নিৰ্মাণ কাৰ্য ডেৰ মাহৰ ভিতৰত আৰম্ভ হ’ব বুলি ঘোষণা কৰিছিল৷ কিন্তু ডেৰ মাহ বাদেই সম্পূৰ্ণ ৯টা মাহ উকলি যোৱাৰ পিছতো লখিমপুৰ-ঘূনাসুঁতিবাসীৰ সপোনৰ সোৱণশিৰি দলঙৰ কোনো কামেই আৰম্ভ নহ’ল৷ যাক লৈ এতিয়া সমগ্ৰ অঞ্চলটোত মুখ্যমন্ত্ৰীৰ আশ্বাসক মিথ্যাচাৰ আখ্যা দিবলৈ ধৰিছে স্থানীয় ৰাইজে৷ সোৱণশিৰি নদীৰ ওপৰত ঘাগৰ-ঘূনাসুতি ঘাটত এখন পকী দলং হ’ব বুলি ৰাইজে বহু…
তেজপুৰৰ বিশিষ্ট কবি – লেখিকা ৰাজু বৰুৱাৰ “পক দিয়া দোমাহীৰ বুকু” শীৰ্ষক কাব্য গ্ৰন্থ উন্মোচন
কবিতাৰ সংজ্ঞা আৰু মহত্ব বিশ্লেষণ ড০ সতীশ চন্দ্ৰ ভট্টাচাৰ্যৰশতাব্দ ষ্টাফ ৰিপ'টাৰ, তেজপুৰ, ২৪ ছেপ্তেম্বৰ : বহু বছৰ ধৰি প্ৰগতিশীল দৃষ্টিভংগীৰে কাব্য চৰ্চাৰ সমান্তৰাল ভাৱে চিন্তা উদ্ৰেককাৰী বিভিন্ন ৰচনা সম্ভাৰেৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি অহা তেজপুৰৰ বিশিষ্ট কবি, লেখিকা ৰাজু বৰুৱাৰ "পক দিয়া দোমাহীৰ বুকু" শীৰ্ষক এখন কাব্য পুথি আজি আনুষ্ঠানিক ভাৱে উন্মোচন কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক তথা ভাষা - সাহিত্যৰ গৱেষক ড০ হেম জ্যোতি মেধিয়ে। তেজপুৰৰ ঐতিহ্যমণ্ডিত অসমীয়া ক্লাবত বিশিষ্ট পুৰাতত্ববিদ তথা…
বৰ্ণাঢ্য ৰূপত তেজপুৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ
শতাব্দ ষ্টাফ ৰিপ'টাৰ, তেজপুৰ, ২৪ ছেপ্তেম্বৰ : অসমীয়া জাতি নিৰ্মাতা, পুৰোধা, সমাজ বিজ্ঞানী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক আবিৰ্ভাব তিথি অৰ্থাৎ শংকৰ জন্মোৎসৱৰ আজিৰ দিনটোত পুৱাৰ পৰাই তেজপুৰৰ বিভিন্ন নামঘৰ, হৰিমন্দিৰৰ লগতে বিভিন্ন অনুষ্ঠানৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে মুখৰিত হৈ পৰে। তেজপুৰ আঞ্চলিক মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ জন্মোৎসৱ সমিতিৰ উদ্যোগত তেজপুৰ চাৰিআলিৰ মুখ্য কাৰ্যালয়ত পুৱা প্ৰভাত ফেৰী, ঊষা কীৰ্ত্তনৰ পিছত ধৰ্মধ্বজা উত্তোলন কৰে সভাপতি জিতেন বৰঠাকুৰে।ভকত - বৈষ্ণৱ, গায়ন বায়নৰ খোল - তাল আৰু আয়তীৰ মংগল উৰুলিৰ মাজত এই…
২০২৪ৰ অক্টোবৰলৈকে নিষিদ্ধ নহয় আধা লিটাৰ পানীৰ বটল
নিষিদ্ধকৰণৰ সিদ্ধান্তই বিধ্বস্ত কৰিব ৰাজ্যৰ অৰ্থনীতি
সৰ্বস্বান্ত হ’ব ৰাজ্যৰ ২০৯ উদ্যোগীশতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৩ ছেপ্তেম্বৰ : ৰাজ্য চৰকাৰে আধা লিটাৰ পানীৰ বটল নিষিদ্ধ ঘোষণা কৰিলে হাজাৰ হাজাৰ লোকৰ জীৱনলৈ অমানিশা নামি অহাৰ লগতে ৰাজ্যৰ অৰ্থনৈতিক বুনিয়াদৰ ভেটিত এক প্ৰচণ্ড মাধমাৰ পৰিব বুলি সকীয়াই দি এই সিদ্ধান্ত পুনৰ বিবেচনাৰ বাবে চৰকাৰক আহ্বান জনাইছে নৰ্থ ইষ্ট পেকেজড্ ড্ৰিংকিং ৱাটাৰ মেনুফেকচাৰাৰ্ছ এছ’চিয়েছন আৰু কনফেডাৰেচন অব অল ইণ্ডিয়া ট্ৰেডাৰ্ছ (কেইট) নামৰ সংগঠন দুটাই ৷ আজি তিনিচুকীয়া প্ৰেছ ক্লাবত…
