দৰংমহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সাহিত্য চ’ৰাৰ উদ্যোগত বিশেষ বক্তৃতা সম্পন্ন

"আধুনিক অসমীয়া কবিতা" শীৰ্ষক বিষয়ত বক্তৃতা

0 31

শতাব্দ ষ্টাফ ৰিপ’টাৰ, তেজপুৰ, ৫ অক্টোবৰ : উত্তৰ পাৰৰ অন্যতম উচ্চ শিক্ষাৰ অনুষ্ঠান দৰং মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সাহিত্য চ’ৰাৰ উদ্যোগত কালি এক গাম্ভীৰ্যপূৰ্ণ বক্তৃতানুষ্ঠান সম্পন্ন হয় । বিভাগটোৰ ছাত্রী স্বাগতা কৌশিকে আঁত ধৰা অনুষ্ঠানটিত দৰং মহাবিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি ডঃ খগেশ্বৰ বৰকাকতিয়ে বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰে ।বক্তৃতানুষ্ঠানৰ আৰম্ভণিতে ছাত্ৰী বৰষা ৰাণী হাজৰিকাৰ সম্পাদনাত প্ৰস্তুত কৰি উলিওৱা বিভাগৰ হাতেলিখা আলোচনী “শব্দশিল্প” উন্মোচন কৰে দৰং মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ পলাশ মণি শইকীয়াই। উন্মোচনী ভাষণত অধ্যক্ষ ডঃ শইকীয়াই অসমীয়া বিভাগৰ এনে প্ৰচেষ্টাৰ শলাগ লৈ ভাৰত বৰ্ষত স্বাধীনতাৰ আগৰে পৰা বৰ্তমানেও এখন হাতেলিখা বাতৰি কাকত প্ৰচলন হৈ থকাৰ কথা ছাত্র – ছাত্রী সকলৰ আগত সদৰী কৰে।মহাবিদ্যালয়ৰ শৈক্ষিক উপাধ্যক্ষ অধ্যাপক পূৰ্ণানন্দ পাৱেই আমন্ত্ৰিত অতিথিৰ ভাষণত অসমীয়া বিভাগৰ এনে প্ৰশংসনীয় পদক্ষেপৰ শলাগ লয় আৰু এই ধাৰাবাহিকতা অক্ষুন্ন ৰাখিবলৈ আহ্বান জনায়।দৰং কলেজৰ ছাত্র একতা সভাৰ সাংস্কৃতিক সম্পাদক তথা বিভাগৰ ছাত্র দেৱজিৎ ডেকাৰ বাঁহী বাদনে সকলোকে মন্ত্ৰমুগ্ধ কৰা অনুষ্ঠানত “আধুনিক অসমীয়া কবিতা” শীৰ্ষক বিষয়ত দৰং কলেজৰ অসমীয়া বিভাগৰ অৱসৰ প্ৰাপ্ত মুৰব্বী অধ্যাপক ;বিশিষ্ট চিন্তাবিদ; সাহিত্য সমালোক ;সুবক্তা পূৰ্ণেশ্বৰ নাথে তেখেতৰ স্বভাৱ সুলভ ভংগীমাৰে তত্বগধূৰ ৰসাল ভাষণেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰি ৰাখে। অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ৰঞ্জন কুমাৰ পাঠক; অধ্যাপক খনীন্দ্ৰ কুমাৰ কলিতা ; ডঃ গকুল কুমাৰ দাস; ডঃ প্ৰতুল ডেকা; অধ্যাপিকা ববী কলিতা আৰু ৰুদ্ৰাক্ষী শইকীয়াকে প্ৰমুখ্য কৰি শতাধিক ছাত্র ছাত্রী উপস্থিত থকা উক্ত অনুষ্ঠানত স্বাগতা কৌশিকে সকলোৰে শলাগ লৈ অনুষ্ঠানৰ সামৰণী মাৰে।

মন্তব্য দিয়ক

Your email address will not be published.