Browsing Category

অসম

শংকৰ সংঘৰ ৯৬ সংখ্যক বাৰ্ষিক অধিৱেশনৰ প্ৰচাৰ আৰু যোগাযোগ উপ সমিতিৰ সভা

শতাব্দ,লখিমপুৰ, ৫ জুলাইঃ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৬ সংখ্যক বাৰ্ষিক অধিৱেশন এইবাৰ লখিমপুৰত অনুষ্ঠিত হ'ব । ২০২৭ চনৰ ৫ৰ পৰা ৭ ফেব্ৰুৱাৰীলৈ উত্তৰ লখিমপুৰ নগৰৰ সমীপৰ নপাম বড়ীমূৰী পথাৰৰ বঢ়াৰ পো মাধৱদেৱ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব লগা অধিৱেশন উপলক্ষে আদৰণী সমিতিয়ে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে। ইতিমধ্যে গঠিত ৩৬ খন উপসমিতিয়ে নিজ নিজ কৰ্মসূচী যুগুতাই উলিয়াইছে। আজি প্ৰচাৰ আৰু জনসংযোগ উপ সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভা জিলা সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত হয়। বিয়লি ২ বজাৰ পৰা অনুষ্ঠিত সভাখন পৌৰোহিত্য কৰে উপসমিতিখনৰ সভাপতি কৰুণা কৃষ্ণ নাথে।…

“বিয়লি”ৰ নাম ব্যৱহাৰ কৰি ব্যৱসায় কৰাত ক্ষুব্ধ তীৰ্থেশ্বৰ হাজৰিকা মেম’ৰিয়েল ট্ৰাষ্ট

 শতাব্দ, উত্তৰ লখিমপুৰ, ৩১ মেঃ উত্তৰ লখিমপুৰৰ এক পুৰণি দাতব্য প্ৰতিষ্ঠান তীৰ্থেশ্বৰ হাজৰিকা মেম'ৰিয়েল ট্ৰাষ্টৰ অধীনত বয়োজ্যেষ্ঠ সেৱালয়-"বিয়লি"। মূলতঃ জিলাখনৰ দুখীয়া-আৰ্তজনক ফিজিঅ'থেৰাপিকে ধৰি বিভিন্ন ৰোগৰ পৰিচৰ্যাৰ ক্ষেত্ৰত অলাভজনক সেৱা আগবঢ়াই অহা "বিয়লি" আছিল প্ৰাক্তন সাংসদ ঈশ্বৰ প্ৰসন্ন হাজৰিকাৰ মানস পুত্ৰস্বৰূপ। ২০১১ চনত প্ৰসিদ্ধ সাহিত্যিক হোমেন বৰগোহাঞিয়ে মুকলি কৰা "বিয়লি"য়ে বিগত বছৰসমূহত ৰূপায়ণ কৰি আহিছে বহু চিকিৎসা-সেৱা সম্পৰ্কীয় শিবিৰ অথবা কাৰ্যসূচী।শেহতীয়াকৈ বিয়লি সেৱালয়ৰ নিচেই কাষতে একেই নামেৰে দুখন…

৫ ফেব্ৰুৱাৰীত লখিমপুৰত কমান অপৃন কৌবাঙৰ প্ৰতিষ্ঠা দিৱস

শতাব্দ, লখিমপুৰ,  ১ ফেব্ৰুৱাৰীঃ মিচিং জনগোষ্ঠীৰ কমান বংশীয় সকলৰ অনুষ্ঠান সদৌ কমান অপৃন কৌবাঙে প্রতিষ্ঠা কালৰে পৰা কমান সকলৰ সামগ্রিক উন্নতিৰ প্ৰতি লক্ষ্য ৰাখি ঐক্যবন্ধ হৈ কাম কৰি আহিছে। কৌবাঙে ইতিমধ্যে কমান বংশাৱলী গ্রন্থ আকাৰে প্ৰকাশ কৰাৰ লগতে সদৌ কমান অপৃন কৌবাঙৰ স্থায়ী কার্যালয় গৃহ নিৰ্মাণৰো কাম কাজ চলাই আছে। কৌবাঙৰ চতুৰ্দশ প্রতিষ্ঠা দিৱসটি এইবাৰ উত্তৰ লখিমপুৰৰ শান্তিপুৰ মিচিং গাঁৱত (চাবতি) উলহ মালহেৰে অহা ৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি চলাই আছে। সেইদিনা পুৱা ৭ বজাত সামূহিক চাফাই, ৮ বজাত গছপুলি ৰোপণ, ৯ বজাত পতাকা…

লখিমপুৰত বৰ্ণাঢ্য ৰূপত গণৰাজ্য দিৱস পালন

শতাব্দ, লখিমপুৰ,  ২৭ জানুৱাৰীঃ  সমগ্ৰ   দেশৰ  লগতে লখিমপুৰ  জিলাতো  বৰ্ণাঢ্য  কাৰ্যসূচীৰে  দেশৰ  ৭৭  সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয় ।  জিলা প্ৰশাসনৰ  উদ্যোগত  উত্তৰ লখিমপুৰ  চৰকাৰী  উচ্চতৰ  মাধ্যমিক  বিদ্যালয়  খেল পথাৰত  আয়োজিত  গণৰাজ্য  দিৱসৰ  কাৰ্যসূচীত  ৰাষ্ট্ৰীয়  পতাকা  আনুষ্ঠানিক  ভাৱে উত্তোলন  কৰে শক্তি  বিভাগৰ  কেবিনেট  মন্ত্ৰী  প্ৰশান্ত  ফুকনে  । বালিকা  উচ্চতৰ  মাধ্যমিক  বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ৰাষ্ট্ৰীয়  সংগীত  পৰিৱেশনৰ  পিছতে  আৰক্ষী  অৰ্ধসামৰিক  বাহিনী, এন, চি,চি, স্কাউট, গাইড, বিভিন্ন  শিক্ষানুষ্ঠানৰ …

যোৰহাটৰ অ’এন জিচিৰ চৌহদত গণৰাজ্য দিৱস উদযাপন

যোৰহাট, ২৬ জানুৱাৰীঃ দেশৰ ভিন্ন প্ৰান্তৰৰ লগতে বিগত বছৰৰ দৰে এইবাৰো যোৰহাট অ' এন জি চিৰ চিনামৰাস্থিত কাৰ্যালয়ৰ চৌহদত উলহ- মালহেৰে ৭৭তম গণৰাজ্য দিৱস উদযাপন কৰা হয়৷ যোৰহাট পৰিসম্পত্তি প্ৰৱন্ধক অজয় কাঞ্চালৰ উপস্থিতিত অসম আৰু অসম আৰাকান বেচিনৰ কাৰ্য্যকৰী সঞ্চালক , বেচিন প্ৰৱন্ধক তৰুণ কুমাৰ মাঠুৰীয়াই জাতীয় পতাকা উত্তোলন কৰে৷ ছাত্ৰ-ছাত্ৰী, হ’মগাৰ্ড, চি আই এছ এফ আৰু এ পি বি এনৰ সুন্দৰ মাৰ্চপাষ্টৰ লগতে গাৰ্ড অৱ অনাৰ আৰু শুভেচ্ছামূলক বক্তব্যৰ পাছতে কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দেশপ্ৰেমমূলক সমবেত সংগীতেৰে অনুষ্ঠান আৰম্ভ হয়৷…

১৮ জানুৱাৰীৰ পৰা ৰঙানদী সাংস্কৃতিক উৎসৱ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ,১৪ ডিচেম্বৰঃ লখিমপুৰৰ বুকুৰে বোৱা ৰঙানদীৰ ঐতিহ্য আৰু সাংস্কৃতিক চেতনাক ধৰি ৰখাৰ উদেশ্য়ৰে প্ৰস্তুতি চলিছে 'ৰঙানদী সাংস্কৃতিক উৎসৱ- ২০২৬'ৰ। ২০২৬ চনৰ ১৮ জানুৱাৰীৰ পৰা ২২ জানুৱাৰীলৈকে ৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে লখিমপুৰৰ পানীগাঁৱৰ সমীপৰ খাৰকাটি ফটাসুঁতি ঘাটৰ পকী দলঙৰ সমীপত অনুষ্ঠিত হ'ব 'ৰঙানদী সাংস্কৃতিক উৎসৱ- ২০২৬'। আজি তাৰেই প্ৰস্তুতিৰ শুভাৰম্ভণি অনুষ্ঠান ফটাসুঁতি দলঙৰ সমীপত অনুষ্ঠিত হৈ যায়। নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ডঃ স্বপ্নালী চেতিয়া গগৈয়ে উদ্বোধন কৰা অনুষ্ঠানটোত উপস্থিত থাকি নৰ্থ…

সোৱণশিৰিৰ পাৰত নদীবান্ধকেন্দ্ৰীক উপন্যাস “নৈ নিনাদ” উন্মোচন

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২ নৱেম্বৰঃ প্ৰান্তীয় জীৱন যাত্ৰাৰ উপন্যাসে আজিকালি সমাদৰ লাভ কৰে। "নৈ নিনাদ"ও তেনে এখন উপন্যাস। সোৱণশিৰিৰ পাৰৰ যি জনজীৱন, সেই জীৱনক লৈ উপন্যাসখন লিখিছে।অসমীয়া উপন্যাসত ক্ৰাফটিং খুব কম।কিন্তু ঔপন্যাসিক শিখাজ্যোতিয়ে "নৈ নিনাদ"ৰ সম্পাদনা আৰু ক্ৰাফটিং খুব ভালধৰণেৰে কৰিলে। নতুন লেখিকা হলেও ঔপন্যাসিক শিখাজ্যোতি কোঁৱৰে এই নতুন উপন্যাসত নদীবান্ধ আন্দোলনৰ সমান্তৰালভাবে এজন সাংবাদিকৰ জীৱন যাত্ৰা আৰু মফচলীয়া সাংবাদিকৰ জীৱন সংগ্ৰাম প্ৰতিফলিত কৰিবলৈ সক্ষম হৈছে। --এই ভাষ্য বিশিষ্ট ঔপন্যাসিক জুৰী বৰা বৰগোহাঞিৰ।…

উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ত “তৈলবীজ অভিযানৰ সৈতে সংযুক্ত বৈজ্ঞানিক মৌপালন” শীৰ্ষক  ৰাজ্যিক পৰ্যায়ৰ আলোচনা সত্ৰ অনুষ্ঠিত

শতাব্দ, উত্তৰ লখিমপুৰ, ১৭ অক্টোবৰঃ উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ উদ্যোগত তথা ৰাষ্ট্ৰীয় ক্ষুদ্ৰ,ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ প্ৰতিষ্ঠান (NI-MSME)ৰ সহযোগত আৰু ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় মৌমাখি ব’ৰ্ড(NBHM) ৰ অৰ্থ সাহায্যত “তৈলবীজ অভিযানৰ সৈতে সংহত বৈজ্ঞানিক মৌপালন” শীৰ্ষক দুদিনীয়া ৰাজ্যিক পৰ্যায়ৰ আলোচনা সত্ৰ ৮ আৰু ৯ অক্টোবৰত সম্পন্ন হয়। উদ্বোধনী অধিৱেশনৰ আৰম্ভণিতে উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ ড০ অমিয়া ৰাজবংশীৰ দ্বাৰা বন্তি প্ৰজ্বলন কৰা হয়। ইয়াৰ পিছতে আদৰণি…

লখিমপুৰত ৬,৭ আৰু ৮ ছেপ্টেম্বৰত ৰাজ্যিক ভিত্তিত শ্ৰীশ্ৰীৰোমহৰ্ষণ সূতৰ আবিৰ্ভাব মহোৎসৱঃ প্ৰস্তুতি তুংগত

উপস্থিত থাকিব ৰাজ্যৰ বহু বিশিষ্ট ব্যক্তি-চলচিত্ৰ অভিনেতা-কণ্ঠশিল্পী "নৈমিষাৰণ্য" সৃষ্টিৰে পাঠ-ব্যাখা চলিব শ্রীমদ্ভাগৱত শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১ ছেপ্টেম্বৰঃ শ্রীমদ্ভাগৱতৰ আদি প্রবক্তা মহামুণি শ্রী শ্রী ৰোমহর্ষণ সূত দেৱৰ আবিৰ্ভাৱ ভাদ্ৰী পূৰ্ণিমাত হৈছিল। সেইসূত্ৰে এইবাৰ আবিৰ্ভাৱ মহোৎসৱ ৰাজ্যিক ভিত্তিত অহা ভাদ মাহৰ ২০,২১ আৰু ২২ তাৰিখে (৬,৭ আৰু ৮ ছেপ্টেম্বৰ,২০২৫) সদৌ অসম সূত সন্মিলনৰ উদ্যোগত,লখিমপুৰ জিলা সূত সন্মিলনৰ সহযোগত আৰু ধূনাবাৰী-উৰিয়ামপৰা আঞ্চলিক সূত সন্মিলনৰ আতিথ্যত অনুষ্ঠিত হ'ব। সদৌ অসম ভিত্তিত লখিমপুৰ জিলাৰ…

লখিমপুৰৰ বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনাঃ আহত ৫ স্কুলীয়া ছাত্ৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৯ আগষ্টঃ লখিমপুৰৰ বাইপাছত আজি পুৱা প্ৰায় ৮. ৪০ বজাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। প্ৰাপ্ত তথ্য মতে লখিমপুৰৰ চেইণ্ট মেৰিজ স্কুলৰ ৫ জন দশমমান ছাত্ৰই এখন হোণ্ডাই এমেজ বাহনেৰে গৈ থকা সময়ত বাইপাছত ৰখাই থোৱা এখন ট্ৰাকত খুন্দা মৰাৰ ফলত কিশোৰ ছাত্ৰ কেইজন আঘাত প্ৰাপ্ত হয়। লখিমপুৰৰ চিয়াজুলি এলেকাৰ প্ৰতাপগড় গাঁৱৰ অংকিত শইকীয়াই বাহনখনৰ চলাই গৈছিল বুলি প্ৰত্যক্ষদৰ্শীয়ে জনাইছে। ছাত্রজনৰ লগত আন চাৰিজন সহপাঠী বন্ধুও আছিল। আহত ছাত্ৰকেইজন হৈছে অংকিত শইকীয়া, ভাৰ্গবজ্যোতি কোঁৱৰ, চন্দন ডেকা, সৌৰভ দাস, জ্যোতিৰ্ময়…