শতাব্দ,লখিমপুৰ, ৫ জুলাইঃ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৬ সংখ্যক বাৰ্ষিক অধিৱেশন এইবাৰ লখিমপুৰত অনুষ্ঠিত হ’ব । ২০২৭ চনৰ ৫ৰ পৰা ৭ ফেব্ৰুৱাৰীলৈ উত্তৰ লখিমপুৰ নগৰৰ সমীপৰ নপাম বড়ীমূৰী পথাৰৰ বঢ়াৰ পো মাধৱদেৱ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ’ব লগা অধিৱেশন উপলক্ষে আদৰণী সমিতিয়ে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে। ইতিমধ্যে গঠিত ৩৬ খন উপসমিতিয়ে নিজ নিজ কৰ্মসূচী যুগুতাই উলিয়াইছে। আজি প্ৰচাৰ আৰু জনসংযোগ উপ সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভা জিলা সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত হয়। বিয়লি ২ বজাৰ পৰা অনুষ্ঠিত সভাখন পৌৰোহিত্য কৰে উপসমিতিখনৰ সভাপতি কৰুণা কৃষ্ণ নাথে। উপসমিতিখনৰ সম্পাদক পংকজ হাজৰিকাই প্ৰচাৰ আৰু জনসংযোগ কেনেদৰে আগবঢ়াই নিব পাৰি সেইসন্দৰ্ভত সকলোৰে পৰামৰ্শ গ্ৰহণৰ বাবে সভাখন অনুষ্ঠিত কৰা বুলি অৱগত কৰে।সভাত আদৰণী সমিতিৰ মুখ্য সম্পাদক ডাঃ নৱকৃষ্ণ ৰাজখোৱাই শংকৰ সংঘৰ নীতি আদৰ্শ সৰোগত কৰি লখিমপুৰৰ আগন্তুক অধিৱেশনখনি সাফল্যমণ্ডিত কৰি তোলাৰ ক্ষেত্ৰত প্ৰচাৰ আৰু জনসংযোগ উপসমিতিৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে বুলি মত বুলি কৰে।এইক্ষেত্ৰত ৰাজ্যৰ বাহিৰৰ পৰা আহিব লগা সংবাদ কৰ্মীৰ সামগ্ৰিক ব্যৱস্থাপনা, অধিৱেশনৰ বা বাতৰি সঠিকভাবে জনগণৰ সন্মুখলৈ লৈ যোৱাত উপ সমিতিখনে অহোপুৰুষাৰ্থ চেষ্টা কৰিব লাগিব বুলি কয়।আদৰণী সমিতিৰ সভাপতি চক্ৰধৰ সোণোৱালে লখিমপুৰ অধিৱেশন লখিমপুৰবাসীৰ সন্মান আৰু আতিথেয়তা-দুয়োটা প্ৰদৰ্শনৰ ক্ষেত্ৰত প্ৰতিজন লখিমপুৰীয়া সচেষ্ট হ’ব লাগিব আৰু সংবাদ মাধ্যমে এই ভূমিকা দায়ৱদ্ধতাৰে পালন কৰিব লাগিব বুলি কয়।এইক্ষেত্ৰত প্ৰচাৰ আৰু যোগাযোগ উপসমিতিয়ে প্ৰতিনিয়ত আদৰণী সমিতিৰ লগত সংযোগ ৰাখিলেহে ৰাইজে সঠিক খবৰ লাভ কৰিব বুলি মন্তব্য কৰাৰ লগতে প্ৰচাৰ উপসমিতিখনক সহযোগ কৰি যাব বুলি মন্তব্য কৰে। সভাখনত বিশেষ ভাবে আলোচনা হয়– সমগ্ৰ অসমজুৰি কৰিব লগা প্ৰচাৰ সন্দৰ্ভত। সমিতিখনৰ উপদেষ্টা কুমুদ বৰুৱা, আদৰণী সমিতিৰ সভাপতি চক্ৰধৰ সোনোৱাল, মুখ্য় সম্পাদক ডাঃ নৱকৃষ্ণ ৰাজখোৱা, জিলা সভাপতি প্ৰফুল্ল কোঁৱৰ, জিলা প্ৰচাৰ সম্পাদক ইন্দ্ৰজ্যোতি টায়েগাম, জিলা উপদেষ্টা ঘন দত্ত উপস্থিত থাকি বিভিন্ন পৰামৰ্শ প্ৰদান কৰে। প্ৰচাৰ উপ সমিতিৰ সদস্য তথা জ্যেষ্ঠ সাংবাদিক শৈলেন বৰুৱা, দ্বীপেন বৰা, মজিন সোনোৱাল আদিৰ লগতে প্ৰচাৰ উপ সমিতিৰ অন্যান্য সদস্য সকলেও মূল্যবান পৰামৰ্শ আগবঢ়াই সভাত। সভাৰ আলোচনা মৰ্মে প্ৰাথমিক পৰ্যায়ত নাৰায়ণপুৰৰ পৰা গোগামুখলৈকে বহু কেইখন ঠাইত পথৰ কাষত ডাঙৰ বেনাৰেৰে প্ৰচাৰ অভিযান আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। পৰ্যায়ক্ৰমে আন আন ধৰণেৰে প্ৰচাৰ আৰু জনসংযোগ ব্যবস্থাটো তড়ান্বিত কৰাৰ পৰামৰ্শ আগবঢ়াই সভাই। তদুপৰি অধিৱেশনৰ এসপ্তাহ বা পোন্ধৰ দিনৰ আগৰে পৰা অধিৱেশনৰ বিতং খবৰসহ এখন ডিজিটেল বুলেটিন প্ৰচাৰ/সম্প্ৰচাৰ কৰাৰো আলোচনা হয়। এইক্ষে়ত্ৰত জ্যেষ্ঠ সাংবাদিক শৈলেন বৰুৱাক দায়িত্ব লবলৈ আদৰণী সমিতিৰ মুখ্য সম্পাদক ৰাজখোৱাই আহ্বান জনায়। সভাত জিলা সমিতিৰ ভালেসংখ্যক বিষয় ববীয়াৰ লগতে লখিমপুৰৰ সাংবাদিকসকলে অংশগ্ৰহণ কৰি বিভিন্ন পৰামৰ্শ আগবঢ়ায়।
