শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২২ ছেপ্টেম্বৰঃ লখিমপুৰত নদীবান্ধ আন্দোলন চলি থকাৰ সময়তে বিশেষজ্ঞই সকীয়াই দিছিল যে সোৱণশিৰি নদীবান্ধ সম্পূৰ্ণ হলে নদীখনৰ নামনিত জৈৱ বৈচিত্ৰৰ লগতে ভৌগোলিকভাবে বহু কুপ্ৰভাৱ পৰিব। সেই সকীয়নিক সঁচা প্ৰমাণ কৰি জিলাখনৰ মানচিত্ৰৰ পৰা হেৰাই গল ৮ খনকৈ ৰাজহ গাঁও। হেৰাই যোৱা মানে গাঁওকেইখন চিৰকাললৈ নিঃশ্চিহ্ন হৈ গল। জিলা সদৰৰ পৰা ১০-১২ কিলোমিটাৰ দূৰৈত থকা বানপীড়িত গৰাখহনীয়াত আক্রান্ত অঞ্চল নামনি ঘূনাসুঁতি অঞ্চল। স্বাধীনতাৰ সোৱাদ নোপোৱা শোষিত, নিস্পেষিত বঞ্চিত, অৱহেলিত একৈশ শতিকাৰ সভ্যতাৰ পোহৰ নপৰা খিলঞ্জীয়া জাতি জনগোষ্ঠীয়ে বসবাস কৰা এই অঞ্চলটো প্ৰাকৃতিক বানে ক্ষতিগ্ৰস্ত কৰি অহাৰ সমান্তৰালভাবে শেহতীয়াকৈ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প সৃষ্ট বানে এতিয়ালৈকে ৮খন ৰাজহ গাঁও জিলাখনৰ মানচিত্ৰৰ পৰা নোহোৱা কৰি পেলালে। থলুৱা অসমীয়াৰ জীৱন জীৱিকা সুৰক্ষিত কৰাৰ ক্ষেত্ৰত চৰকাৰ ব্যৰ্থ হোৱাত আজি অঞ্চলটোৰ ৰাইজে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে। এন এইচ পি চিৰ অদূৰদৰ্শিতাত লখিমপুৰৰ মানচিত্ৰৰ পৰা চিৰকাললৈ সোৱণশিৰিৰ বুকত জাহ গল বালিভেটা মিচিং গাঁও,বালিভেটা কলিতা গাঁও, বালিভেটা চুতীয়া গাঁও, মাধৱপুৰ,কলিয়নী, গোদাবৰী টুপ, বামুণীজান আৰু ৰৌমাৰী গাঁও। এই আধুনালুপ্ত গাওঁকেইখনৰ গঞাৰ লগতে উজানতলি টেঙাজান, ২ নং নাহৰণী, ১ নং নাহৰণী, ১ নং নাহৰণী মিছিং গাঁও, উৰিয়াম তলা, মাহৰা বৰচাপৰি, বান্দৰকটা কৃষ্ণপুৰ আদি কৰি সৰু বৰ ১৫-১৬ খন গাঁৱৰ হাজাৰ হাজাৰ মানুহে আজি সমস্বৰে চৰকাৰ আৰু এন এইচ পিচি বিৰোধী শ্ল’গানেৰে বালিভেটাৰ সোৱণশিৰিৰ পাৰ মুখৰিত কৰি তোলে। উল্লেখ্য প্রায় ৩০ বছৰে হৈ থকা সোৱণশিৰি নদীৰ গৰাখহনীয়াই শ শ মানুহৰ বাসভূমি কৃষি ভূমি, চৰকাৰী বেচৰকাৰী অনুষ্ঠান, প্রতিষ্ঠান উটুৱাই লৈ যোৱাৰ লগতে ৰাজহ গাঁও জিলাখনৰ মানচিত্ৰৰ পৰা নোহোৱা হোৱাৰ পিছতো চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। তদুপৰি প্ৰতিবছৰে হৈ থকা বানপানীয়ে পথ উটুৱাই নিয়াৰ ফলত যোগাযোগৰ সু-ব্যৱস্থা নোহোৱাত ৰাইজে এশ এবুৰি সমস্যাৰ মাজেৰে দিনবোৰ পাৰ কৰি আহিছে। এই সম্পর্কত সংশ্লিষ্ট কর্তৃপক্ষক বাৰম্বাৰ অনুৰোধ জনোৱাৰ পাছতো আজিকোপতি চৰকাৰে কোনো বাস্তৱ সন্মত কাৰ্যপন্থা গ্রহণ কৰা দেখা নগ’ল। নদীৰ এটা পাৰে নদী বান্ধ (মথাউৰি) দি ৰাইজক সুৰক্ষা দিয়ে আনটো পাৰ মুক্ত অৱস্থাত ৰাখি ৰাইজক চৰম প্ৰতাৰণা কৰাৰ পিছত ৰাইজে আন্দোলনৰ পথ লবলৈ বাধ্য হয়। নামনি সোৱণশিৰি জনবিদ্যুৎ প্রকল্প কার্যক্ষম হোৱাৰ আগতে নদীৰ দুয়োপাৰে ২ টা শক্তিশালী বান্ধ (মথাউৰি) দিয়াৰ প্ৰতিশ্ৰুতি আছিল কিন্তু সেই বান্ধ আজিও নহ’ল। সোৱণশিৰি নদীৰ নামনি অংশৰ জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ প্ৰতি কোনো দিন চিন্তা নকৰা NHPC কৰ্তৃপক্ষই এই অঞ্চলৰ ৰাইজক মৃত্যুৰ উপত্যকালৈ থেলি দিয়াৰ অভিযোগ উঠিছে। আজি প্ৰখৰ ৰদকো নেওচি প্ৰতিবাদ সাব্যস্ত কৰা ৰাইজে সোৱণশিৰিৰ পাৰতে এখন বিশাল প্ৰতিবাদী সভা অনুষ্ঠিত কৰে।দিলীপ পেগুৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত গণেশ ফুকনে চৰকাৰ আৰু এন এই পি চিক কঠোৰ সমালোচনা কৰি কয় যে নামনি ঘূনাসুঁতিবাসীক চৰকাৰে মানুহ বুলি জ্ঞান কৰা নাই। সেয়ে অঞ্চলবাসীয়ে আন্দোলন তীব্ৰতৰ কৰি হলেও ন্যায্য় প্ৰাপ্য আঁজুৰি আনিবলৈ বাধ্য হব। সভাত মুখেশ্বৰ চুতীয়াই অভিযোগ কৰি কয় যে চৰকাৰে আমাৰ বুকুৰ ওপৰত এটম বোমা এটা ৰাখি ৰং চাইছে। সময় থাকোতেই চৰকাৰে ৰাইজৰ সুৰক্ষা ব্যৱস্থা নকৰিলে ৰাইজে আত্মজাহ দিবলৈও কুণ্ঠাবোধ নকৰিব। প্ৰতিবাদী সভাত প্ৰণৱ চেতিয়াই ৰজনীকান্ত বৰদলৈৰ মিৰিজীয়ৰীখ্যাত ঘূনাসুঁতি কালৰ বুকুত হেৰাই যাব বুলি আশংকা ব্যক্ত কৰাৰ লগতে প্ৰাপ্যৰ পৰা বঞ্চিত হৈ হৈ আমি এদিন বিবেকবিহীন হৈ পৰিম বুলি মন্তব্য কৰে। লখিমপুৰ সদৰৰ পৰা মাত্ৰ ১০-১২ কিলোমিটাৰ দূৰত্বৰ নামনি ঘূনাসুঁতিবাসীয়ে এই দূৰত্ব অতিক্ৰম কৰিবলৈ আজিৰ দিনতো ২-৩ ঘণ্টা খৰচ কৰিব লগা হোৱাটোৱেই প্ৰমাণ কৰে– এইখন চৰকাৰৰ উন্নয়নৰ মুখাখন আচলতে কিমান কুৎচিত। সভাত টি এম পি কেৰ জিলা সম্পাদক বসন্ত টাইডে অঞ্চলটোত কামৰ আৱণ্টন লাভ কৰি কাম নকৰা ঠিকাদাৰ হাইদৰ আলি আৰু বিনোদ পেগুক ব্লেক লিষ্টেড কৰিব লগে বুলি সজোৰে দাবী উত্থাপন কৰে। তেঁও অঞ্চলবাসীক ভূমিৰ অধিকাৰ প্ৰদান কৰিবলৈও দাবী জনায়। সভাত নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ সভাপতি কুমুদ বৰুৱা আৰু সম্পাদক কৰুণা কৃষ্ণ নাথেও ভাষণ প্ৰদান কৰে। আচলতে কি হৈ আছে শেহতীয়াভাৱে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পই (NHPC) অঞ্চলটোৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে যথাক্রমে কলিয়নী, নাহৰণী আৰু বালিভেটা গাঁৱত তিনি খন আঁচনি গ্রহণ কৰি কাম কাজ আৰম্ভ কৰিছিল। কিন্তু ২ বছৰ অতিক্রম কৰাৰ পাছতো আঁচনি কেইখনৰ ৩০ শতাংশ কাম সম্পূৰ্ণ কৰিব নোৱাৰিলে। যাৰ ফলত জিঅ বেগ, কাৰ্পেট, ফেন্সিং আদি অঞ্চলটোৰ সিঁচৰতি হৈ পৰি আছে।
মথাউৰিৰৰ নামত ঠায়ে ঠায়ে মাটিৰ ঢিপ কেইটামান তুলি সমস্ত ধন ঠিকাদাৰে হজম কৰিলে বুলি অভিযোগ আছে। এই সম্পৰ্কত অসমৰ মুখ্যমন্ত্রী আৰু নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাৰ্যবাহী সঞ্চালকক নামনি ঘূনাসুঁতি সোৱণশিৰি বান গড়াখহনীয়া সুৰক্ষা সমিতিয়ে স্মাৰক পত্ৰ প্ৰদান কৰিছিল। কিন্তু চৰকাৰে ৰাইজৰ আবেদন-নিবেদনৰ প্ৰতি কোনো কাণসাৰ দিয়া নাই। ৰাইজৰ দাবী নামনি ঘৃনাসুঁতিবাসী বঞ্চিত, ক্ষোভিত আৰু অৱহেলিত জনসাধাৰণে চৰকাৰৰ ওচৰত এইকেইটা দাবী উত্থাপন কৰিছে ১) নির্মীয়মান ঘূনাসুঁতি দলঙৰ পৰা বান্দৰ কটা কৃষ্ণপুৰ গাঁৱলৈ ৫ মিটাৰ উচ্চতাৰ জিঅ’ বেগসহ মথাউৰি নির্মাণ, ২) আধৰুৱা খহনীয়া প্রতিৰোধ আঁচনিৰ কাম সম্পূৰ্ণ কৰা ৩) অঞ্চলৰ সকলো গাঁৱলৈ যাতায়াতৰ সু-ব্যৱস্থা গঢ়ি তোলা। অচিৰে এই সমস্যা সমাধান নকৰিলে ৰাইজে দিছপুৰৰ মচনদ পৰ্যন্ত কঁপাই তুলিব বুলি অজি হুংকাৰ দিয়ে।
পূৰ্বৱৰ্তী লেখা
