লখিমপুৰত সাংবাদিক সুৰজিৎ ভূঞা স্মাৰক বক্তৃতানষ্ঠান সম্পন্ন
শতাব্দ, উত্তৰ লখিমপুৰ, ৫ ছেপ্টেম্বৰঃ নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি প্ৰয়াত সুৰজিৎ ভূঞাৰ স্মৃতিত আজি ক্লাবত এক স্মাৰক বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়।বক্তৃতানুষ্ঠানত “সংস্থাপনৰ সুযোগ-স্বাস্থ্যবিধি আৰু জেনেৰিক ঔষধ” শীৰ্ষক মূল বক্তৃতা প্ৰদান কৰে ‘অসম আদিত্য’ কাকতৰ মুখ্য সম্পাদক তথা বিশিষ্ট চিকিৎসক ডাঃ নিৰ্মল চাহেৱালাই। ভাষণত তেওঁ সংস্থাপনৰ সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীক উদেশ্যি কয়-ভয় জয় কৰিবই লাগিব। ভয় জয় নকৰিলে শিক্ষাৰ্থীয়ে ইপ্সিত লক্ষ্যত উপনীত হব নোৱাৰিব। কষ্ট কৰিব লাগিব আৰু সদায় ডাঙৰ সপোন দেখিব লাগিব। তেতিয়াহ জীৱনত উন্নতি হব। আনহাতে স্বাস্থ্যবিধি সন্দৰ্ভত ডাঃ চাহেৱালাই কয়-আমি প্ৰকৃতিৰ পৰা আঁতৰি আহিলো। আমাৰ বেমাৰৰ মূল কাৰণটোৱেই সেইটো। খাদ্যভ্যাস ঠিকে ৰাখিব লাগিব, খোজ কাঢ়িব লাগিব। চৰকাৰে ডাঙৰ ডাঙৰ হাস্পতাল বনাইছে, কিন্তু স্কুলত স্বাস্থ্য শিক্ষা আছেনে বুলিও তেঁও প্ৰশ্ন উত্থাপন কৰে। প্ৰেছ ক্লাবৰ সম্পাদক কৰুণা কৃষ্ণ নাথে আদৰণি ভাষণেৰে আৰম্ভ হোৱা অনুষ্ঠানটি সঞ্চালনা কৰে ক্লাবৰ সভাপতি কুমুদ বৰুৱাই। সুৰজিৎ ভূঞাৰ প্ৰতিছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে ভূঞাৰ পত্নী নমিতা বৰুৱা ভূঞাই। আনহাতে সুৰজিৎ ভূূঞাৰ জীৱন আৰু কৰ্ম সন্দৰ্ভত আলোকপাত কৰে আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চিত্ৰশিল্পী পৰেশ ভূ়ঞাই। বক্তৃতানুষ্ঠানৰ পিছতে লখিমপুৰৰ বহুকেইজন গণ্য মান্য ব্যক্তিয়ে প্ৰয়াত সুৰজিৎ ভূঞাৰ সৈতে থকা সান্নিধ্যৰ কথা আৰু জীৱন কৰ্মৰ ওপৰত আলোকপাত কৰে। অনুষ্ঠানতে উপস্থিত থকা কেবাগৰাকী শিক্ষকক “শিক্ষক দিৱস” উপলক্ষে সাদৰ সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
