শতাব্দ, ২৫ আগষ্টঃ অসমৰ উত্তৰ পাৰৰ শৈক্ষিক ক্ষেত্ৰত দশক দশক ধৰি মানৱ সম্পদ সৃষ্টিৰে ৰাজ্য তথা দেশৰ প্ৰগতিত অৰিহণা যোগাই অহা নৰ্থ লখিমপুৰ মহাবিদ্যালয়ে (সম্প্ৰতি নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়) অহা ৩ ছেপ্টেম্বৰত ৭৫ বছৰত ভৰি দিব। সেই উপলক্ষে মহাৰজত জয়ন্তী মহোৎসৱটি উলহ মালহেৰে বৰ্ষ জুৰি অনুষ্ঠিত হব। আজি উদযাপন সমিতিয়ে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰে। উদযাপন সমিতিৰ মুখ্য সম্পাদক দিগন্ত কলিতাই কয়- ৩ ছেপ্টেম্বৰত মহাবিদ্যালয়খনৰ মহাৰজত জয়ন্তী ৭৫ খন পতাকা উত্তোলনৰে শুভাৰণি অনুষ্ঠান অনুষ্ঠিত হব আৰু পৰৱৰ্তী এটা বছৰত বিভিন্ন কাৰ্যসূচী ৰূপায়নৰে মহাৰজত জয়ন্তীক মহীয়ান কৰি তোলা হব। ইয়়াৰ ভিতৰত শৈক্ষিক কাৰ্যসূচী, সাংস্কৃতিক, ক্ৰীড়া আৰু জনপ্ৰিয় বক্তৃতানুষ্ঠান কাৰ্যসূচী অন্তৰ্ভুক্ত হৈ থাকিব। মহাবিদ্যালয়ত পঢ়ি যোৱা প্ৰাক্তন শিক্ষাৰ্থীসকল বিশ্বৰ বিভিন্ন প্ৰান্তত কৰ্মৰত হৈ আছে যদিও সকলোৰে লগত পোনপতীয়া যোগা়যোগ সম্ভব হোৱা নাই সেয়ে তেঁওলোকক প্ৰচাৰ মাধ্যমৰ জড়িয়তে উদযাপন সমিতিৰ সৈতে যোগাযোগ কৰিবলৈ তেঁও আহ্বান জনায়। সংবাদমেলত উদযাপন সমিতিৰ সভাপতি উদয় শংকৰ হাজৰিকাই মহাৰজত জয়ন্তী সাফল্যমণ্ডিত কৰি তুলিবলৈ ছাত্ৰ, শিক্ষক, প্ৰাক্তন শিক্ষাৰ্থী আৰু শুভাকাংশী সকলক আহ্বান জনায়। উল্লেখ্য যে ১৯৫২ চনত স্থাপিত নৰ্থ লখিমপুৰ মহাবিদ্যালয়ে ২০১৩ চনত ৰাজ্যৰ প্ৰথমখন স্বায়ত্তশাসিত মহাবিদ্যালয় হিচাপে স্বীকৃতি লাভ কৰাৰ পিছতে ২০২৩ চনত বিশ্ববিদ্যালয়লৈ উন্নীত হয়। উদযাপন সমিতিৰ উপ সভাপতি দিলীপ কুমাৰ বৰুৱাই মহাৰজত জয়ন্তী উলহ মালহেৰে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত সকলোৰে সক্ৰিয় অংশ গ্ৰহণ কামনা কৰে। এই সন্দৰ্ভত ইতিমধ্যে ১২ খন উপ সমিতি গঠন কৰা হৈছে বুলি সদৰী কৰে। আজিৰ সংবাদ মেলত উদযাপন সমিতিৰ সভাপতি উদয় শংকৰ হাজৰিকা, উপ সভাপতি দিলীপ কুমাৰ বৰুৱা, মুখ্য সম্পাদক দিগন্ত কলিতা, সম্পাদক ড° দিগন্ত হাতীবৰুৱা, অজিত বুঢ়াগোহাঁই, প্ৰচাৰ সম্পাদক সুশান্ত ভূঞা, নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয় শিক্ষক সংস্থাৰ সভাপতি প্ৰশান্ত ফুকন, সম্পাদক ড° ইস্মিৰেখা সন্দিকৈ উপস্থিত থাকে।
