অৰুণাচল প্ৰদেশৰ ৱালঙত ৮৫ প্ৰজাতিৰ বিৰল পখিলা ফটোগ্ৰাফীৰে নথিভুক্ত

0 3

শতাব্দ, ডিব্ৰুগড়, ২০ আগষ্টঃ অৰুণাচল প্ৰদেশৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশেৰে পৰিপূৰ্ণ আনজাও জিলাৰ ৱালং অঞ্চলত প্ৰকৃতি প্ৰেমীৰ এক অনুসন্ধানত প্ৰায় ৮৫টা প্ৰজাতিৰ পখিলা নথিভুক্ত কৰা হৈছে। এই অনুসন্ধানে অঞ্চলটোৰ চহকী জৈৱ-বৈচিত্ৰ্যৰ এক গুৰুত্বপূৰ্ণ ছবি দাঙি ধৰিছে।পাহাৰীয়া বনাঞ্চল, নদ-নদী,জান-জুৰি আৰু বিভিন্ন উদ্ভিদেৰে সমৃদ্ধ ৱালং পখিলাৰ বাবে এক উপযুক্ত-আদৰ্শ বাসস্থান। অসমৰ বিভিন্ন ঠাইৰ পৰা একত্ৰিত হোৱা বন্যপ্ৰাণী ফটোগ্ৰাফাৰৰ এক অনুসন্ধানৰ সময়ছোৱাত বিভিন্ন প্ৰজাতিৰ পখিলাৰ লগতে অঞ্চলটোত পোৱা কিছুমান উল্লেখযোগ্য আৰু তুলনামূলকভাৱে কম দেখা পোৱা প্ৰজাতিও নথিভুক্ত কৰা হয়। যোৱা ১৪ আৰু ১৫ আগষ্টত দুদিনীয়া ৱালং ভ্ৰমণকালত বঙাইগাঁৱৰ বন্যপ্ৰাণী ফটোগ্ৰাফাৰ মহেশ বৰুৱা, নাহৰকটীয়াৰ প্ৰকৃতিপ্ৰেমী বন্যপ্ৰাণী ফটোগ্ৰাফাৰ দেৱজিৎ সোণোৱাল, পক্ষী নিৰীক্ষক অনুপম নাহৰডেকা, জ্যোতিকল্প ফুকন আৰু দেৱজিত নাহৰডেকাৰ লগতে স্থানীয় অনুনিমাই গেষ্ট হাউচৰ স্বত্বাধিকাৰীৰ সহযোগিতাত ৮৫ টা বিভিন্ন প্ৰজাতিৰ পখিলাৰ লগতে Empress (Sasakia funebris) ,Chinese Yellow Swallowtail (Papilio xuthus) আৰু False Tibetan Cupid (Tongeia pseudozuthus) দৰে বিৰল পখিলাৰ আলোকচিত্ৰ ল’বলৈ সক্ষম হয়। বন্যপ্ৰাণী ফটোগ্ৰাফাৰসকলে জনোৱা মতে, পখিলাৰ উপস্থিতি কোনো অঞ্চলৰ পৰিৱেশৰ স্বাস্থ্য আৰু জৈৱ-বৈচিত্ৰ্যৰ এক গুৰুত্বপূৰ্ণ সূচক। সেয়েহে ৱালঙত পোৱা এই ৮৫ প্ৰজাতিৰ পখিলাৰ তথ্য ভৱিষ্যতে অঞ্চলটোৰ জৈৱ-বৈচিত্ৰ্য সংৰক্ষণ আৰু গৱেষণাৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ’ব পাৰে।


স্থানীয় প্ৰকৃতি আৰু পখিলা সংৰক্ষণৰ প্ৰতি জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰাৰ লগতে এনে অনুসন্ধান অব্যাহত ৰখাৰ প্ৰয়োজনীয়তাৰ কথাও পখিলাপ্ৰেমীসকলে উল্লেখ কৰে। ৱালঙৰ প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ ক্ষেত্ৰত এই অনুসন্ধান এক আশাব্যঞ্জক পদক্ষেপ হিচাপে বিবেচিত হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.