শতাব্দৰ শদিয়াৰ প্ৰতিবেদক, ৪ জুনঃ- চৌদিশে বিশ্ব পৰিৱেশ দিৱস উদযাপন আৰু গছপুলি ৰোপনৰ যো জা চলি থকাৰ সময়তে অৰুণাচল প্ৰদেশত জলবিদ্যুৎ প্ৰকল্প স্থাপনৰ নামত পুনৰ গছ ধ্বংস যজ্ঞৰ আখৰা চলিছে ৷ দুটাকৈ বৃহৎ নদীবান্ধৰ স্থাপনৰ বাবে স্থান নিৰ্ণয় কৰিছে দুখন অটব্য অৰণ্যৰ মাজত ৷ ভাৰত চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ বন পৰামর্শদাতা কমিটীৰ এই প্ৰস্তাৱত প্রকৃতিপ্রেমীক আচৰিত কৰি তুলিছে। প্ৰাকৃতিক সম্পদত চহকী ৰাজ্যখনত ইটোৰ পাছত সিটো নদীত বান্ধ স্থাপন কৰি কেৱল জলবিদ্যুৎ উৎপাদনত অগ্ৰাধিকাৰ দি অহাত প্ৰকৃতিৰ ৰম্যভূমি অৰুণাচলৰ ভৱিষ্যতক লৈ প্ৰকৃতিপ্ৰেমীয়ে উদ্বেগ প্ৰকাশ কৰিছে ৷ পৰামৰ্শদাতা কমিটীৰ চলিত বৰ্ষৰ যোৱা ৮ মে’ত অনুষ্ঠিত চতুর্থ বৈঠকত অৰুণাচল প্ৰদেশৰ দুটা বৃহৎ জলবিদ্যুৎ প্রকল্পত যথাক্রমে ৩৩,৩৩৮জোপা আৰু ৪৭,২৪৩জোপা অর্থাৎ মুঠ ৮০,৫৮১ জোপা গছ কটাৰ পক্ষে নীতিগত অনুমোদনৰ প্ৰস্তাৱ দিছে। এই দুটা জলবিদ্যুৎ প্রকল্প ক্রমে ১২০০ মেগাৱাট শক্তিৰ কালাই-০২ জলবিদ্যুৎ প্ৰকল্প আৰু আনটো ৬৮০ মেগাৱাট শক্তিৰ অটুনলি জলবিদ্যুৎ প্রকল্প । উল্লেখযোগ্য যে টি এইচ ডি চি ইণ্ডিয়া লিমিটেডে নির্মাণ কৰিব লগীয়া কালাই জলবিদ্যুৎ প্রকল্পটো আনজাউ জিলাৰ লোহিত নদীত স্থাপিত হব ৷ নামছাই আৰু আনজাউ বন বিভাগৰ অধীনত মুঠ ৮৬৯.৩৫ হেক্টৰ বনভূমিত ১৯৮.০০ মিটাৰ উচ্চতাৰ কংক্রিট গ্রেভিটি বান্ধ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। নামছাই বন বিভাগৰ অধীনত ১৬,৮৪৮ জোপা আৰু আনজাউ বন বিভাগৰ অধীনত ১৬,৪৯০ জোপা, মুঠ ৩৩,৩৩৮ জোপা গছ কটাৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। এই প্রকল্পটোৱে ২৫খন গাঁৱৰ ২৭৬টা পৰিয়াল ক্ষতিগ্ৰস্ত হোৱাটো নিশ্চিত হৈ পৰিছে ৷ প্রকল্পটোৰ মুঠ – জলমগ্ন এলেকা হব ৬৩৮.৪৫৬ হেক্টৰ। আনহাতে, সুতলেজ(শতদ্ৰু) জলবিদ্যুৎ নিগম লিমিটেডে নিমার্ণ কৰিব লগীয়া অটুনলি জলবিদ্যুৎ প্রকল্পটো দিবাং ভেলি জিলাৰ টালো (টাংগন) নদীত আনিনি বন বিভাগৰ অধীনত নির্মিত হ’ব। অতি ঘন জংঘলৰ ২৬১.৫৩ হেক্টৰ বনভূমিত ৪৭,২৪৩ জোপা গছ কটাৰ প্ৰস্তাৱ দিয়া হৈছে। মাত্র ২৬১ হেক্টৰ বনভূমিত গছৰ সংখ্যা ৪৭ হাজাৰতকৈ অধিক হোৱাত উক্ত বনভূমি কিমান ঘন হব পাৰে আৰু পৰিবেশগতভাৱে কিমান সমৃদ্ধ সেয়া সহজেই অনুমেয় । বৈঠকত নথিপত্ৰ পৰীক্ষা কৰি কমিটিয়ে পৰিবেশগত বিষয়ত নিজেই উদ্বেগ প্ৰকাশ কৰিছে ৷ কালাই-০২ প্রকল্প এলেকাত হলৌ, কেপ্ড লেংগুৰ, চিতাবাঘ, ভালুক আদি বহু বিপন্ন প্ৰাণীৰ লগতে White Bellied Heron নামৰ বিশ্বৰ অন্যতম দুর্লভ চৰাই বিধৰ উপস্থিতিৰ কথা নথিত উল্লেখ আছে। অটুনলি প্রকল্প এলেকাটো ইতিমধ্যে অনুমোদন পোৱা এটালিন জলবিদ্যুৎ প্রকল্পৰ উজনিত অৱস্থিত, যাৰ ফলত পৰিৱেশগত প্রভাৱ আৰু অধিক গভীৰ। কালাই-০২ৰ প্ৰস্তাৱিত এলেকা ডি এছ এছ নিয়মৰ অনুযায়ী উচ্চ সংৰক্ষণ মূল্য অঞ্চলত পৰে। কমিটীয়ে নিজেই পৰামৰ্শ দিছে যে মৎস্য বিভাগে মাছৰ বাসস্থান সংৰক্ষণৰ বাবে ফিছ পাছেজ আৰু হেচাৰি স্থাপন কৰিব লাগে, তেওঁলোকেই স্বীকাৰ কৰে যে বান্ধ দুটাই লোহিত আৰু দিবাং নদীৰ মাছ-সমৃদ্ধ পৰিৱেশ ক্ষতিগ্রস্ত কৰিব। আনহাতে, দুয়োটা প্ৰকল্পৰ এলেকাই ভূমিস্খলনপ্রবণ। কমিটীয়ে বিশেষভাবে নির্দেশ দিছে যে খনন স্থানসমূহৰ ঢাল-স্থিতিশীলতা অধ্যয়ন কৰিব লাগিব। অৰুণাচল প্ৰদেশ ভাৰতৰ সম্ভাব্য জলবিদ্যুৎ উৎপাদনৰ প্রায় ৪০ শতাংশ ধাৰণ কৰে। লোহিত আৰু দিবাং নদী অববাহিকাত ইতিমধ্যে একাধিক প্রকল্প পৰিকল্পিত বা নির্মাণাধীন। নথিত স্বীকাৰ কৰা হৈছে যে কালাই-০২ প্ৰকল্পৰ ক্ষেত্ৰত লোহিত অৱবাহিকাত ১২টাৰ মাজত ১১টা প্রকল্প অনুমোদনৰ পক্ষে মত দিছে। কিন্তু এই প্রকল্পসমূহৰ প্রভাৱ কেনে হ’ব, তাক লৈ পৰিৱেশবিদসকলৰ মহলত প্রশ্ন উঠিছে। একেদৰে অটুনলি প্রকল্প এটালিন প্ৰকল্পৰ উজনিত থকাৰ কাৰণে কমিটী নিজেই উদ্বিগ্ন। পৰিবেশকর্মী আৰু বিশেষজ্ঞসকলে দীর্ঘদিন ধৰি যুক্তি দি আহিছে যে অৰুণাচলৰ দৰে জৈৱ-বৈচিত্র্যসমৃদ্ধ, ভূমিকম্পপ্ৰৱণ আৰু সীমান্তবর্তী এলেকাত এনে বৃহৎ বান্ধ নির্মাণৰ প্রস্তাৱ কোনো কাৰণতেই গ্রহণযোগ্য নহয় ৷
