শতাব্দ, উত্তৰ লখিমপুৰ, ৩১ মেঃ উত্তৰ লখিমপুৰৰ এক পুৰণি দাতব্য প্ৰতিষ্ঠান তীৰ্থেশ্বৰ হাজৰিকা মেম’ৰিয়েল ট্ৰাষ্টৰ অধীনত বয়োজ্যেষ্ঠ সেৱালয়-“বিয়লি”। মূলতঃ জিলাখনৰ দুখীয়া-আৰ্তজনক ফিজিঅ’থেৰাপিকে ধৰি বিভিন্ন ৰোগৰ পৰিচৰ্যাৰ ক্ষেত্ৰত অলাভজনক সেৱা আগবঢ়াই অহা “বিয়লি” আছিল প্ৰাক্তন সাংসদ ঈশ্বৰ প্ৰসন্ন হাজৰিকাৰ মানস পুত্ৰস্বৰূপ। ২০১১ চনত প্ৰসিদ্ধ সাহিত্যিক হোমেন বৰগোহাঞিয়ে মুকলি কৰা “বিয়লি”য়ে বিগত বছৰসমূহত ৰূপায়ণ কৰি আহিছে বহু চিকিৎসা-সেৱা সম্পৰ্কীয় শিবিৰ অথবা কাৰ্যসূচী।শেহতীয়াকৈ বিয়লি সেৱালয়ৰ নিচেই কাষতে একেই নামেৰে দুখন ব্যৱসায়িক ক্লিনিক মুকলি কৰি ৰোগী তথা ৰাইজক বিভ্ৰান্ত কৰাৰ চেষ্টা চলাৰ অভিযোগ উঠিছে। এই সন্দৰ্ভত আজি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি তীৰ্থেশ্বৰ হাজৰিকা মেম’ৰিয়েল ট্ৰাষ্টৰ মেনেজিং ট্ৰাষ্টী বিৰিঞ্চি প্ৰসন্ন হাজৰিকাই কয় যে ডাঃ নৱনীত গগৈ নামৰ ফিজিঅ’থেৰাপিষ্টজন ১১মহীয়া এক চুক্তিৰ জড়িয়তে বিয়লিত সংযুক্ত হৈছিল। সেইমৰ্মে তেঁও “বিয়লি”ত সেৱা আগবঢ়াই থকাৰ অচিলাৰে লাহে লাহে বিয়লিত ব্যৱসায় সম্প্ৰসাৰণ কৰিবলৈ ধৰে।বিয়লি যিহেতু অলাভজনক সেৱালয়, সেয়ে তেওঁক সতৰ্ক কৰি দিয়াৰ লগতে চুক্তিৰ সময়সীমাৰ ভিতৰত তেওঁক বিয়লিৰ পৰা বিদায় দিয়া হয়।কিন্তু তেওঁ বিয়লি সেৱালয়ৰ নিচেই ওচৰতে দুখনকৈ ব্যৱসায়িক ক্লিনিক খুলি নাম থয়-বিয়লি।এই বিয়লি নাম ব্যৱহাৰ কৰাত আমাৰ যিহেতু আপত্তি আছে, সেয়ে প্ৰথমতে তেওঁক মৌখিকভাবে আপত্তি জনোৱা হয়।কিন্তু আমাৰ আপত্তিক গুৰুত্ব নিদিয়াত আমি আইনী জাননী প্ৰেৰণ কৰাৰ লগতে জিলা উপায়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকক লিখিত অভিযোগ দাখিল কৰো।জিলা উপায়ুক্ত হঠাত বদলি হোৱাত প্ৰশাসনে কি ব্যৱস্থা লয় নাজানো। ডাঃ গগৈয়ে নিজা ক্লিনিকৰ নাম সলনি কৰাৰ পৰিৱৰ্তে আমাৰ বিয়লিৰ মুখ্য দ্বাৰৰ সন্মুখতে তেওঁৰ একে নামৰ ক্নিনিকৰ ডাঙৰ চাইনবৰ্ড লগোৱাত ৰোগী তথা ৰাইজ বিভ্ৰান্ত হৈছে।সেয়ে সময় থাকোতেই ডাঃ গগৈয়ে বিয়লি নাম নসলালে আমি আইনৰ সহায় লবলৈ বাধ্য হম। হাজৰিকাই লগতে কয়-নৱনীত গগৈয়ে ব্যৱসায়িক ক্লিনিক খোলাত আমাৰ আপত্তি নাই, কেৱল ‘বিয়লি’ নামটোতহে আমাৰ আপত্তি আছে, কাৰণ আমি চৰকাৰী নীতি নিয়মৰ মাজেৰে পঞ্জীকৃত এক দাতব্য প্ৰতিষ্ঠানৰ সেৱালয়,আমি অলাভজনক প্ৰতিষ্ঠান আৰু আমাৰ নাম ব্যৱহাৰ কৰি ব্যৱসায় কৰাটো আমাৰ ট্ৰাষ্টৰ পৰিপন্থী।
