লখিমপুৰৰ সত্ৰীয়া নৃত্যৰ ছাত্ৰীলৈ কেন্দ্ৰীয় চৰকাৰৰ বৃত্তি

0 1

 শতাব্দ ষ্টাফ ৰিপৰ্টাৰ,১৮ এপ্ৰিলঃ লখিমপুৰৰ সত্ৰীয়া সংগীত বিদ্যালয়ৰ ছাত্ৰী এঞ্জেলিনা বি হাজৰিকা সত্ৰীয়া নৃত্যৰ বাবে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ সাংস্কৃতিক সমল আৰু প্ৰশিক্ষণ কেন্দ্ৰ চমুকৈ CCRT (Center for cultural Resources &Training) বৃত্তিৰ বাবে নিৰ্বাচিত হৈছে ৷ শুকুৰবাৰে ফলাফল ঘোষণা কৰে CCRT য়ে ৷ উল্লেখ্য যে এই বৃত্তিৰ বাবে বাচনি পৰীক্ষা যোৱা ২১ ডিচেম্বৰত গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত চি চি আৰ টি ৰ আঞ্চলিক কেন্দ্ৰত অনুষ্ঠিত হৈছিল ৷ সৰ্বভাৰতত ভাৰতীয় লোক সংগীত,লোক বাদ্য আৰু লোক নৃত্যৰ লগতে ধ্ৰুপদী নৃত্যৰ বাবে মুঠ ৬২৫ গৰাকী শিক্ষাৰ্থী এই বৃত্তিৰ বাবে নিৰ্বাচিত হৈছে ৷ এঞ্জেলিনা হাজৰিকা শিশু শিল্পী হিচাপে ১০৫ নম্বৰত স্থানত নিৰ্বাচিত হৈছে ৷ এঞ্জেলিনাই সত্ৰীয়া নৃত্য গুৰু নমিতা বৰুৱা ভূঞা আৰু তক্ষশীলা ভূঞাৰ অশেষ কষ্টৰ বলত এই সফলতা লাভ কৰে । এঞ্জেলিনা “প্ৰতিদিন টাইম”ৰ উত্তৰ অসমৰ ব্যুৰ’ বুবুল হাজৰিকা আৰু লখিমপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ কনিষ্ঠ প্ৰশাসনীয় সহায়কাৰী মাধুৰীমা দত্তৰ প্ৰথমা কন্যা তথা ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী ৷

মন্তব্য দিয়ক

Your email address will not be published.