অসম সাহিত্য সভাৰ লিডু জনগোষ্ঠীয় সমন্বয় সন্মিলনৰ সামৰণি

0 9

শতাব্দ লিডু, ৩০আগষ্টঃ “অসম সাহিত্য সভাই অসমীয়া জাতিটো একত্ৰিত কৰিবলৈ অপ্ৰাণ চেষ্টা কৰিছে৷ অসমৰ অৰঙে দৰঙে থকা সকলো জনগোষ্ঠীক নিমন্ত্ৰণ কৰি আনি লিডুত ঐক্যৱদ্ধ কৰিবলৈ যি প্ৰচেষ্টা চলাইছে সেয়া অতি প্ৰশংসনীয়৷ সাহিত্য সভাৰ এই প্ৰচেষ্টাৰ লগত আমাৰ সহযোগিতা সদায় থাকিব৷“ _- আজি অসম সাহিত্য সভাৰ উদ্যোগত স্বজাতীয় মৈত্রীবন্ধন উপসমিতি আৰু তিনিচুকীয়া জিলা সাহিত্য সভাৰ সহযোগত লিডু শাখা সাহিত্য সভাৰ ব্যৱস্থাপনাত দুদিনীয়া বর্ণাঢ্য কাৰ্য্যসূচীৰে লিডু ৰে’লৱে ৰংগমঞ্চত অনুষ্ঠিত আজি দ্বিতীয় দিনৰ মুকলি অধিৱেশনত আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰি বড়ো সাহিত্য সভাৰ সভাপতি গোপীনাথ বৰগয়াৰীয়ে এইদৰে কয়। ভাষণ প্রসংগত বৰগয়াৰীয়ে লগতে কয় —অসমৰ জাতি-জনগোষ্ঠীৰ লোকসকল একেটা মঞ্চত সমবেত হোৱাৰ সৌভাগ্য আজি হ’ল আজিৰ পৰা জাতি গঠন প্ৰক্ৰিয়া ত্বৰান্বিত কৰিব লাগিব। আদৰণী সমিতিৰ মুখ্য সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগ আৰু সাহিত্য সভাৰ স্বজাতীয় মৈত্ৰী বন্ধন উপসমিতিৰ কাৰ্যকৰী সভাপতি বিপুল শৰ্মা বৰুৱাই আদৰণী ভাষণ দিয়া অনুষ্ঠানত সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই উদ্দেশ্য ব্যাখ্যা কৰি কয়— “ঐক্য, শান্তি আৰু সমন্বয়ৰ সংকল্পৰে আয়োজন কৰা অসমৰ জনগোষ্ঠীয় সমন্বয় সন্মিলনে অসমৰ সাতামপুৰুষীয়া সম্প্ৰীতি আৰু সমন্বয়ৰ স্বাক্ষৰ বহন কৰিবলৈ সক্ষম হৈছে ৷”
দ্বিতীয় দিনা অর্থাৎ ৩০ আগষ্টত পুৱা ১০ বজাত বিশেষ আকৰ্ষণ ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ সহধর্মিনী গৰিমা শইকীয়া গাৰ্গৰ সৈতে মত বিনিময় অনুষ্ঠান আৰু ১০০০ শিশু-কিশোৰে সমবেতভাবে ‘মায়াবিনী’ পৰিবেশনৰে জুবিন গাৰ্গলৈ বিশেষ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। পুৱা ১১ বজাত অসম সাহিত্য সভাৰ সভাপতি তথা জনগোষ্ঠীয় সাহিত্য সভা আৰু জাতীয় সংগঠনসমূহৰ সভাপতিসকলক লৈ এক বিশাল সাংস্কৃতিক শোভাযাত্রা উদ্বোধন কৰে মটক সাহিত্য সম্মিলনৰ সভাপতি তৰুণ কুমাৰ গগৈয়ে। দুপৰীয়া ১২ বজাত অসম জনগোষ্ঠীয় সমন্বয় সন্মিলনত সভাপতিত্ব কৰে অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে৷ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱা, স্মৃতিগ্রন্থ “লিডু“ উন্মোচন কৰে তিনিচুকীয়া জিলা সাহিত্য সভাৰ সভাপতি লম্বেশ্বৰ চেতিয়াই৷ অসম জনগোষ্ঠীয় সমন্বয় সন্মিলনত আমন্ত্রিত অতিথি হিচাপে উপস্থিত থাকে— দেউৰী সাহিত্য সভাৰ সভাপতি বগাৰাম দেউৰী, কাৰবি সাহিত্য সভাৰ সভাপতি খৰসিং ইংতি, মৰাণ সাহিত্য সভাৰ সভাপতি ৰবীন মৰাণ, চৰ-চাপৰি সাহিত্য সভাৰ সভাপতি ড° হাফিজ আহমেদ, চিংফৌ জাতীয় পৰিষদৰ সভাপতি চেংগ্রাম লাব্রাম, চেমা জাতীয় পৰিষদৰ সভাপতি কহেত’ চেমা, টাংচা জাতীয় পৰিষদৰ সভাপতি নং যুংকুক, টাই-ফাকে জাতীয় পৰিষদৰ সভাপতি চাই উইং চাখাপ, টাই খাময়াং জাতীয় পৰিষদৰ সভাপতি ভূগেশ্বৰ থৌমুং, চুতীয়া সাহিত্য সম্মিলনৰ সভাপতি ৰাজীৱ বৰুৱা, মেছ-কছাৰী সাহিত্য সভাৰ সভাপতি দুলাল মেছ, ঠেঙাল কছাৰী, সাহিত্য সভাৰ সভাপতি দ্বীপেন বৰা, শৰণীয়া কছাৰী সাহিত্য সভাৰ সভাপতি সোণবৰ বৰুৱা, ঠেঙাল কছাৰী সাহিত্য সংস্কৃতি সভাৰ সভাপতি মহেন্দ্র শইকীয়া, নিখিল বিষ্ণুপ্রিয়া মণিপুৰী সাহিত্য সভাৰ সভাপতি দিলছ লক্ষীন্দৰ সিংহ, গৰিয়া-মৰিয়া-দেশী-চৈয়দ-জলহা (চাহ জনগোষ্ঠী) জনগোষ্ঠীয় ঐক্যমঞ্চ, অসমৰ মুখ্য সমন্বয়ক নুৰুল হক উপস্থিত থাকে। অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়ায় অসম সাহিত্য সভাৰ স্বজাতীয় মৈত্রীবন্ধন উপসমিতিৰ আহ্বায়ক ৰমেন ভৰালীয়ে ৷ সন্ধিয়া সমন্বয়ৰ সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে পথাৰৰ শিল্পী লোহিত গগৈয়ে৷ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ডিগবৈ সাহিত্য সেৱা সমিতিৰ সভাপতি নিৰুপমা গোস্বামী, কবিতাৰ শব্দ আৰু সুৰৰ মায়াজালত জুবিন গাৰ্গৰ সহধর্মিনী গৰিমা শইকীয়া গার্গ উপস্থিত থাকে ৷

মন্তব্য দিয়ক

Your email address will not be published.