ড° মনোৰঞ্জন দত্ত Indian Physical Societyৰ যুৱ পদাৰ্থ বিজ্ঞানী বঁটা ২০২৬’ৰ চূড়ান্ত পৰ্যায়ৰ বাবে মনোনীত
শতাব্দ,১৯ আগষ্টঃ নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড° মনোৰঞ্জন দত্ত Indian Physical Society ৰ ৪১ সংখ্যক যুৱ পদাৰ্থ বিজ্ঞানী সন্মিলন (YPC-2026)ত প্ৰদান কৰিবলগীয়া সন্মানীয় ‘YPC-2026 যুৱ পদাৰ্থ বিজ্ঞানী বঁটা’ৰ চূড়ান্ত পৰ্যায়ৰ বাবে সমগ্ৰ ভাৰতৰ পৰা বাছনিকৃত ১৬ গৰাকী যুৱ পদাৰ্থ বিজ্ঞানীৰ ভিতৰত স্থান লাভ কৰিছে। ৪১ সংখ্যক যুৱ পদাৰ্থ বিজ্ঞানী সন্মিলনখনি ২০২৬ চনৰ ১০ আৰু ১১ ছেপ্টেম্বৰত কলকাতাস্থিত ‘UGC-Department of Atomic Energy Consortium for Scientific Research’ত অনুষ্ঠিত হ’ব। এই সন্মিলনত গৱেষণা পত্ৰ উপস্থাপনৰ পাছত বিচাৰক মণ্ডলীয়ে তিনিগৰাকী শ্ৰেষ্ঠ যুৱ পদাৰ্থ বিজ্ঞানী নিৰ্বাচন কৰিব, যিসকলে YPC-2026 বঁটা লাভ কৰিব। ইয়াৰোপৰি তেওঁলোকৰ গৱেষণা পত্ৰসমূহ Indian Physical Society ৰ গৱেষণা পত্ৰিকা The Physics Teacher ত প্ৰকাশ পাব। উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ৰ ড° মনোৰঞ্জন দত্তই সমগ্ৰ দেশৰ অগ্ৰণী প্ৰতিষ্ঠানসমূহ, যেনে ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েন্স (IISc), টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিচাৰ্চ (TIFR), ভাবা পাৰমাণৱিক গৱেষণা কেন্দ্ৰ (BARC), ভেৰিয়েবুল এনাৰ্জী চাইক্ল’ট্ৰন চেণ্টাৰ (VECC), ইণ্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউট (ISI), সাহা ইনষ্টিটিউট অৱ নিউক্লিয়াৰ ফিজিকছ (SINP), বেণাৰস হিন্দু বিশ্ববিদ্যালয় (BHU), হায়দৰাবাদ বিশ্ববিদ্যালয়, বিশ্বভাৰতী বিশ্ববিদ্যালয়, বসু ইনষ্টিটিউট আৰু প্ৰেছিডেন্সী বিশ্ববিদ্যালয়ৰ গৱেষকসকলৰ সৈতে এই স্থান লাভ কৰিবলৈ সক্ষম হৈছে। এই নিৰ্বাচনে ড° দত্তৰ গৱেষণা কাৰ্যলৈ এক উল্লেখনীয় ৰাষ্ট্ৰীয় স্বীকৃতি কঢ়িয়াই আনিছে। নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয় তথা সমগ্ৰ লখিমপুৰৰ বাবেও এয়া এক বিশেষ সাফল্য, যিয়ে আধুনিক পদাৰ্থ বিজ্ঞানৰ গৱেষণাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুনাম কঢ়িয়াই আনিছে। তদুপৰি এই সাফল্যই ৰাষ্ট্ৰীয় পৰ্যায়লৈ অসমৰ গৱেষকসকলৰ ক্ৰমবৰ্ধমান অৱদানকো প্ৰতিফলিত কৰিছে।
