দিল্লীত “পাৰিজাত হৰণ ” পৰিৱেশন
শতাব্দ ,লখিমপুৰ ,৩০ মাৰ্চঃ
দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ব বিদ্যালয়ত শ্ৰী মন্ত শংকৰদেৱ অধ্যয়ন কেন্দ্ৰৰ উদ্যোগত অসমৰ নিৰ্বাচিত সত্ৰীয়া শিল্পীৰ দ্বাৰা দেওবাৰে সন্ধিয়া শ্ৰীমন্তশঙ্কৰদেৱ গুৰু জনাৰ বিৰচিত “পাৰিজাত হৰণ” নাটক পৰিৱেশন কৰে ৷ সূমন্যা বৰুৱা আৰু ড° সুকন্যা বৰুৱাৰ পৰিচালনাত উত্তৰ কমলাবাৰী সত্ৰৰ সংগীত ব্যৱস্থাপনাত গুৰুজনাৰ পাৰিজাত হৰণ নাটক মঞ্চস্থ কৰা হয় ৷ ৰুক্মিণীৰ চৰিত্ৰ ৰূপায়ন কৰে লখিমপুৰ সত্ৰীয়া সংগীত বিদ্যালয়ৰ শিক্ষয়িত্ৰী তথা লখিমপুৰৰ প্ৰয়াত সাংবাদিক সুৰজিত ভূঞাৰ কন্যা তক্ষশিলা ভূঞাই । উত্তৰ কমলাবাৰী সত্ৰৰ ভকত ৰ লগতে ৰাজ্যৰ বাচকবনীয়া সত্ৰীয়া শিল্পীয়ে নাট খনিৰ চৰিত্ৰ ৰূপায়ণ কৰে ৷ উক্ত বিশ্ব বিদ্যালয়ত সত্ৰীয়া সংগীত আৰু কলা নৃত্যৰ ওপৰত এখনি কৰ্মশালাও অনুষ্ঠিত হয় ৷উক্ত কৰ্মশালাত লখিমপুৰ সত্ৰীয়া সংগীত বিদ্যালয়ৰ অধ্যক্ষ নমিতা বৰুৱা ভূঞাই সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে ৷
