নামেৰীৰ ৰিজ’ৰ্টত পহু মাংসঃ দুই কৰ্মচাৰীক গ্ৰেপ্তাৰ

পলাতক চোৰাংচিকাৰীঃপহু মাংসৰ ৰমৰমীয়া বেহা

0 253

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,২৮আগষ্টঃ নামেৰী ৰাষ্ট্ৰীয় উদ্যান অন্তৰ্গত অঞ্চলত বৰ্তমানেও চলি আছে সুগৰি পহুৰ চিকাৰ আৰু ইয়াৰ মাংস বিক্ৰীৰ ঘটনা৷ কালি পহু মাংসসহ দুজনক বনকৰ্মীয়ে কৰায়ত্ত কৰাৰ পাছতেই পোহৰলৈ অহা তথ্যৰ আধাৰত নামেৰীৰ ৰিহাজুলিত থকা কন্যকা ইক’ ৰিজ’ৰ্টখন অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিয়া হৈছে৷ উল্লেখ্য যে নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ বনাঞ্চলিক কাৰ্যালয়ৰ অভিযানকাৰী দলে এইখন ৰিজ’ৰ্টৰ দুজন কৰ্মচাৰীৰ পৰাই পহুৰ মাংস উদ্ধাৰ কৰাৰ লগতে তেওঁলোকৰ স্বীকাৰোক্তিৰ ভিত্তিত পহু নিধনৰে জড়িত মূল চোৰাংচিকাৰীৰো সম্ভেদ লাভ কৰিছে৷ উল্লেখযোগ্য যে,এসময়ত পহু মাংস বিক্ৰী তথা চোৰাংচিকাৰৰ বাবে কুখ্যাত নামেৰীৰ কাষৰীয়া অঞ্চলৰ পৰা অভিযানকাৰী দলে হত্যা কৰা পহুৰ একাধিক মূৰ, নেজ আদিও জব্দ কৰিছে৷ ঘটনাৰ বিৱৰণী অনুসৰি, নামেৰী বন্যপ্ৰানী ৰেঞ্জে এক গোপন সূত্ৰৰ পম খেদি কালি এখন মটৰ চাইকেলত এজন লোকে পহু মাংস আনি থকাৰ বিষয়ে খবৰ লাভ কৰে আৰু লোকজনক আটক কৰিবলৈ সক্ষম হয়৷ পহু মাংস সৰবৰাহকাৰীজন জয় কুমাৰ বুলি চিনাক্ত হয় আৰু তেওঁ কন্যকা ই’ক ৰিজৰ্টৰ পৰিচালক বুলি নিশ্চিত হয়৷ উল্লেখযোগ্য যে এটা মোনাত তেওঁ ৰিজ’ৰ্টলৈ এই পহু মাংস কঢ়িয়াই আনিছিল৷ তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিত বনৰক্ষী দলটোৱে কন্যকা ইক’ ৰিজ’ৰ্টত তালাচী চলায় আৰু ৰিজ’ৰ্টখনৰ ৰান্ধনী শুক্লেশ্বৰক সোধপোছ কৰাত ৰান্ধনি জনে পৃথকে লুকুৱাই থোৱা অৱস্থাত আন এক কিলোগ্ৰাম পহু মাংসও উদ্ধাৰ কৰে৷ পাছত ৰান্ধনীজনকো কৰায়ত্ত কৰে অভিযানকাৰী দলে৷ ইপিনে দুয়োৰে স্বীকাৰোক্তিৰ ভিত্তিত গামানি নামৰ বনগাঁওখনৰ জনৈক ধন নামৰ লোকজনৰ বাসগৃহতো অভিযান চলাই বনৰক্ষী দলটোৱে দুটাকৈ সুগৰী পহুৰ কটা মূৰ উদ্ধাৰ কৰাৰ লগতে কেবাটাও মোবাইল আৰু নতুনকৈ হত্যা কৰা পহুৰ নেজো উদ্ধাৰ কৰে৷ আনহাতে,অভিযানৰ সময়ত মূল অভিযুক্ত ধনে পলায়ন কৰে৷ ইপিনে কৰায়ত্ত কৰা আন দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰে৷ প্ৰনিধানযোগ্য যে,দুটাকৈ সুগৰী পহুৰ কটা মূৰ উদ্ধাৰ হোৱা ঘটনাই আশেপাশে অঞ্চলটোত পহু হত্যা আৰু পহু মাংসৰ বিক্ৰী চলি থকাটো নিশ্চিত হৈছে৷ এনে অৱস্থাত পহু মাংসৰ জুতি লোৱা দুজন গ্ৰেপ্তাৰ হ’লেও এনে বহুসংখ্যক লোক থকাটোও স্পষ্ট হৈছে৷ সম্প্ৰতি পহুৰ চোৰাংচিকাৰৰ এই ঘটনাৰ তদন্ত অব্যাহত আছে যদিও মূল অভিযুক্ত পলাতক অৱস্থাত আছে৷ সম্প্ৰতি বন্ধ কৰি দিয়া ৰিজ’ৰ্টখনৰ গৰাকী স্হানীয় বিজেপি নেতা মৃনাল শইকীয়া৷

মন্তব্য দিয়ক

Your email address will not be published.