শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৩ আগষ্টঃ ৰাজ্যৰ অন্যতম দুই জাতীয় সংগঠন বীৰ লাচিত সেনা অসম আৰু লাচিত সেনাৰ মাজত চলি থকা যুঁজখনে এতিয়া তীব্ৰ ৰূপ ধাৰণ কৰিছে৷ আজি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত লাচিত সেনাৰ লখিমপুৰ জিলা সমিতিয়ে অনুষ্ঠিত কৰা এখন সংবাদমেলে এই কথা স্পষ্ট কৰে৷ কেইদিনমানৰ পূৰ্বে বীৰ লাচিত সেনা অসমৰ লখিমপুৰ জিলা সমিতিয়ে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেল অনুষ্ঠিত কৰি লাচিত সেনাৰ সদস্যৰ বিৰুদ্ধে কেতবোৰ অভিযোগ উত্থাপন কৰাৰ লগতে কেবাজন নেতাক বীৰ লাচিত সেনাৰ পৰা বহিষ্কাৰ কৰা বুলি সদৰি কৰিছিল৷ ইয়াৰ পিছতে আজি লাচিত সেনাৰ লখিমপুৰ জিলা সমিতিয়ে এখন সংবাদমেল সম্বোধন কৰি বীৰ লাচিত সেনা অসমৰ বিৰুদ্ধে বহু বিস্ফোৰক অভিযোগ উত্থাপন কৰে৷ লাচিত সেনাৰ বিষয়ববীয়াই কয় যে বীৰ লাচিত সেনা অসম নামৰ সংগঠনটোত এতিয়া পদবী কিনা বেচা হয়৷ ইয়াত যোগ্যজনৰ কোনো স্থান নাই৷ বীৰ লাচিত সেনাৰ লখিমপুৰ জিলা সভাপতিজনো অবৈধ বুুলি তেওঁলোকে সংবাদমেলত সদৰি কৰে৷ তদুপৰি বীৰ লাচিত সেনা অসমৰ চৰকাৰী পঞ্জীয়নভুক্ত এটা এন জি অ’ হে বুলি উল্লেখ কৰি এই সংগঠনটোৱে চৰকাৰৰ বিৰুদ্ধে মাত নামাতে বুলি কয়৷ যাৰ ফলস্বৰূপে অলপতে সত্যজিত দত্ত, ইমৰাণ খান, অনন্ত শইকীয়া, ৰিতু বৰা, মিজানুৰ ৰহমান আদিৰ লগতে অৰ্ধশতাধিক সদস্যই বীৰ লাচিত সেনাৰ পৰা পদত্যাগ কৰি নৱগঠিত লাচিত সেনাত যোগদান কৰে বুলি উল্লেখ কৰে৷ বীৰ লাচিত সেনাই তেওঁলোকক বহিষ্কাৰ কৰা নাই বুলি উল্লেখ কৰাৰ লগতে যোৱা ২০ জুলাইতে তেওঁলোকে সংগঠনটোৰ পৰা পদত্যাগ কৰা বুলি কয়৷ তেওঁলোকৰ পদত্যাগ পত্ৰ সেইদিনাই বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰণ কৰাৰ পিছতো ৩১ জুলাইত তেওঁলোকক বহিষ্কাৰ কৰা বুলি প্ৰচাৰ কৰা কাৰ্য হাস্যকৰ বুলি আজিৰ সংবাদমেলত ব্যক্ত কৰে৷ লাচিত সেনা লখিমপুৰ জিলা সমিতিৰ সভাপতি অনন্ত শইকীয়া, সম্পাদক সত্যজিত দত্ত, বিত্ত সম্পাদক ৰিতু বৰা, যুটীয়া সম্পাদক ইমৰাণ খান, সাংস্কৃতিক সম্পাদক জোনটি ৰহমান, যুটীয়া সচিব প্ৰণৱজ্যোতি বৰা, উপ-সভাপতি মকিবুৰ হুছেইন আদি উপস্থিত থকা সংবাদমেলখনত আজি বিত্ত সম্পাদক ৰিতু বৰাই কয় যে বীৰ লাচিত সেনাই সংবাদমেলত লাচিত সেনাৰ সৈন্যক দোকান বজাৰত চান্দা তোলা অৱস্থাত দেখা পালে দৌৰাই দৌৰাই পিটিম বুলি ইতিপূৰ্বে কোৱা বাক্যৰ প্ৰত্যুত্তৰত আজি ৰিতু বৰাই কয় যে বীৰ লাচিত সেনাই যদি লাচিত সেনাৰ সৈনিকৰ ওপৰত হাত তোলে তেনেহলে বীৰ লাচিত সেনাৰ সৈন্যক লাচিত সেনাই ৰাজহুৱা স্থানত পকী খুঁটাত বান্ধি প্ৰহাৰ কৰি শাস্তি প্ৰদান কৰিব৷ বীৰ লাচিত সেনাৰ ভণ্ড নেতাই তেঁওলোকৰ বিৰুদ্ধে ভুৱা অভিযোগ অনা বুলিও আজিৰ সংবাদমেলত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে৷ বীৰ লাচিত সেনাৰ লখিমপুৰ জিলা সমিতিৰ বিষয়ববীয়াক লাচিত সেনাই ভণ্ড জাতীয়তাবাদী নেতা বুলিও উল্লেখ কৰে৷ কলিকতাৰ বণিয়াৰ লগত মিলি থলুৱা লোকক নিশেষ কৰিব বিছৰা বীৰ লাচিত সেনাক ভণ্ড জাতীয় সংগঠন বুলিও লাচিত সেনাই আখ্যা দিয়ে৷