লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত তেজপুৰত সাতদিনীয়া মহিলাৰ নাট কৰ্মশালাৰ শুভাৰম্ভ

অভিনয়ৰ বাবে মহিলা সমাজ আগবাঢ়ি অহাতো সমাজৰ বাবে শুভ লক্ষণ - - বংকিম শৰ্মা

0 36

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৪ জুলাই : সদৌ অসম লেখিকা সমাৰোহ সমিতি তেজপুৰ শাখাৰ উদ্যোগত আজিৰে পৰা ১০ জুলাই তাৰিখলৈ অনুষ্ঠিত হ’ব লগা সাতদিনীয়া মহিলাৰ নাট কৰ্মশালা আজি তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ সভাপতি বঙ্কিম শৰ্মাই বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে। তেজপুৰ শাখাৰ সম্পাদিকা কাঞ্চন শইকীয়াই শুভাৰম্ভণি অনুষ্ঠানটিত উদ্দেশ্য ব্যাখ্যা কৰি কয় যে সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে মহিলাৰ বৌদ্ধিক উত্তৰণৰ সমান্তৰালভাৱে বিভিন্ন দিশত মহিলাৰ হকে কাম কৰি আহিছে। সেই উদ্দেশ্যেৰে অভিনয়ৰ প্ৰতি আগ্ৰহী মহিলা সকলৰ বাবে আজিৰ পৰা নাট কৰ্মশালাৰ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ পিছত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী তথা বৰ্তমানৰ উপদেষ্টা চাৰু চহৰীয়া নাথে উদ্বোধনী ভাষণত প্ৰশিক্ষাৰ্থী সকলক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।মুখ্য অতিথি বঙ্কিম শৰ্মাই তেখেতৰ ভাষণত অভিনয়ৰ ক্ষেত্ৰত মহিলা সকল আগবাঢ়ি অহাতো সমাজখনৰ বাবে শুভ লক্ষণ বুলি উল্লেখ কৰে। অনুষ্ঠানটিত উপস্থিত থকা বাণ থিয়েটাৰৰ সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰীয়ে তেওঁৰ ভাষণ প্ৰদান কৰে। শুভাৰম্ভণি অনুষ্ঠানটিত কৰ্মশালাৰ প্ৰশিক্ষক অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় উপসভাপতি, তথা বিশিষ্ট অভিনেতা মৃগেন চন্দ্র বড়াই তেওঁৰ ভাষণত নাট্যকলা সম্পৰ্কত বক্তব্য দাঙি ধৰাৰ লগতে চিৰাজ নাটকৰ সংলাপ পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে। সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ মুখ্য সম্পাদিকা তথা তেজপুৰ শাখাৰ উপদেষ্টা মনোমতী কুৰ্মীয়ে তেখেতৰ চমু ভাষণত তেজপুৰ শাখাৰ সভাপতি সম্পাদিকা সমন্বিতে সকলো সদস্যাক এই সুন্দৰ পদক্ষেপৰ বাবে প্ৰশংসা কৰে। শেষত শাখাৰ সভানেত্ৰী শশীপ্ৰভা দেৱীয়ে সভাপতিৰ মন্তব্যত সকলোৰে সহায় সহযোগিতাত কৰ্মশালাখনিৰ সফল ৰূপায়নৰ বাবে আহ্বান জনায়।

মন্তব্য দিয়ক

Your email address will not be published.