শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৫ ছেপ্তেম্বৰ : বিশিষ্ট দার্শনিক, শিক্ষাবিদ, ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড° সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জন্মদিৱসৰ লগত সংগতি ৰাখি তিনিচুকীয়া জিলা শিক্ষা বিভাগৰ উদ্যোগত স্থানীয় বেঙ্গলী গাৰ্লছ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ প্ৰেক্ষাগৃহত আজি কেন্দ্ৰীয়ভাৱে ৬২ সংখ্যক শিক্ষক দিৱস উদযাপন কৰা হয় ৷ ড° সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা এই কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে তিনিচুকীয়াৰ আয়ুক্ত স্বপ্নীল পাল ৷ কাৰ্যসূচীত জ্যেষ্ঠ সাংবাদিক তথা লেখক অৰূপ বৰকটকীয়ে নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে ৷ শিক্ষক দিৱসৰ এই পৱিত্ৰ দিনটোত তিনিচুকীয়া জিলাৰ ১০ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক জিলা শিক্ষা বিভাগৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় ৷ জিলা শিক্ষা বিভাগৰ দ্বাৰা কৃতী শিক্ষকৰ সন্মান লাভ কৰা শিক্ষক-শিক্ষয়িত্ৰীসকল হৈছে ক্ৰমে ইন্দ্ৰ বাহাদুৰ লিম্বু, প্ৰধান শিক্ষক, কাকজান উচ্চ মাধ্যমিক বিদ্যালয়, অমৃত ৰাজখোৱা, সহকাৰী শিক্ষক, বৰগুৰি উচ্চ মাধ্যমিক বিদ্যালয়, চক্ৰ বাহাদুৰ থাপা, প্ৰধান শিক্ষক, পূব শদিয়া মধ্য ইংৰাজী বিদ্যালয়, হিমাকৰ উপাধ্যায়, প্ৰধান শিক্ষক, বাপুটি গগৈ মধ্য ইংৰাজী বিদ্যালয়, সুশীল বৰুৱা, সহকাৰী শিক্ষক, গুইজান হিন্দী মধ্য ইংৰাজী বিদ্যালয়, হোমেন বৰুৱা, প্ৰধান শিক্ষক, আদৰ্শ প্ৰাথমিক বিদ্যালয়, গিৰিণ চেতিয়া, প্ৰধান শিক্ষক, বৰগাঁও প্ৰাথমিক বিদ্যালয়, ফুলেন মৰাণ, প্ৰধান শিক্ষক, নতুন আমগুৰি প্ৰাথমিক বিদ্যালয়, ৰেণু বৰুৱা, সহকাৰী শিক্ষয়িত্ৰী, ২ নং চপাখোৱা টাউন প্ৰাথমিক বিদ্যালয় আৰু পঞ্চধৰ মৰাণ, প্ৰধান শিক্ষক, পুৰণি পুখুৰী মজলীয়া বিদ্যালয়৷ তিনিচুকীয়াৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক বিতুপন হাজৰিকাই আদৰণি ভাষণ আগবঢ়োৱা এই কাৰ্যসূচীত শিক্ষা বিভাগৰ অতিৰিক্ত জিলা আয়ুক্ত সোণতৃষ্ণা ঘৰফলীয়া, ছেবাৰ অৱসৰী অধ্যক্ষ ধনদেৱ মহন্ত, হাঁহখাটি হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক টিকাৰাম চেত্ৰী, চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ দুন্দুভি ভট্টাচাৰ্য্য প্ৰমুখ্যে শিক্ষাৰ ক্ষেত্ৰত জড়িত অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ৷