শোণিতপুৰ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন

0 100

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৪ জুলাইঃ শোণিতপুৰ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ ২০২৩ বৰ্ষৰ তৃতীয়খন কাৰ্যনিৰ্বাহক তথা সাংগঠনিক সভা ঠেলামৰাৰ বাপুজী ভৱনত আজি অনুষ্ঠিত হয়।সভাত সভাপতিত্ব কৰে জিলা সভাপতি কেশৰাম নাথে। জ্যেষ্ঠ নাগৰিক সন্মিলনৰ শীৰ্ষ গীত ‘এইখন অসমীৰ চেনেহী কোলাত’ পৰিবেশনৰ পিছত সভাৰ উদেশ্য ব্যাখ্যা কৰে জিলা সম্পাদক দেৱ দাসে। আদৰণী ভাষনত ঠেলামৰা শাখাৰ সভাপতি অনিমেষ দাসে ঠেলামৰাৰ ঐতিহ্য প্ৰকাশ কৰে।প্ৰতিকুল বতৰতো শোণিতপুৰ জিলাৰ ১৩ টা শাখাৰ ষাঠিউৰ্দ্ধৰ প্ৰায় চাৰি কুৰি সদস্যৰ উপস্থিত থকা সভাখনত অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ কেন্দ্ৰীয় কমিটিৰ সাংগঠনিক সম্পাদক ইন্দ্ৰেশ্বৰ শইকীয়াই প্ৰকাশ কৰে যে আজিৰ যান্ত্ৰিক যুগত সঘনাই লাঞ্ছিত আৰু অৱহেলিত জ্যেষ্ঠ নাগৰিক সকলৰ অধিকাৰ আৰু সুৰক্ষাৰ বাবে ঐক্যবদ্ধ আৰু সজাগতাৰ বিনে গত্যন্তৰ নাই। এই উদ্দেশ্যৰে গঠিত অসম জ্যেষ্ঠ নাগৰিক সন্মিলন এক উমৈহতীয়া মঞ্চ। সকলো জ্যেষ্ঠ নাগৰিক এই ছাতিৰ তললৈ আহি ঐক্যবদ্ধ আন্দোলনৰ অংশীদাৰ হ’ব লাগে। সভাত বালিপৰা, তেজপুৰ, ঠেলামৰা, ঢেকীয়াজুলী, শিঙৰী, মিছামাৰী আৰু ৰঙাপাৰা শাখাই সাংগঠনিক প্ৰতিবেদন পাঠ ও দাখিল কৰে। নাৰায়ণ দাস, গণেশ দাস,দেৱ দাস,ধনেশ্বৰ নাথ,দ্বীজেন মাহাতো, চন্দ্ৰ মোহন শৰ্মা, প্ৰতাপ কলিতা,ৰমেশ শৰ্মা, কুবেৰ উপাধ্যায়,অনিল দত্ত, দিবাকৰ দাস, আদিয়ে সক্ৰিয় অংশগ্ৰহণ কৰি বিভিন্ন দিশত বক্তব্য প্ৰদান কৰে। শলাগৰ শৰাই আগবঢ়ায় ঠেলামৰা শাখাৰ ধনেশ্বৰ নাথে।

মন্তব্য দিয়ক

Your email address will not be published.