৭ আগষ্টৰ পৰা শিশু-মহিলাৰ ৭ টাকৈ বিপজ্জনক ৰোগৰ টীকাকৰণ

লক্ষীমপুৰ জিলাত সৰ্বাত্মক মিছন ইন্দ্ৰধনুষ (আই এম আই) ৫.০ৰ সন্দৰ্ভত সংবাদ মেল

0 159

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২ আগষ্টঃ লখিমপুৰ জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত আজি জিলা আয়ুক্ত সুমিত সত্তাৱানৰ সভাপতিত্বত সৰ্বাত্মক মিছন ইন্দ্ৰধনুষ (আই এম আই) ৫.০ ৰ সন্দৰ্ভত এখন সংবাদমেল অনুষ্ঠিত হয় । সংবাদমেলত তেখেতে জনায় যে মিছন ইন্দ্ৰধনুষ ৫.০ ৰ অধীনত তিনিটা ৰাউণ্ডত টিকাকৰণ কৰা হব। প্ৰথম ৰাউণ্ড ৭ আগষ্টৰ পৰা ১২ আগষ্টলৈ,দ্বিতীয় ৰাউণ্ড ১১ ছেপ্টেম্বৰৰ পৰা ১৬ ছেপ্টেম্বৰলৈ। তৃতীয় ৰাউণ্ড ৯ অক্টোবৰৰ পৰা ১৪ অক্টোবৰলৈ অনুষ্ঠিত হব। এই মিছন ইন্দ্ৰধনুষ ৫.০ ত ৭ টাকৈ বিপজ্জনক ৰোগ যেনে পলিঅ’মাইলাইটিছ, হেপাটাইটিছ বি, ডিপথেৰিয়া, সৰু আই, টিটেনাছ, যক্ষ্মা, আৰু হুপিং কাহৰ বাবে টিকাকৰণ কৰা হব। এইবাৰ আই.এম.আই ৫.০ কাৰ্যসূচীত টীকাকৰণ কৰিবলগীয়া শিশু তথা গৰ্ভৱতী মহিলাৰ টীকাকৰণৰ সবিশেষ তথ্য ইউ-উইন (U-WIN) পৰ্টেলত সন্নিবিষ্ট কৰাৰ ব্যৱস্থা কৰা হৈছে।এই টিকাকৰণ কাৰ্য্যসূচী সফলভাবে ৰূপায়ণ কৰিবলৈ আই এম আই ৫.০ ৰ অধীনত জিলাখনত টীকাকৰণ কৰিবলগীয়া শিশুৰ আৰু গৰ্ভৱতী মহিলাৰ সঠিক হিচাপ, চাহ বাগিচাৰ লগতে স্পৰ্শকাতৰ তথা দুৰ্গম এলেকাসমূহত টীকাকৰণৰ সফল কৰাৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ আৰু যথোপযুক্ত ব্যৱস্থা লোৱাৰ কথা তেখেতে ব্যক্ত কৰে। সভাত স্বাস্থ্য বিভাগৰ অতিৰিক্ত মুখ্য চিকিৎসা ও স্বাস্থ্য বিষয়া ডাঃ তৰুণ কুমাৰ দেউৰীয়ে মিছন ইন্দ্ৰধনুষ-৫.০ ৰ অধীনত জিলাখনত উপযুক্ত কোনো শিশু আৰু গৰ্ভৱতী মহিলা যাতে টিকাকৰণৰ পৰা বাদ নপৰে তাৰবাবে সংবাদকর্মীসকলক বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ লগতে জিলাখনত আই.এম.আই ৫.০ টিকাকৰণ সাফল্যমণ্ডিত কৰি তুলিবলৈ তেখেতে আহ্বান জনায়।আজিৰ সংবাদমেলত জিলাৰ সহকাৰী আয়ুক্ত আৰৰ্জিত মহাজন, জিলা প্ৰতিষেধক বিষয়া ডাঃ ভাৰতী গগৈ, জিলা সম্প্ৰসাৰণ ও মাধ্যম বিষয়া হেমেন পায়েং, জিলা জনসংযোগ বিষয়া মন্দিৰা চায়েঙিয়াৰ লগতে স্বাস্থ্য বিভাগৰ বিষয়া সকল উপস্থিত থাকে।

মন্তব্য দিয়ক

Your email address will not be published.