বানৰ পিছত তেজপুৰৰ কৃষকৰ ওপৰত খৰাঙৰ মাধমাৰ

শতাব্দ, ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৪ছেপ্টম্বৰঃ এফালে চৰকাৰৰ পথাৰত নিজৰ উৎপাদনৰে ৰাজ্যৰ বজাৰ দখলৰ উদাত্ত আহ্বান আৰু আনহাতে শিক্ষিত তথা আগ্ৰহী কৃষকৰ বাৰম্বাৰ আহ্বান সত্বেও প্ৰয়োজনীয় বহু কৃষিপথাৰত নাই জলসিঞ্চন ব্যৱস্থা৷ সম্প্ৰতি শোণিতপুৰৰ…

বান্দৰদেৱাত পথ দুৰ্ঘটনাত হাৱাজানৰ যুৱকৰ মৃত্যুঃ কদমত বলেৰ’-ট্ৰেক্টৰৰ মুখামুখি সংঘৰ্ষত আহত- ৬

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ , ১১ ছেপ্টেম্বৰঃ লখিমপুৰ জিলাৰ পশ্চিমপ্ৰান্তৰ বান্দৰদেৱাত যোৱানিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়৷ উক্ত দুৰ্ঘটনাত হাৱাজানৰ এজন যুৱক নিহত হয়৷ প্ৰাপ্ত তথ্য অনুসৰি যোৱা নিশা বান্দৰদেৱাৰ পৰা হাৱাজানৰ গৃহাভিমুখে…

তিনিচুকীয়াত পৰিদৰ্শনৰ কাৰ্যসূচীৰে এন এফ ৰেল’ৱেৰ জেনেৰেল মেনেজাৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১১ ছেপ্তেম্বৰ :তিনিচুকীয়া ৰে’ল সংমণ্ডল পৰিদৰ্শনৰ উদ্দেশ্যেৰে আজি পুৱা উচ্চপদস্থ বিষয়াবৰ্গৰ সৈতে এক বিশেষ ৰে’লযোগে নিউ তিনিচুকীয়াত উপস্থিত হয় উত্তৰপূৱ সীমান্ত ৰে'লৱেৰ (এন এফ ৰেল’ৱে) মহাপ্ৰবন্ধক…

সাহিত্য সাধনা মঞ্চৰ সাংগঠনিক সভা সম্পন্ন

শতাব্দ প্ৰতিনিধি,১০ছেপ্তেম্বৰ: সাহিত্য সংস্কৃতি সাধনা মঞ্চৰ লখিমপুৰ জিলা সমিতিৰ সহযোগত নাৰায়ণপুৰ আঞ্চলিক শাখাৰ উদ্যোগত প্ৰথম সাংগঠনিক সভাখন ৩ ছেপ্টেম্বৰত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয়। পতাকা উত্তোলনেৰে আৰম্ভ হোৱা অনুষ্ঠানটোৰ…

শোণিতপুৰ প্ৰেছ ক্লাবৰ সভাপতি সুভাষ চন্দ্ৰ বিশ্বাসক প্ৰসাদ সিং চুব্বা স্মৃতি সেৱা বঁটা প্ৰদান 

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, ১০ ছেপ্টেম্বৰ : তেজপুৰৰ বিশিষ্ট সাংবাদিক, অধিবক্তা, সমাজকৰ্মী, নেপালী সাপ্তাহিক 'দেশ বাৰ্তা'ৰ কাৰ্যবাহী সম্পাদক তথা শোণিতপুৰ প্ৰেছ ক্লাবৰ সভাপতি সুভাস চন্দ্ৰ বিশ্বাসক আজি তেজপুৰত চেম্বাৰ অৱ কমাৰ্চৰ সভাগৃহত…

তেজপুৰ সাহিত্য চ’ৰাৰ ৫৪২ সংখ্যক বৈঠক সম্পন্ন

শতাব্দ ষ্টাফ ৰিপ'টাৰ তেজপুৰ ১০ছেপ্তেম্বৰ: তেজপুৰ সাহিত্য চ'ৰাৰ ৫৪২ সংখ্যক বৈঠকখনি এইবেলি বিশিষ্ট বিজ্ঞান লেখক, অবসৰপ্ৰাপ্ত অধ্যাপক ড° ৰমেশ চন্দ্ৰ গোস্বামীৰ বাসভৱনত অনুষ্ঠিত হয়। বৈঠকৰ শুভাৰম্ভণী ঘটে ড° সতীশ চন্দ্ৰ ভট্টাচাৰ্য্যৰ মংগলাচৰণেৰে।…

তেজপুৰৰ দ পৰ্বতীয়াৰ ঐতিহ্যত ব্ৰহ্মপুত্ৰৰ ভয়ঙ্কৰ আঘাত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১০ছেপ্টেম্বৰঃ তেজপুৰৰ দ-পৰ্বতীয়াৰ এক অঞ্চলত ব্ৰহ্মপুত্ৰৰ প্ৰৱল গৰাখহনীয়াই বিপদ কঢ়িয়াই আনিছে কাষৰীয়া একাধিক অঞ্চলৰ বাবে৷ ইতিহাস প্ৰসিদ্ধ অঞ্চলটোৰ ৰাইজে এই গৰাখহনীয়া শীঘ্ৰেই ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে…

পাচঁমাইল শাখা সাহিত্য সভাৰ চৰ -চাপৰিৰ হেৰাই যোৱা পৰম্পৰা‌ শীৰ্ষক গ্ৰন্থ উন্মোচন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১০ছেপ্টেম্বৰঃ আমি মূলতঃ কৃষি সভ্যতাৰ সন্তান। আমাৰ সংস্কৃতি সমূহো কৃষি ভিত্তিক।চৰ -চাপৰিৰ অনুষ্ঠানো কৃষি ভিত্তিক। আজি কালি সেইবোৰক ধৰ্মীয় গণ্ডীৰ মাজত অনাৰ চেষ্টা চলাই আছে।চৰ -চাপৰিৰ কৃষি ভিত্তিক অনুষ্ঠানৰ মাজত…

 দৰ্শনা কাশ্যপক “গংগোত্ৰী গোস্বামী সোঁৱৰণী মেধা বঁটা” প্ৰদান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, ১০ ছেপ্তেম্বৰ : এক পথ দুৰ্ঘটনাত অকাল মৃত্যুক সাৱটি লোৱা তেজপুৰ বাসন্তীপুৰৰ মেধাৱী ছাত্ৰী গংগোত্ৰী গোস্বামীৰ সোঁৱৰণত আজি গহপুৰৰ শংকৰদেৱ শিক্ষা নিকেতনৰ বিশেষ সভাকক্ষত বিহপুৰীয়া কেন্দুগুৰিৰ মেধাৱী ছাত্ৰী দৰ্শনা…

তেজপুৰত ৰাষ্ট্ৰীয় লোক আদালত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৯ছেপ্টেম্বৰঃ শোণিতপুৰ জিলা আইন সেৱা প্ৰাধিকৰনৰ উদ্যোগত আজি তেজপুৰৰ ন্যায়িক আদালতত শোণিতপুৰ জিলা আৰু সত্ৰ ন্যায়াধীশ তথা জিলা আইন সেৱা প্ৰাধিকৰনৰ সভাপতি ছত্ৰভূষন গগৈৰ পৰিচালনাত ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হয়।…