মৰাণ সমষ্টিৰ নাম বাহাল ৰাখক

0 0

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১১ জুলাই : অসম নামৰ এই ভূখণ্ডৰ আদিমতম মানৱ প্ৰজাতিৰ অন্যতম মৰাণসকলৰ ইতিহাস বিজড়িত মৰাণ নামৰ ঠাইখনৰ নাম চিৰদিন বাহাল থকাটো কামনা কৰিছে সদৌ মৰাণ ছাত্ৰ সন্থা আৰু অসম মৰাণ সভাই ৷ আজি এক বিবৃতিৰ জৰিয়তে সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি নৱ মৰাণ আৰু অসম মৰাণ সভাৰ সাধাৰণ সম্পাদক বিতোপন মৰাণে কয় যে মৰাণ জনগোটটোৰ আদিম বাসভূমি আছিল ডিব্ৰুগড়ৰ জিলাৰ বৰবৰুৱাৰ পৰা মৰাণলৈকে একাংশ, চৰাইদেও জিলা, শিৱসাগৰ জিলা আৰু যোৰহাট জিলাৰ একাংশ ৷ এই মৰাণ সকলেই এই বৃহৎ অঞ্চলটোত মানৱ সভ্যতাৰ পাতনি মেলিছিল বুলি বিবৃতিটোত উল্লেখ ৷ মৰাণ সকলৰ অন্তিমজন ৰজা বদৌচাৰ ৰাজধানী আছিল মৰাণৰ নাতিদূৰত অৱস্থিত খটখতি নামৰ ঠাইত । যুগৰ বিৱৰ্তনৰ ফলশ্ৰুতিত অতি সম্প্রতি উক্ত বৃহৎ অঞ্চলত মৰাণৰ বসতি সেৰেঙা ৷ তৎস্বত্বেও বিক্ষিপ্তভাৱে হ’লেও কিছু মৰাণ লোকৰ বসতি ঠায়ে ঠায়ে আছে ৷ বিবৃতিটোত কোৱা হয় যে অসমৰ নিৰপেক্ষ দৃষ্টিভঙ্গীৰ বৌদ্ধিক মহল, বুৰঞ্জী অধ্যয়ন কৰা লোকমাত্রেই জানে যে মৰাণ জনগোষ্ঠীয়ে ইতিহাসত বাৰে বাৰে সমন্বয়ৰ নজিৰবিহীন চানেকি দাঙি ধৰি আহিছে৷ গতিকে অসমৰ জনগণক মৰাণ সমষ্টিৰ অন্তৰ্গত সদাশয় ৰাইজ আৰু বিভিন্ন জাতীয়-জনগোষ্ঠীয় সংগঠনসমূহৰ প্ৰতি আহ্বান জনাব বিচৰা হৈছে যে মৰাণ সকলে সমষ্টিটোৰ অধিকাৰ বিচৰা নাই, কেৱল ইতিহাস সুৰক্ষিত হৈ থকাটো বিচাৰিছে বুলি বিবৃতিটোত কোৱা হৈছে। সদৌ মৰাণ ছাত্ৰ সন্থাই বিশ্বাস কৰে যে অসমৰ আদিম ইতিহাস জীয়াই থাকিলেহে অসম নামৰ বৃহৎ ভূ-ভাগত মানৱ সভ্যতাৰ প্ৰতিষ্ঠা কালৰ সূত্ৰৰ আঁত ধৰি পৰৱৰ্তী সময়ৰ যুগ বিৱৰ্তনৰ ইতিহাস সৈতে সমন্বিতভাৱে বৃহৎ অসমীয়া সমাজৰ প্ৰকৃত ৰূপ প্ৰতিফলিত হব ৷ গতিকে মৰাণ নামটো বৃহত্তৰ সমাজ মানসত জীয়াই ৰাখিবৰ বাবে অসম চৰকাৰ আৰু নিৰ্বাচনী আয়োগক সদৌ মৰাণ ছাত্ৰ সন্থা আৰু অসম মৰাণ সভাই দাবী উত্থাপন কৰিছে ।

মন্তব্য দিয়ক

Your email address will not be published.