অগপৰ গোলাঘাট জিলা পৰিষদৰ নতুন সভাপতি ড° নৃপেন বৰুৱা

0 16

শতাব্দ প্ৰতিনিধি, গোলাঘাট, ২ মেঃ অসম গণ পৰিষদ দলৰ জন্মলগ্নৰে পৰা জড়িত এগৰাকী অন্যতম নেতা, দলৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি, অৱসৰপ্ৰাপ্ত অধ্যাপক ড° নৃপেন বৰুৱাক অগপৰ গোলাঘাট জিলা পৰিষদৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হৈছে। অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই ১ মে’ তাৰিখৰ পত্ৰ যোগে ড° বৰুৱাক অগপৰ গোলাঘাট জিলা পৰিষদৰ সভাপতি ৰূপে মনোনীত কৰে। অগপৰ গোলাঘাট জিলা পৰিষদৰ পূৰ্বৰ সভাপতি, প্ৰাক্তন মন্ত্ৰী বিনোদ গোৱালাৰ মৃত্যুৰ পিছতে দলৰ শীৰ্ষ নেতৃত্বই তেওঁক এই দায়িত্ব অৰ্পণ কৰে। নতুন দায়িত্বভাৰ গ্ৰহণ কৰি ড° বৰুৱাই কয় যে অগপৰ জন্ম স্থান গোলাঘাটত দলৰ ভেটি শক্তিশালী কৰি তোলাৰ লক্ষ্যৰে ৰাইজৰ মাজত সোমাই পৰি সাংগঠনিক কাম-কাজ ব্যাপক কৰি তোলাত তেওঁ সৰ্বাত্মক প্ৰচেষ্টাৰে ব্ৰতী হ’ব।

মন্তব্য দিয়ক

Your email address will not be published.