অভিযন্তাৰ পৰা সেনাপ্রধানলৈ…

লেফটেনেন্ট জেনেৰেল মনোজ পাণ্ডে

0 20

 

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৯ এপ্ৰিল : নজিৰ সৃষ্টিৰ দিশত অগ্ৰসৰ হৈছে লেফটেনেন্ট জেনেৰেল তথা ভাৰতীয় সেনাৰ উপ-প্রধান মনোজ পাণ্ডে। প্রথমজন অভিযন্তা হিচাপে ভাৰতীয় সেনাৰ প্রধান হ’ব তেওঁ। আগন্তুক ১ মে’ত ভাৰতীয় সেনাৰ প্রধান হিচাপে দায়িত্বভাৰ গ্রহণ কৰিব তেওঁ। অহা ৩০ এপ্রিলত ভাৰতীয় সেনাৰ প্রধান হিচাপে জেনেৰেল মনোজ মুকুন্দ নাৰাভানৰ ২৮মহীয়া ম্যাদ উকলিব। জেনেৰেল নাৰাভানৰ পিছত লেফটেনেন্ট জেনেৰেল মনোজ পাণ্ডেই ভাৰতীয় সেনাপ্রধানৰ দায়িত্বভাৰ গ্রহণ কৰিব। ভাৰতীয় সেনাৰ ইঞ্জিনীয়াৰ ক’ৰৰ প্রথমজন বিষয়া হিচাপে তেওঁ সেই দায়িত্ব লাভ কৰি ইতিহাস গঢ়িছে। ইতিমধ্যে ভাৰতীয় সেনাৰ তৰফৰ পৰা লেফটেনেন্ট জেনেৰেল পাণ্ডেক অভিনন্দন জনোৱা হৈছে। নেচনেল ডিফেন্স একাডেমিৰ প্রাক্তনীৰ পৰা উত্তীৰ্ণ হৈ লেফটেনেন্ট জেনেৰেল পাণ্ডেই ১৯৮২ চনত ভাৰতীয় সেনাৰ ইঞ্জিনীয়াৰ ক’ৰত যোগদান কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ একাধিক গুৰুত্বপূর্ণ দায়িত্ব চম্ভালিছে। জম্মু আৰু কাশ্মীৰত নিয়ন্ত্রণৰেখাৰ গাতে লগা পাল্লানওৱালা চেক্টৰত ‘অপাৰেছন পৰাক্রম’ৰ সময়ত এটা ইঞ্জিনীয়াৰ ৰেজিমেন্টৰ নেতৃত্ব দিছিলে লেফটেনেন্ট জেনেৰেল পাণ্ডেই। ২০০১ চনৰ ডিচেম্বৰত সংসদ ভৱনত হোৱা উগ্ৰপন্থী আক্ৰমণৰ পিছত পশ্চিম সীমান্তত প্রচুৰ সেনা বাহিনী মোতায়েন কৰাৰ অংগ আছিল ‘অপাৰেচন পৰাক্রম’। ৩৯ বছৰীয়া সেনা জীৱনত ৱেষ্টার্ন থিয়েটাৰত ইঞ্জিনিয়াৰিং ব্রিগেড, নিয়ন্ত্রণৰেখাৰ ইনফ্রেন্টি ব্রিগেড, লাদাখ চেক্টৰত পাহাৰী বিভাগ আৰু উত্তৰ-পূর্বাঞ্চলত একোটাকৈ ক’ৰৰ নেতৃত্ব দিছিল মনোজ পাণ্ডেই। সমান্তৰালভাৱে ইষ্টার্ন কমাণ্ডৰ দায়িত্ব লোৱাৰ পূৰ্বে তেওঁ আছিল আন্দামান আৰু নিকোবৰ কমাণ্ডৰ কামাণ্ডাৰ-ইন-চীফ।

মন্তব্য দিয়ক

Your email address will not be published.