অবিশ্বাস্য ! অভিলেখ দৰত বিক্ৰী হ’ল ৰেনেছাঁ যুগৰ চিত্ৰশিল্প

0 49
শতাব্দ বিশেষ প্ৰতিনিধি, ২০ মে’ :
যোৱা বুধবাৰে পেৰিছত অনুষ্ঠিত হোৱা ‘ক্ৰিষ্টি’ৰ এক নিলামত ৰেনেছাঁ যুগৰ মহান শিল্পী মাইকেল এঞ্জেল’ৰ এখন ছবি অভিলেখ মূল্য ২৩,১৬২,০০০ ইউৰ’ত (ভাৰতীয় টকাৰ হিচাপত প্ৰায় ১৮৯ কোটি) বিক্ৰী হয়। A4 আকাৰৰ কাকতত মুগা বা ব্ৰাউন ৰঙৰ চিঞাঁহী ব্যৱহাৰ কৰি পে’নেৰে অঙ্কন কৰা এগৰাকী নগ্ন পুৰুষ আৰু কাষত আন দুটা চৰিত্ৰৰে ছবিখন মাইকেল এঞ্জেল’ৰ (১৪৭৫-১৫৬৪) জীৱনৰ প্ৰথম ভাগৰ সৃষ্টি বুলি কলা বিশেষজ্ঞ সকলে মত প্ৰকাশ কৰিছে।
ব্যক্তিগত সংগ্ৰহত থকা এই ছবিখন শেষবাৰৰ বাবে বিক্ৰী হৈছিল ১৯০৭ চনত পেৰিছত। ইয়াৰ পাছত ২০১৯ চনলৈকে ছবিখনৰ কোনো শুংসূত্ৰ নাছিল। ব্যক্তিগত সংগ্ৰহত থকা ছবিৰ শৈল্পিক দিশকে ধৰি আন কিছু দিশ পৰ্যবেক্ষণৰ সময়ত ‘ক্ৰিষ্টি’ৰ কলা বিশেষজ্ঞসকলে এই বিশেষ ছবিখনক ২০১৯ চনত পুনৰুদ্ধাৰ কৰে। ২০১৯ চনৰ আগষ্ট মাহত ফৰাছী চৰকাৰে এই ছবিখনক ৰাষ্ট্ৰীয় সম্পদ হিচাপে ঘোষণা কৰি ৩০ মাহৰ বাবে ছবিখনক ফ্ৰান্সৰ পৰা ৰপ্তানি কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল। কিন্তু পাছত ফৰাছী চৰকাৰে এই নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰে। পঞ্চদশ শতিকাৰ শেষৰ ফালে সৃষ্টি কৰা বুলি ধাৰণা কৰা ইটালীৰ শিল্পীগৰাকীৰ ছবিখনৰ ক্ৰেতা গৰাকীৰ নাম অৱশ্যে নিলাম সংস্থাটোৱে ঘোষণা কৰা নাই।
মন্তব্য দিয়ক

Your email address will not be published.