অমৃত বৃক্ষ আন্দোলনলৈ সহযোগিতা : তিনিচুকীয়াত ভাষাৰ ওজাৰ সোঁৱৰণত গছপুলি বিতৰণ পৰিৱেশ সুৰক্ষা সমিতিৰ

0 65

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৪ ছেপ্তেম্বৰ : ৰাজ্যখনত বৃক্ষ অৰ্থনীতি সমৃদ্ধিশালী কৰাৰ লগতে সেউজ আৱৰণ বৃদ্ধিৰ লক্ষ্যৰে অসম চৰকাৰে ’অমৃত বৃক্ষ আন্দোলন’ কাৰ্যসূচীৰ জৰিয়তে ১৭ ছেপ্টেম্বৰত সমগ্ৰ ৰাজ্যত এক কোটি বাণিজ্যিক চাহিদাসম্পন্ন গছপুলি ৰোপণৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ এই কাৰ্যসূচীলৈ সহযোগিতাৰ উদ্দেশ্যেৰে পৰিৱেশ সুৰক্ষা সমিতি নামৰ সংগঠনটোৱে ৰাইজৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ উদ্যোগত আৰু অমৃত বৃক্ষ ৰোপণ ৰাজ্যিক পৰিচালনা সমিতিৰ সহযোগিতাত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সোঁৱৰণি গছপুলি বিতৰণ কাৰ্যসূচী গ্ৰহণ কৰিছে । সেই অনুসৰি বুধবাৰে গছপুলি বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সভাপতি কাজল গোহাঁইয়ে ৷ তেওঁ মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসম চৰকাৰে ১৭ ছেপ্তেম্বৰত আয়োজন কৰা এক কোটি গছপুলি ৰোপণ কাৰ্যসূচীলৈ সকলোকে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় ৷ কাৰ্যসূচীত উপস্থিত থকা পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱাই অসমৰ ৰাইজলৈ উক্ত বিশেষ দিনটোত মানৱজাতি আৰু প্ৰাণীকুলৰ সুৰক্ষাৰ স্বাৰ্থত প্ৰত্যেকেই এটাকৈ গছপুলি ৰোপণ কৰি পুলিটোক নিজৰ সন্তানৰ দৰে প্রতিপালন কৰি এজোপা বৃহৎ গছৰ ৰূপ দিবলৈ চেষ্টা কৰিবলৈ আহ্বান জনায় ৷ ১৭ ছেপ্টেম্বৰৰ দিনা ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ সোঁৱৰণিত পৰিৱেশ সুৰক্ষা সমিতিৰ উদ্যোগত আৰু তিনিচুকীয়াৰ বিধায়ক তথা ৰাজ্যৰ মন্ত্ৰী সঞ্জয় কিষাণৰ সহযোগিতাত কেইবাশ গছপুলি ৰোপণৰ ব্যৱস্থা গ্ৰহণ কৰা বুলিও বৰুৱাই জানিবলৈ দিয়ে ৷ গছপুলি বিতৰণ কাৰ্যসূচীত তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ একাধিক কৰ্মচাৰী আৰু পৰিৱেশ সুৰক্ষা সমিতিৰ কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে ৷

মন্তব্য দিয়ক

Your email address will not be published.