অযোধ্যাত ৰাম মন্দিৰত ৪০ শতাংশ কাম সম্পূৰ্ণ

 ৰাজস্থানৰ- কৰ্ণাটকৰ পৰা আহিছে বহুমূলীয়া শিল

0 66

অযোধ্যা ৭ আগষ্টঃ অযোধ্যাৰ ৰাম মন্দিৰৰ  নিৰ্মাণ অব্যাহত আছে। ঠিক দুবছৰ পূৰ্বে অৰ্থাৎ ২০২০ চনৰ ৫ আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অযোধ্যাত ৰাম মন্দিৰৰ আধাৰশিলা স্থাপন কৰিছিল। ইয়াৰ পিছত আনুষ্ঠানিকভাৱে মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ হয়। ২০২৪ চনত নিৰ্মাণৰ কাম সম্পূৰ্ণ হ’ব। সম্প্ৰতি কেনেকৈ চলি আছে নিৰ্মাণৰ কাম ? চলিত বৰ্ষৰ জুন মাহত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৰাম মন্দিৰৰ গৰ্ভগৃহৰ প্ৰথমটো শিলা স্থাপন কৰিছিল।ৰাম জন্মভূমিত ‘শীলা পূজন’ অনুষ্ঠানত গৰ্ভগৃহৰ আধাৰশিলা স্থাপন কৰি যোগীয়ে কৈছিল যে, “৫০০ বছৰীয়া সংগ্ৰাম সফল হৈছে”। অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ কাম শীঘ্ৰেই সম্পূৰ্ণ হ’ব। সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি ইতিমধ্যে ৪০ শতাংশ মন্দিৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে। মন্দিৰৰ কংক্ৰিটৰ গুৰিৰ ওপৰত আন এটা তৰপ নিৰ্মাণ কৰা হৈছে। যিটো গ্ৰেনাইট আৰু বেলে শিলৰ মিশ্ৰণেৰে তৈয়াৰ কৰা হয়।২০২৪ চনৰ আৰম্ভণিতে মন্দিৰৰ প্ৰথম মহলাৰ কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। ৰাম মন্দিৰ নিৰ্মাণৰ চোৱাচিতা কৰাত জড়িত এজন মুখ্য অভিযন্তাই কয়, ‘কাম পূৰ্ণগতিত চলি আছে। আমি গৰ্ভগৃহৰ এলেকাৰ পৰা মূল মন্দিৰ অংশ নিৰ্মাণৰ কাম আৰম্ভ কৰিছো।মন্দিৰৰ দেৱালসমূহ ৰাজস্থানৰ গোলাপী ৰঙৰ বেলে শিলৰে নিৰ্মাণ কৰা হ’ব। মন্দিৰ ট্ৰাষ্টৰ সূত্ৰ অনুসৰি কৰ্ণাটকৰ পৰা আহিছে গ্ৰেনাইট। মিৰ্জাপুৰৰ পৰা আহিছে বেলে শিল। ইয়াতেই শেষ নহয়। মন্দিৰৰ সৌন্দৰ্যৰ বাবে ৰাজস্থানৰ পৰা খাছ মাৰ্বলৰ শিল আহৰণ কৰা হৈছে। ৰাজস্থানৰ বংশী পাহাৰপুৰৰ পৰা অযোধ্যাত উপস্থিত হৈছে এক লাখ ঘনফুট বগা শিল। ৰাজস্থানৰ মকৰানা পাহাৰৰ পৰা অনা বগা মাৰ্বলেৰে আলোকিত কৰা হ’ব মন্দিৰৰ গৰ্ভগৃহ। এই তথ্য অৱগত কৰিছে ৰাম জন্মভূমি ন্যাসে। মন্দিৰত ব্যৱহাৰ কৰা হ’ব বেলে শিল, গ্ৰেনাইটৰ দৰে দামী শিল। ইয়াৰ উপৰি মন্দিৰৰ ওপৰত গৰ্ভগৃহত ব্যৱহাৰ কৰা হ’ব মকৰানা বগা মাৰ্বল। ঠিক দুবছৰ পূৰ্বে অৰ্থাৎ ৫ আগষ্ট, ২০২০ত শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টৰ উদ্যোগত আয়োজিত ৰাম মন্দিৰৰ ভেটি স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিছিল। মন্দিৰৰ ভূমিপূজা সম্পন্ন কৰাৰ পিছত মোদীয়ে ৪০ কিলোগ্ৰাম ওজনৰ ইটা পাৰি দি মন্দিৰৰ আধাৰশিলা স্থাপন কৰে। লাৰ্চেন আৰু টাৰ্বই মন্দিৰটো নিৰ্মাণৰ কাম কৰি আছে। টাটা কনছালটিং ইঞ্জিনিয়াৰে সমগ্ৰ প্ৰক্ৰিয়াটো নিৰীক্ষণ কৰি আছে। মুঠ ১১০ একৰ মাটিত বিস্তৃত মন্দিৰটো নিৰ্মাণৰ বাবে ৯০০ৰ পৰা ১০০০ কোটি টকাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। মন্দিৰ চৌহদত থাকিব সংগ্ৰহালয়, গৱেষণা প্ৰতিষ্ঠান আৰু আৰ্কাইভ। পিটিআইৰ মতে, ৰামলালাৰ মূল মন্দিৰটো আৰু ৬টা মন্দিৰেৰে আগুৰি থাকিব। এই মন্দিৰসমূহ হ’ল ব্ৰহ্ম মন্দিৰ, সূৰ্য মন্দিৰ, গণেশ মন্দিৰ, শিৱ মন্দিৰ, বিষ্ণু মন্দিৰ আৰু দুৰ্গা মন্দিৰ। অযোধ্যাৰ যি অঞ্চলত মন্দিৰ নিৰ্মাণৰ কাম চলি আছে, সেই ঠাইৰ মাটি তুলনামূলকভাৱে কোমল। গতিকে মন্দিৰৰ ভেটি নিৰ্মাণ কৰাৰ সময়ত অতিৰিক্ত সাৱধানতা অৱলম্বন কৰিবলগীয়া হৈছিল। ঠিক এই কাৰণেই কংক্ৰিটৰ ভেটিৰ ওপৰত শিলৰ ক্লেডিংৰ ব্যৱস্থা কৰা হৈছে। ২০২৪ চনত লোকসভা নিৰ্বাচনৰ কেইমাহমান পূৰ্বে ৰাম মন্দিৰৰ গৰ্ভগৃহৰ দুৱাৰ ভক্তৰ বাবে মুকলি কৰা হ’ব। ৰাজনৈতিকভাৱে এই সময়ছোৱা  তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.