ম’হঘুলি চাপৰিৰ পৰা শতাব্দৰ প্ৰতিবেদক, ঢকুৱাখনা, ১১ মে’ঃ ঢকুৱাখনাৰ ফাটবিহুৱে কেৱল ঢকুৱাখনাত বসবাস কৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ লোককে একতাৰ ডোলেৰে বান্ধি ৰখা নাই, বৰঞ্চ অসমবাসীকে একতাৰ এনাজৰীৰে বান্ধ খাই থাকিবৰ বাবে বাণী প্ৰেৰণ কৰি আহিছে। এই ফাটবিহুক মানৱ জাতি জীয়াই থকালৈকে আমি জীয়াই ৰাখিম।–এই ভাষ্য বিশিষ্ট কবি তথা তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক ডাঃ প্ৰণয় ফুকনৰ। চাৰিকড়ীয়াৰ উত্তৰ পাৰৰ ম’হঘুলি চাপৰিত শুকুৰবাৰৰ পৰা উদযাপিত ফাটবিহুৰ আজি দ্বিতীয় দিনা ফাটবিহুৰ বাৰ্ষিক প্ৰকাশ ‘বিহুৱান’ উন্মোচন কৰি দিয়া ভাষণত ডাঃ ফুকনে লগতে কয় যে ঢকুৱাখনাৰ চাৰিকড়ীয়া ঢকুৱাখনাৰ সমাজ জীৱন যান্ত্ৰিক নহয়, এইখন পৃথিৱী যান্ত্ৰিক পৃথিৱী নহয়। ভগৱানে সৃষ্টি কৰোঁতে ভবা সুন্দৰ পৃথিৱীখনৰ ক্ষুদ্ৰ সংস্কৰণ ঢকুৱাখনা। ইয়াত প্ৰৱেশ কৰাৰ লগে লগে দুখ, কষ্ট আৰু ভাগৰ নোহোৱা হৈ যায়। ফাটবিহুৰ বতৰা পাই ঢকুৱাখনাবাসীৰ আনন্দ-উলাহত উৎফুল্লিত হৈ পৰাৰ লগে লগে প্ৰাকৃতিক ভাৱেও ঢকুৱাখনা প্ৰাণৱন্ত হৈ পৰিছে আৰু চাৰিকড়ীয়া নৈখনো গাভৰু হৈ উঠিছে। তেওঁ লগতে কয় যে বিহু গীতসমূহ এক অতি উচ্চ পৰ্যায়ৰ কবিতা। ইয়াৰ দৰে উচ্চ স্তৰৰ কবিতা কোনেও সৃষ্টি কৰিব নোৱাৰে।ই লোক-সংস্কৃতিৰ প্ৰাণ। তেওঁ সময়ৰ গতিত হেৰাই যাব খোজা লোকবাদ্য সমূহৰ সংৰক্ষণৰ বাবে ঢকুৱাখনাৰ একাংশ লোকে লোৱা পদক্ষেপৰ শলাগ লয়। নিজৰ ভাষণত তেওঁ কয় যে উৎসৱ মানে সমন্বয়, উৎসৱ মানে সদায়ে মঙ্গল কামনা। সংস্কৃতিৰ অন্যতম শ্ৰেষ্ঠ উপাদান হ’ল ভাষা, আমাৰ নিজৰ ভাষাটো কুশলে আছে নে নাই তাৰ খবৰ আমি ৰাখিব লাগিব। এটা জাতি ভাষাৰ দ্বাৰাহে জীয়াই ৰখাটো সম্ভৱ। আমাৰ চহকী অসমীয়া ভাষাটো আমি চহকী কৰিয়েই ৰাখিব লাগিব। ধৰ্মই মানুহৰ মাজত বিভেদৰ সৃষ্টি কৰে। ধৰ্মৰ নামত মন্দিৰ-মছজিদ সজাতকৈ আমি গছ,লতা আৰু নদীক মৰম কৰিব লাগিব। প্ৰথম দিনা অৰ্থাৎ শুকুৰবাৰৰ বিহু প্ৰতিযোগিতা ওৰে নিশা অনুষ্ঠিত হোৱাৰ পিছত আজি পুৱা ৬-৩০ বজাত সামৰণি পৰাৰ পিছত আজি দ্বিতীয় দিনাৰ কাৰ্যসূচী পুৱা ১০ বজাত প্ৰবীণ শিক্ষাবিদ গন্ধেশ্বৰ গগৈয়ে আৰম্ভ কৰা কপৌফুল আৰু গছপুলি ৰোপণৰে আৰম্ভ হয়। ইফালে গামোচা প্ৰতিযোগিতাখন উদ্বোধন কৰে সপোন ভূঞা চুতীয়াই। এই প্ৰতিযোগিতাত ডেৰ কুৰিৰো অধিক বোৱনীয়ে নিজে তাঁতশালত বোৱা গামোচা প্ৰদৰ্শন কৰি অংশগ্ৰহণ কৰে। ইয়াৰ পিছত ফাটবিহুৰ ইতিহাস -পৰম্পৰাক সামৰি প্ৰস্তুত কৰা এখন তথ্যচিত্ৰ উন্মোচন কৰে ঢকুৱাখনা উপ-জিলাৰ উপ-আয়ুক্ত কাৰ্তিক কলিতাই।দুপৰীয়া ১-৪৫ বজাত সকলো জাতি-জনগোষ্ঠীৰ বাবে আয়োজিত প্ৰাপ্তবয়স্ক হুঁচৰি বিহু প্ৰতিযোগিতা উদ্বোধন কৰে গোগামুখৰ এন চি ডি কলেজৰ অধ্যক্ষ ডঃ সুৰজিৎ দলেয়ে।তৃতীয় দিনা তথা অন্তিম দিনা পুৱা ১০ বজাত সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব জনপ্ৰিয় অভিনেত্ৰী প্ৰীতি কংকনাই। দুপৰীয়া ১২ বজাৰ পৰা ফাটবিহুৰ মূল বৈশিষ্ট্য মুকলি বিহু প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।ফাটবিহুৰ মুখ্য আকৰ্ষণ মুকলি বিহু প্ৰতিযোগিতা উদ্বোধন কৰিব লোক সংস্কৃতিৰ সাধক দিগন্ত শইকীয়াই। বিয়লি ২ বজাত ফাটবিহু সমিতিৰ সভাপতিৰ পৌৰোহিত্যত অনুষ্ঠিত হ’ব লগা মুকলি সভা উদ্বোধন কৰিব মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° নিৰোদ বৰুৱাই । মুকলি সভাত মুখ্য অতিথি হিচাপে মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰাৰ কথা আছিল যদিও বৰ্তমান অসমৰ বাহিৰত থকাৰ বাবে তেওঁ নাহে বুলি জানিব পৰা গৈছে । মুকলি সভাত অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগু,সাংস্কৃতিক মন্ত্ৰী বিমল বৰা, লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা,স্থানীয় বিধায়ক নৱ কুমাৰ দলে, সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব। ইফালে বিহু সম্ৰাট,ঢোলৰ ওজা সোমনাথ বৰাই নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থাকিবলগীয়া মুকলি সভাত আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকিব।