অসমৰ ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ ৰজাজন

0 149

পূৰ্ণিমা সূত্ৰধৰ

কামৰূপত ৩৫০ খ্ৰীষ্টাব্দত পুষ্য বৰ্মনে প্ৰতিষ্ঠা কৰা বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা আছিল ভাস্কৰ বৰ্মন। উল্লেখযোগ্য যে ঐতিহাসিক কালৰ কামৰূপৰ প্ৰথম ৰজাজনেই আছিল পুষ্য বৰ্মন। পুষ্য বৰ্মনে প্ৰতিষ্ঠা কৰা বৰ্মন বংশক ভাস্কৰ বৰ্মনে সম্প্ৰসাৰণ তথা গৌৰৱৰ শীৰ্ষত উপনীত কৰাইছিল। সেই সময়ছোৱাত কোনো বুৰঞ্জী লিখাৰ প্ৰথা নাছিল যদিও ভাস্কৰ বৰ্মনৰ ডুবি আৰু নিধনাপুৰ তাম্ৰলিপি, বাণভট্টৰ হৰ্ষচৰিত, বিহাৰৰ নালন্দাত উদ্ধাৰ হোৱা ভাস্কৰ বৰ্মনৰ মাটিৰ মোহৰ, হিউৱেন চাঙৰ টোকা ইত্যাদিৰ পৰা ভাস্কৰ বৰ্মনৰ ৰাজত্বকালৰ বিষয়ে তথ্য আহৰণ কৰিব পাৰি। ভাস্কৰ বৰ্মনৰ পিতৃৰ নাম আছিল সুপ্ৰতিষ্ঠিত বৰ্মন। ভাস্কৰ বৰ্মনে ৫৯৪ খ্ৰীষ্টাব্দত বৰ্মন বংশৰ সিংহাসন আৰোহণ কৰে আৰু ৬৫০ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰে। ভাস্কৰ বৰ্মনক “কুমাৰ ৰজা” হিচাপেও জনা যায়। বাণভট্টই তেওঁৰ হৰ্ষচৰিত গ্ৰন্থত “কুমাৰ” বুলি উল্লেখ কৰাৰ বিপৰীতে হিউৱেন চাঙে তেওঁৰ গ্ৰন্থত “কুমাৰ ৰজা “বুলি উল্লেখ কৰিছে। সম্ভৱতঃ তেওঁ চিৰকুমাৰ হৈ অবিবাহিত জীৱন যাপন কৰাৰ বাবে তেওঁক “কুমাৰ” বুলি সম্বোধন কৰিছিল।
ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত সেই সময়ত উত্তৰ ভাৰতৰ শক্তিশালী ৰজা হৰ্ষবৰ্দ্ধনৰ সৈতে তেওঁৰ মিত্ৰতা স্থাপন হৈছিল। তেওঁলোকৰ অকৃত্রিম মিত্ৰতাৰ বিষয়ে বানভট্টৰ গ্ৰন্থখনত উল্লেখ পোৱা যায়। ইয়াৰ উপৰি ভাস্কৰ বৰ্মনে চুবুৰীয়া চিলেট, ত্ৰিপুৰা আৰু দক্ষিণ পশ্চিম অঞ্চলৰ শাসকসকলক নিজৰ সাৰ্বভৌমত্বৰ মাজত ৰাখিছিল। ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত কামৰূপ ৰাজ্যই যথেষ্ট সম্প্ৰসাৰণ লাভ কৰিছিল। উল্লেখযোগ্য যে তেওঁৰ ৰাজত্বকালতে চীনা পৰিব্ৰাজক হিউৱেন চাঙে ৬৪২-৪৩ খ্ৰীষ্টাব্দত কামৰূপ ভ্ৰমণ কৰিছিল। তেওঁৰ কামৰূপ ভ্ৰমণ সম্পৰ্কে লিখা “চি- ইউ- কি “গ্ৰন্থখন প্ৰাচীন অসমৰ অমূল্য সম্পদ। ভাস্কৰ বৰ্মনে গৌড়ৰ ৰাজ্যৰ পৰা পশুবৰ্ধন পুনৰ উদ্ধাৰ কৰি কামৰূপ ৰাজ্যৰ পৰিসৰ সমুদ্ৰ পৰ্যন্ত বৃদ্ধি কৰিবলৈ সক্ষম হৈছিল। তেওঁ নিজে বিদ্বান ব্যক্তি হোৱাৰ উপৰি ৰাজ্যত শিক্ষা-দীক্ষাৰ প্ৰসাৰৰ বাবেও বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছিল। তেওঁৰ প্ৰচেষ্টাতে কামৰূপ, সেই সময়ত সৰ্বভাৰতীয় পৰ্যায়ৰ এক উল্লেখযোগ্য শিক্ষা কেন্দ্ৰত পৰিণত হৈছিল। ভাস্কৰ বৰ্মন এজন ধৰ্মানুৰাগী ব্যক্তি আছিল। নিজে শৈৱ পন্থাৰ আছিল যদিও অনান্য ধৰ্মীয় পন্থাসমূহকো তেওঁ যথোচিত সন্মান প্ৰৰ্দশন কৰিছিল। চীনা পৰিব্ৰাজক হিউৱেন চাঙক যথোচিত আদৰ অভ্যৰ্থনা কৰাৰ উপৰি হিউৱেন চাঙৰ যোগেদি ভাস্কৰ বৰ্মনে চীন দেশৰ লগত সাংস্কৃতিক বিনিময় কৰিছিল।
আৰ্য সংস্কৃতি প্ৰসাৰণতো ভাস্কৰ বৰ্মনে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ৰাজ্যৰ বিভিন্ন স্থানত তেওঁ শ শ ব্ৰাহ্মণক মাটি বৃত্তি দান কৰি সংস্থাপিত কৰিছিল। ভাস্কৰ বৰ্মনৰ সিংহাসন আৰোহণ কৰাৰ বৰ্ষতে এক নতুন চনৰ প্ৰৱৰ্তন কৰিছিল যাক ভাস্কৰাব্দ বা কামৰূপী চন বোলে। ভাস্কৰ বৰ্মনে কামৰূপ ৰাজ্যৰ মৰ্যাদা সৰ্বভাৰতীয় পৰ্যায়ত জিলিকাই তুলিবলৈ সক্ষম হৈছিল। নিঃসন্দেহে ভাস্কৰ বৰ্মন কেৱল কামৰূপৰে নহয় প্ৰাচীন ভাৰতৰ এজন অন্যতম শ্ৰেষ্ঠ ৰজা আছিল।

ফটোঃ নিধনাপুৰ লিপি

(লেখিকাৰ ঠিকনাঃ বুৰঞ্জী বিভাগ, ষষ্ঠ ষান্মাসিক, জোনাই গাৰ্লছ কলেজ)

মন্তব্য দিয়ক

Your email address will not be published.