অসমৰ চৰকাৰী-বেচৰকাৰী কার্যালয়, আদালত, শিক্ষানুষ্ঠানত অসমীয়া ভাষাৰ ব্যৱহাৰ বাধ্যতামূলক কৰাৰ আহ্বান সাহিত্য সভাৰ
অসম চৰকাৰী ভাষা আইন ১৯৬০ৰ সঠিক ৰূপায়ণৰ আহ্বান অসম সাহিত্য সভাৰ
শতাব্দ, গুৱাহাটী, ২১ ফেব্ৰুৱাৰীঃ ভাষিক বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি ভাৰতৰ ‘ৰাজ্য পুনৰ গঠন আইন, ১৯৫৬’ বলবৎ হোৱাৰ দিন ধৰি অসমৰ সর্ববৃহৎ জাতীয় অনুষ্ঠান ‘অসম সাহিত্য সভা’ৰ মজিয়াৰ পৰা অসমীয়া ভাষাক অসমৰ একমাত্ৰ চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিবলৈ অহৰহ দাবী জনাই অহা হৈছে। অসম সাহিত্য সভাৰ এই দাবী আৰু ১৯৬০ চনৰ ভাষা আন্দোলনৰ ফচল হিচাপে ইতিমধ্যে ‘অসম চৰকাৰী ভাষা আইন, ১৯৬০’ বিধিসম্মতভাৱে গ্রহণ কৰা হৈছে যদিও এইপর্যন্ত অসমত আইনখনৰ সঠিক ৰূপায়ণ হোৱা নাই। চৰকাৰী অধিসূচনা নং পি.এল.বি.৫৬০২১৫/৭৮, দিনাংক-১৪/০৪/২০২৫ আৰু চৰকাৰী পত্র নং পি.এল.বি. ৫৬০২১৫/১১৭, দিনাংক-১৫/১০/২০২৫ যোগে উল্লিখিত আইনখনৰ সঠিক ৰূপায়ণৰ বাবে চৰকাৰী কাৰ্যালয়সমূহলৈ নির্দেশনা প্রেৰণ কৰা হৈছে যদিও এই পর্যন্ত তাৰ কোনো ফলৱতী প্রতিফলন পৰিলক্ষিত নোহোৱাত আজি অসম সাহিত্য সভাৰ উদ্যোগত কেন্দ্ৰীয় কাৰ্যালয়, গুৱাহাটী কাৰ্যালয়, আঞ্চলিক কাৰ্যালয়, জিলা সাহিত্য সভা সমূহ, শাখা সাহিত্য সভাৰ তৰফৰ পৰা পৃথকে পৃথকে অসমীয়া ভাষা আৰু সংস্কৃতি সুৰক্ষাৰ স্বার্থত অত্যন্ত সংবেদনশীল এই আইনখন সঠিক ৰূপায়ণৰ বাবে বাস্তৱসন্মত কঠোৰতম ব্যৱস্থা গ্রহণ কৰিবলৈ আজি জিলা সমূহৰ আয়ুক্তসকলৰ যোগেদি মুখ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰে বুলি সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই জানিবলৈ দিয়ে। সেই অনুসৰি যোৰহাটত অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীৰ নেতৃত্বত অসম সাহিত্য সভাৰ ধনভৰালী মণিৰাম লাহন, আইন উপদেষ্টা জয়ন্ত দেৱ শৰ্মা, কেন্দ্ৰীয় কাৰ্যালয়ৰ সচিব অশোক সেনাপতি, প্ৰচাৰ আহ্বায়ক শংকুসিদ্ধ নাথ, যোৰহাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° ৰাতুল চন্দ্ৰ বৰা, কৰ্মচাৰী ড° ৰাজশ্ৰী হাজৰিকা প্ৰমুখ্যে এটি সজাতি দলে যোৰহাট জিলাৰ অতিৰিক্ত আয়ুক্ত মগেন নৰহৰ যোগেদি এই পত্ৰ অসম চৰকাৰক প্ৰদান কৰে। ইফালে তিনিচুকীয়া, ধেমাজি, নলবাৰী প্ৰমুখ্যে অধিকাংশ জিলাত কেন্দ্ৰীয় বিষয়ববীয়া আৰু জিলা সাহিত্য সভাৰ বিষয়ববীয়াসকলৰ নেতৃত্বত উক্ত কাৰ্যসূচী সুকলমে সম্পন্ন হয়।।
