অসমৰ তপন কুমাৰ ডেকাক আই বিৰ মুৰব্বী নিযুক্তি

0 22

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৪ জুন : অহা ৩০ জুনত বৰ্ধিত কাৰ্যকাল সমাপ্ত হ’বলগীয়া অৰবিন্দ কুমাৰৰ ঠাইত আজি ২৪ জুনত আই পি এছৰ জ্যেষ্ঠ বিষয়া তপন কুমাৰ ডেকাক চোৰাংচোৱা ব্যুৰোৰ (আই বি) মুৰব্বী নিযুক্তি দিয়া হয়। তেওঁ আই বিৰ অপাৰেচন উইং চম্ভালি আহিছিল। বিভাগীয় মন্ত্ৰালয়ে জাৰি কৰা আনুষ্ঠানিক আদেশ অনুসৰি তেওঁ দুবছৰৰ বাবে আই বিৰ নতুন সঞ্চালক হিচাপে দায়িত্ব গ্ৰহণ কৰিব। ডেকা হিমাচল প্ৰদেশৰ কেডাৰৰ ১৯৮৮ বেটচৰ আই পি এছ বিষয়া আৰু চোৰাংচোৱা ব্যুৰো (আই বি)ৰ সঞ্চালক হিচাপে নিযুক্তি লাভ কৰা উত্তৰ-পূবৰ প্ৰথমজন আৰক্ষী বিষয়া। ৫৮ বছৰীয়া ডেকাই বৰ্তমান আই বিৰ বিশেষ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে আৰু লগতে জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ দায়িত্বত আছে। ডেকাই বেছিভাগ সময়েই ভাৰতীয় চোৰাংচোৱা ব্যুৰোৰ সৈতে কাম কৰিছিল আৰু তেওঁ এন এছ এৰ অজিত ডোভালৰ ঘনিষ্ঠ হিচাপে পৰিচিত। ১৯৯৮ চনত তেওঁ চোৰাংচোৱা ব্যুৰোত যোগদান কৰে আৰু তেতিয়াৰ পৰা তেওঁক কেতিয়াও আৰক্ষীৰ ইউনিফৰ্মত দেখা পোৱা নগ’ল। ডেকা পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰীধাৰী আৰু এসময়ত আছুৰ নেতা আছিল। তেওঁ প্ৰথম প্ৰয়াসত ভাৰতীয় আৰক্ষী সেৱা (আই পি এছ) ‘ক্লিয়াৰ’ কৰিছিল।

মন্তব্য দিয়ক

Your email address will not be published.