- অসম অৰুণাচল সীমান্তৰ ৰামপুৰত উত্তেজনা
- পুনৰ অসমৰ বনাঞ্চল ধবংস
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৭ জুনঃ লখিমপুৰ জিলাৰ হাৰমতী আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত ৰামপুৰত আজি অৰুণাচলীয়ে পুনৰ অসমৰ বন বিষয়া-কৰ্মীলৈ লক্ষ্য কৰি গুলীচালনা কৰে৷ উল্লেখ্য যে অসম-অৰুণাচল সীমান্তৱৰ্তী ৰামপুৰ বেলবস্তিৰ পশ্চিম দিশে ফকলেনেৰে অসমৰ বনাঞ্চল ধ্বংস কৰা কাৰ্যৰ খবৰ লাভ কৰি অসম তথা লখিমপুৰৰ উচ্চ পদস্থ আৰক্ষী বিষয়া, জিলা বন সংমণ্ডল প্ৰাধিকাৰী আদি বিষয়া-কৰ্মচাৰীসকল উক্ত স্থানত উপস্থিত হোৱাৰ সময়তে এনে ঘটনা সংঘটিত হয়৷ আজি পুৱাৰ ভাগতে একাংশ অৰুণাচলীয়ে ৰামপুৰ বেলবস্তিৰ পশ্চিম দিশে ফকলেন, জেচিবি লগাই অসমৰ সংৰক্ষিত বনাঞ্চলৰ প্ৰায় তিনি-চাৰি হেক্টৰ বনাঞ্চল ধ্বংস কৰাৰ খবৰ পাই বন বিভাগ-আৰক্ষীৰ ১০-১২ জনীয়া এটা দলে ঘটনাস্থলীত দুপৰীয়া উপস্থিত হোৱাত অৰুণাচলী দুষ্কৃতিকাৰীসকলে এখন ফকলেন ঘটনাস্থলীতে এৰি সেই ঠাইৰ পৰা পলায়ন কৰে যদিও পাছত অৰুণাচলী দুবৃৰ্ত্তই শূন্যলৈ গুলীচালনা কৰি অসমৰ বন বিষয়া, বনকৰ্মী-আৰক্ষীৰ দলটোক ভাবুকি প্ৰদান কৰে৷
লখিমপুৰ জিলাৰ চিলনীবাৰী আৰক্ষী চকীৰ অন্তৰ্গত উক্ত এলেকাত বনাঞ্চল ধ্বংস কৰি থকাৰ খবৰ পাই লখিমপুৰ বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া অশোক দেৱচৌধুৰী, জিলা উপ-আৰক্ষী অধীক্ষক দেবেন বৰাৰ লগতে লখিমপুৰ আঞ্চলিক বন বিষয়া সহ লখিমপুৰ আৰক্ষীৰ এটা দল গৈ অৰুণাচলীয়ে বন ধ্বংস কৰা স্থানত উপস্থিত হোৱাৰ পিছতে অঞ্চলটোত এনে উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়৷ অৰুণাচলীয়ে অসমৰ বন বিভাগ আৰু আৰক্ষীৰ দলটোৰ উপস্থিতিৰ উমান পাই সেই স্থানৰ পৰা পলায়ন কৰে যদিও ইয়াৰ পৰৱৰ্তী সময়ত অৰুণাচলীয়ে হাতে হাতে দা-যাঠি-বন্দুক লৈ অসমৰ দলটোক আক্ৰমণ কৰিবলৈ উদ্যত হোৱাত অসমৰ বন বিভাগ আৰু আৰক্ষীৰ দলটো পিছুৱাই আহিবলৈ বাধ্য হয়৷ উল্লেখ যে অসম-অৰুণাচলৰ সীমা সমস্যাক লৈ দুই ৰাজ্যৰ মাজত চুক্তি স্বাক্ষৰ হোৱাৰ পাছতো অৰুণাচলীয়ে সীমান্তৱৰ্তী এলেকাত আগ্ৰাসী মনোভাৱেৰে ধাৰাবাহিক ভাৱে বিভিন্ন স্থানত এনেধৰণৰ ঘটনা সংঘটিত কৰি আহিছে৷ তৎস্বত্বেও অসম চৰকাৰৰ এই ক্ষেত্ৰত নিৰ্লিপ্ত ভূমিকাই অৰুণাচলী দুষ্কৃতিকাৰীক এনে ঘটনা সংঘটিত কৰিবলৈ উৎসাহ যোগাইছে৷ এনে পৰিস্থিতিত সীমান্তৱৰ্তী অঞ্চলৰ ৰাইজ সম্প্ৰতি আতংকিত হৈ পৰিছে৷ লক্ষণীয় কথা যে মাত্ৰ কেইদিনমানৰ পূৰ্বে ধেমাজিৰ পাণবাৰীত অৰুণাচলীৰ গুলীত দুজন লোক নিহত হৈছিল৷ আজিও ৰামপুৰত তেনে ঘটনাৰ পুনৰাবৃত্তিৰ পৰা অসমৰ বন বিষয়া, আৰক্ষী বিষয়াসকল কথমপি ৰক্ষা পৰে৷
পূৰ্বৱৰ্তী লেখা
নিম্ন প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক পদ সৃষ্টিৰ দাবীত প্ৰতিবাদ অব্যাহত প্ৰাথমিক শিক্ষক সন্মিলনীৰ
পৰৱৰ্তী লেখা