অসমৰ মানুহে সোৱাদ ল’বলৈ নোপোৱা লিচু লণ্ডনলৈ

0 101

শতাব্দ প্ৰতিনিধি তেজপুৰ ,১১ জুন : তেজপুৰৰ সু-স্বাদু লিচু যাব লণ্ডনলৈ। আজি মুখ্যমন্ত্ৰীয়ে তেজপুৰত ফ্লেগ অফ কৰি লণ্ডনলৈ বুলি লিচু প্ৰেৰণ কৰে।তেজপুৰ বাটমাৰী সন্মিলন কক্ষত অনুষ্ঠিত হোৱা আজিৰ কেবিনেট বৈঠকৰ পিছতে মুখ্যমন্ত্ৰীয়ে এই অনুষ্ঠানৰ ফ্লেগ অফ কৰে ।সোমবাৰে গুৱাহাটীৰ পৰা দিল্লী, দিল্লীৰ পৰা লণ্ডনলৈ পঠিওৱা হব চাহ আৰু তেজপুৰৰ লিচু।মুঠ ৬৫০ কেজি লিচু আজি লণ্ডনলৈ পঠিওৱা হয়।লণ্ডনলৈ পঠোৱা এটা লিচুৰ মূল্য ৩৫ পৰা ৪০ টকা মূল্যত কৃষকৰ পৰা ক্ৰয় কৰিছে । উল্লেখযোগ্য যে, ১৯২৩-২৪ চনত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা তেজপুৰ পৌৰ সভাৰ প্ৰথমজন পৌৰপতি পদ্মনাথ গোহাঞি বৰুৱাই ৰোৱা গছ জোপাৰ পৰা এই লিচু লণ্ডনলৈ প্ৰেৰণ কৰা হৈছে । অগ্নিগড় ফাৰমাৰ এশ্যচিয়েশ্যনৰ আৰু জিলা কৃষি বিভাগৰ সহায়ত লণ্ডনলৈ। Exims privte limited য়ে লণ্ডনলৈ পঠোৱা ব্যৱস্থা গ্ৰহণ কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.