শতাব্দ প্ৰতিনিধি তেজপুৰ,২৩মে’:
বিপৰ্যয়ে লগ নেৰা অসম প্ৰদেশ কংগ্ৰেছ দলৰ ৰাজ্যিক মুখপাত্ৰ হিচাপে আজি শোণিতপুৰৰ কংগ্ৰেছ নেতা দাদুল বৰকাকতিক নিয়োগ কৰা হৈছে। অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিপুল গগৈয়ে স্বাক্ষৰ কৰা পত্ৰত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বৰকাতিক কংগ্ৰেছৰ ৰাজ্যিক মুখপাত্ৰ হিচাপে নিয়োগ কৰা বুলি উল্লেখ কৰে। উল্লেখ্য যে,প্ৰাক্তন ছাত্ৰনেতা বৰকাকতি যোৱা বিধান সভা নিৰ্বাচনত চতিয়া বিধান সভা সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল য’দিও পাছত এক পথ দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আহত হোৱাত তেওঁ সেই দাবী বিসৰ্জন দিবলগীয়া হৈছিল ।

পূৰ্বৱৰ্তী লেখা
মানব কেন্দ্ৰীক বিকাশত গুৰুত্ব দিয়ক, বানগ্ৰস্ত লোকক উদ্ধাৰ কৰক, অমানবীয় উচ্ছেদ বন্ধ কৰক
পৰৱৰ্তী লেখা