অসম সাহিত্য সভাৰ পঞ্চম পূৰ্ণাংগ কাৰ্যনিৰ্বাহক

২৪ এপ্ৰিলত বৰপেটাৰ সৰভোগত

0 162

শতাব্দ জিলা প্ৰতিনিধি তেজপুৰ, ২০ এপ্ৰিলঃ অসম সাহিত্য সভাৰ ২০২০-২২ বৰ্ষৰ কাৰ্যনিৰ্বাহক সমিতিৰ পঞ্চম পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভাখন অহা ২৪ এপ্ৰিলত বৰপেটাৰ বৰনগৰ শাখা সাহিত্য সভা আৰু বৰনগৰ মহাবিদ্যালয়ৰ উদ্যোগত সৰভোগৰ বৰনগৰ মহাবিদ্যালয়ত আয়োজন কৰা হৈছে । অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই আজি তেজপুৰত এক সংবাদ বিজ্ঞপ্তিৰ জৰিয়তে এই কথা জানিবলৈ দি কয় যে, এই সভাত কাৰ্যনিৰ্বাহকৰ সকলো বিষয়ববীয়া, সদস্য, উপসমিতিসমূহৰ কাৰ্যকৰী সভাপতি, আহ্বায়ককে ধৰি সকলো সদস্যক উপস্থিত থাকিবলৈ আহ্বান জনাইছে। আনহাতে এই পঞ্চম পূৰ্ণাংগ কাৰ্যনিৰ্বাহকত সভাৰ বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ লগতে এই সভাতেই আগন্তুক কাৰ্যকালৰ নিবাৰ্চনী সমিতিও গঠন কৰাৰ কথা উল্লেখ কৰিছে ।

মন্তব্য দিয়ক

Your email address will not be published.