আখলত ‘আগুন’! দাম বাঢ়িল ঘৰুৱা ৰন্ধন গেছৰ, কমিল বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য

বিশ্বৰ ভিতৰত ভাৰততেই গেছৰ মূল্য সৰ্বোচ্চ

0 23

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৭ মে’ : আকৌ এবাৰ ৰন্ধন গেছৰ মূল্যবৃদ্ধি। মাহৰ আৰম্ভণিতে বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্যবৃদ্ধি কৰিছিল ৰাষ্ট্ৰীয়কৃত তেল বিপণন সংস্থাসমূহে। এইবাৰ ঘৰুৱা ব্যৱহাৰৰ চিলিণ্ডাৰৰ পাল পৰিল। ৬ মে’ৰ মাজৰাতিৰ পৰা গার্হস্থ্য চিলিণ্ডাৰৰ দাম চিলিণ্ডাৰে প্ৰতি ৫০ টকাকৈ বৃদ্ধি কৰা হৈছে।

* মার্চৰ পিছত দ্বিতীয় বাৰলৈ মূল্য বৃদ্ধি
যোৱা ১ মার্চত ঘৰুৱা ব্যৱহাৰ্য চিলিণ্ডাৰৰ মূল্য সংশোধন কৰা হৈছিল শেষবাৰৰ বাবে। মাজতে এপ্রিল মাহত মূল্য বঢ়োৱা হোৱা নাছিল। মার্চতো চিলিণ্ডাৰে প্ৰতি গেছৰ দাম ৫০ টকাকৈ বৃদ্ধি কৰা হৈছিল।

* দাম কমিল বাণিজ্যিক চিলিণ্ডাৰৰ
পহিলা মে’ৰ মাজৰাতিৰ পৰা সমগ্ৰ দেশতে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰা হৈছিল। ১৯ কেজিৰ চিলিণ্ডাৰৰ দাম বৃদ্ধি হৈছিল ১০০ টকাকৈ। ইয়াৰ পূৰ্বে যোৱা ১ এপ্রিলত বাণিজ্যিক চিলিণ্ডাৰৰ দাম বাঢ়িছিল ২৫০ টকাকৈ। এতিয়া অৱশ্যে বাণিজ্যিক চিলিণ্ডাৰৰ দাম কমিছে। পিছে কিমানকৈ জানেনে? মাত্ৰ ৯.৫০ টকাকৈ।

* অপৰিৱৰ্তিত পেট্র’ল আৰু ডিজেলৰ মূল্য
গেছৰ দাম বাঢ়িলেও দেশত পেট্র’ল আৰু ডিজেলৰ দাম আপাতত অপৰিৱর্তিত হৈ আছে। ২২ মার্চৰ পৰা ৬ এপ্রিলপর্যন্ত দেশৰ তেল বিপণন সংস্থাসমূহে ১৪ বাৰ দাম বৃদ্ধি কৰিছিল। তাৰ পিছৰে পৰা মূল্য অপৰিৱর্তিত হৈ আছে। সেই সময়ত কোৱা হৈছিল যে, আন্তর্জাতিক বজাৰত মূল্যবৃদ্ধিৰ কাৰণেই ইন্ধনৰ দাম বৃদ্ধি পাইছে।

* প্রতিমাহতে নির্ধাৰণ কৰা হয় গেছৰ নতুন মূল্য
সাধাৰণভাৱে প্রতি মাহৰ ১ তাৰিখে এলপিজিৰ মূল্য সংশোধন কৰি থাকে বিভিন্ন ৰাষ্ট্ৰীয়কৃত সংস্থাসমূহে। অৱশ্যে এইবাৰ মাহৰ আৰম্ভণিতে ঘৰুৱা ১৪.২ কেজিৰ চিলিণ্ডাৰৰ দাম বৃদ্ধি কৰা নাছিল ৰাষ্ট্ৰীয়কৃত তেল সংস্থাসমূহে। ৬ মে’ত ডলাৰৰ বিপৰীতে টকাৰ মূল্য কমি হয়গৈ ৭৬.৯৭ টকা। পিছত অৱশ্য টকাৰ মূল্য কিছু বাঢ়ি হয়গৈ ৭৬.৮৫ টকা। ১ মে’ত আন্তর্জাতিক বজাৰত বেৰলে প্রতি তেলৰ মূল্য আছিল ১১০ মার্কিন ডলাৰ। যিহেতু দেশৰ প্রায় ৮৫ শতাংশ ইন্ধন আমদানি কৰিবলগীয়া হয়, সেই কাৰণে আন্তর্জাতিক বজাৰত ইন্ধনৰ মূল্য বৃদ্ধি কিম্বা টকাৰ মূল্য কমি যোৱাৰ বিষয়টোৱে দেশত ইন্ধনৰ মূল্যত প্রভাৱ পেলায়।

* বিশ্বৰ ভিতৰত ভাৰততেই গেছৰ মূল্য সৰ্বোচ্চ
মূল্যবৃদ্ধিৰ হেঁচাত নাজল নাথল অৱস্থা ভাৰতীয়ৰ। এফালে পেট্র’ল, ডিজেলৰ দাম আৰু অন্যফালে সাধাৰণ জনতাক চিন্তাত পেলাই বাঢ়িল ৰন্ধন গেছৰ মূল্য। Times of Indiaত প্রকাশিত তথ্যমতে বিশ্বৰ ভিতৰত ভাৰততেই গেছৰ মূল্য সর্বোচ্চ। ভাৰতৰ পিছত আছে তুৰষ্ক, ফিজি, মলডোভা আৰু ইউক্রেইন। আনহাতে যিবোৰ দেশত ৰন্ধন গেছৰ দাম সকলোতকৈ কম, সেই তালিকাত আছে ছুইজাৰলেণ্ড, ফ্রান্স, কানাডা আৰু ইংলেণ্ড।

মন্তব্য দিয়ক

Your email address will not be published.