আজিৰেপৰা বিদ্যালয়, মহাবিদ্যালয় পৰিচালনা সমিতিৰ প্ৰশিক্ষণ আৰম্ভ

0 22

শতাব্দৰ প্ৰতিনিধি, ১০মে: লখিমপুৰ জিলাৰ উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ নৱগঠিত পৰিচালনা সমিতিসমূহৰ প্ৰশিক্ষণ নাৰায়ণপুৰ শিক্ষা খণ্ডত আজিৰে পৰা আৰম্ভ হৈছে।সমগ্ৰ শিক্ষা অসম’ৰ অধীনত আৰম্ভ হোৱা এই প্ৰশিক্ষণ ১০-১১মে’ত মাধৱদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰু ১১- ১২ মে’ৰ পৰা ঢলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰা হ’ব।
আজিৰেপৰা দুদিনীয়াকৈ মাধৱদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰশিক্ষণ হোৱা বিদ্যালয় সমূহ ক্ৰমে বৰবালি আদৰ্শ উচ্চ মাধ্যমিক,বৰখেটমতীয়া উচ্চ মাধ্যমিক, চিলাৰায় উচ্চ মাধ্যমিক, গোসাঁইবাৰী উচ্চ মাধ্যমিক,জনকল্যাণ উচ্চ মাধ্যমিক,বিজয়পুৰ উচ্চ মাধ্যমিক,লেটেকুপুখুৰী উচ্চ মাধ্যমিক, মাধৱদেৱ উচ্চ মাধ্যমিক,দেওতোলা উচ্চ মাধ্যমিক, মিলনজ্যেতি উচ্চ মাধ্যমিক, মৰিডিক্ৰং ট্ৰাইবেল উচ্চ মাধ্যমিক, নামনি ডিক্ৰং উচ্চ মাধ্যমিক, নাৰায়ণপুৰ উচ্চ মাধ্যমিক, নবোদয় বালিকা উচ্চ মাধ্যমিক, ফুলনিখাট উচ্চ মাধ্যমিক, ৰাজীৱ গান্ধী উচ্চ মাধ্যমিক, আৰু তাঁতীবাহাৰ উচ্চ মাধ্যমিক বিদ্যালয়। এইসমূহ বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰশিক্ষণ প্ৰদান কৰিব উদ্বাস্তু উচ্চ মাধ্যমিক বিদ্যালয়ৰ অবসৰী প্ৰধান শিক্ষক প্ৰদীপ দে আৰু মাধৱদে উচ্চ মাধ্যমিক বিদ্যালয়ৰ অবসৰী প্ৰধান শিক্ষক ভৱ পূজাৰীয়ে। আনহাতে অহা ১১ মেৰ পৰা ঢলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হ’ব লগা প্ৰশিক্ষণত অংশগ্ৰহণ কৰিব লগা পৰিচালনা সমিতিসমূহ হ’ল ক্ৰমে ভেলাইমৰা উচ্চ মাধ্যমিক,ঢলপুৰ উচ্চতৰ মাধ্যমিক, গোহাঞিপুখুৰী উচ্চ মাধ্যমিক, হাৰমতী পিছলা উচ্চ মাধ্যমিক, হাৱাজান একাডেমী উচ্চ মাধ্যমিক জনপ্ৰিয় উচ্চ মাধ্যমিক, জনকল্যাণ আদৰ্শ উচ্চ মাধ্যমিক, কচুৱা মাল্টিপাৰপ’ছ উচ্চ মাধ্যমিক, কমলপুৰ উচ্চ মাধ্যমিক, মাজঘাট উচ্চ মাধ্যমিক, মেৰমুখ বালক বালিকা উচ্চ মাধ্যমিক, নামনি সোৱণশিৰি উচ্চতৰ মাধ্যমিক, নাৰায়ণপুৰ আদৰ্শ উচ্চ মাধ্যমিক, তিনটিয়া আঁহতগুৰি উচ্চ মাধ্যমিক আৰু ভিবীৰাম হাজৰিকা মহাবিদ্যালয়। এইসমূহ বিদ্যালয়, মহাবিদ্যালয়ৰ প্ৰশিক্ষণ প্ৰদান কৰিব মাধৱদেৱ মহাবিদ্যালয়ৰ অবসৰী অধ্যক্ষ মোহন হাজৰিকা আৰু পিছলাগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অবসৰী অধ্যক্ষ গুনীন বৰাই।

মন্তব্য দিয়ক

Your email address will not be published.