আজি নাৰায়ণপুৰত বিহু সন্মিলন
নাৰায়ণপুৰ, ২৪ এপ্ৰিলঃ বাৰবৈষ্ণৱৰ জন্মস্থান নাৰায়ণপুৰৰ জালভৰীয়াত আজিৰেপৰা আৰম্ভ হৈছে কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত আৰু বিশ্বজ্যেতি যুৱ সংঘৰ সহযোগত অনুষ্ঠিত হোৱা সন্মিলনখনত বৃহত্তৰ অসমীয়া জাতি জনগোষ্ঠীৰ সম্প্ৰীতিৰ প্ৰতি লক্ষ্য ৰাখি নিশাৰ কাৰ্যসূচীত সমন্বয় সাংস্কৃতিক কাৰ্যসূচীৰো অন্তৰ্ভুক্ত কৰা হৈছে। আজি পুৱা বেচৰকাৰী সংস্থা ‘হৰিনাম সমাজ’ আৰু ‘প্ৰিয়বন্ধু’ৰ দ্বাৰা পৰিৱেশ নিকাকৰণেৰে কাৰ্যসূচী শুভাৰম্ভ হোৱা সন্মিলনখনত ৯ বজাত পতাকা উত্তোলন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নাৰায়ণপুৰ আঞ্চলিক সমিতিৰ সভাপতি গৌতম বনিয়াই আৰু বিহু পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি অৰূপ কাকতিয়ে। ৰিছি ভূষণ হাজৰিকাই ছহিদ তৰ্পণ কৰা সন্মিলনখনত বৃক্ষ ৰোপন কৰে ক্ৰমে নাৰায়ণপুৰ থানাৰ আৰক্ষী বিষয়া দুলাল চন্দ্ৰ বৰা আৰু লখিমপুৰ জিলা অনুসূচিত জাতি উন্নয়ন ব’ৰ্ডৰ প্ৰাক্তন সভাপতি কিৰণ বনিয়াই। সন্মিলনখত দিনৰ ভাগত মৌ বিহুৱা,মৌ বিহুৱতী আৰু দলীয় বিহু প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ পিছত নিশালৈ আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানত উপস্থিত থাকি গীতৰ শৰাই আগবঢ়াব ক্ৰমে মানস ৰবীন, বিপুল চেতিয়া ফুকন আৰু খগেন গগৈয়ে। সন্মিলনখন সাফল্যমণ্ডিত কৰি তুলিবলৈ ৰাইজলৈ অনুৰোধ জনাইছে আয়োজকমণ্ডলীৰ হৈ অ:জা:যু:ছা:প: কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি হেমচন্দ্ৰ গোস্বামী আৰু উদযাপন সমিতিৰ হৈ ক্ৰমে মনোজ কুমাৰ বৰা, প্ৰণৱ হাজৰিকা, মন্দীপ নেওগ আৰু অৰূপ কাকতিয়ে।