আঠ বছৰত আবেদন কৰা ২২.০৫ কোটিৰ ভিতৰত ৭.২২ লাখেহে পালে চাকৰি

0 17

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৯ জুলাইঃ এটা চৰকাৰী চাকৰিৰ বাবে নিবনুৱাৰ হাহাকাৰৰ মাজতে কেন্দ্ৰীয় চৰকাৰৰ তথ্য। চাকৰিৰ বাবে ২০১৪ চনৰ পৰা এতিয়ালৈকে দেশৰ ২২.০৫ কোটি লোকে আৱেদন জনাইছিল। ইয়াৰ ভিতৰত সংস্থাপন লাভ কৰে মাত্ৰ ৭.২২ লাখ লোকেহে। কেন্দ্ৰীয় চৰকাৰে লোক সভাত এই তথ্য প্রকাশ কৰে। সাংসদ অনুমুলা আৰ ৰেড্ডীয়ে লোক সভাত সোধা প্ৰশ্নৰ উত্তৰত কৰ্মচাৰী আৰু পেঞ্চন বিভাগৰ মন্ত্ৰী জিতেন্দ্র সিঙে এই তথ্য প্ৰকাশ কৰে।মন্ত্ৰীজনে প্ৰকাশ কৰা তথ্য অনুসৰি সৰ্বাধিক নিয়োগ হৈছিল ২০১৯-২০ বৰ্ষত। লোক সভাৰ নিৰ্বাচন হোৱা বৰ্ষটোত মুঠ ১.৪৭ লাখ লোকক নিযুক্তি দিয়া হৈছিল। সেই বছৰ মুঠ ১.৭৮ কোটি লাখ লোকে চাকৰিৰ বাবে আৱেদন জনাইছিল। আনহাতে ২০১৪-১৫ বৰ্ষত ১.৩০ লাখ লোকে চৰকাৰী নিযুক্তি লাভ কৰিছিল। তাৰ পাছত ক্রমান্বয়ে নিযুক্তি হ্ৰাস পাবলৈ ধৰে। আনহাতে চৰকাৰী চাকৰিৰ বাবে সৰ্বাধিক ৫.০৯ কোটি লোকে আৱেদন জনাইছিল ২০১৮-১৯ বৰ্ষত।তেওঁ লগতে প্ৰকাশ কৰে যে কেন্দ্ৰীয় চৰকাৰে চাকৰি সৃষ্টিত অগ্ৰাধিকাৰ দি আহিছে। তেওঁ চাকৰি সৃষ্টিৰ বাবে চৰকাৰে হাতত লোৱা আঁচনিসমূহৰ বিষয়েও উল্লেখ কৰে।

মন্তব্য দিয়ক

Your email address will not be published.