আত্মসমৰ্পণকাৰী আলফা জীতেন দত্তক  সকীয়নি আলফা স্বাধীনৰ

0 7

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৩ আগষ্ট: আত্মসমৰ্পণকাৰী আলফা নেতা জীতেন দত্তক এইবাৰ সকীয়নি প্ৰদান কৰিছে সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]এ। শদিয়াৰ এখন কৃষিপামৰ নেপথ্যত যাতে জীতেন দত্ত কোনোপ্ৰকাৰে জড়িত নহয় তাৰ বাবে আলফা স্বাধীনে সকীয়াই দিছে। “শতাব্দ”লৈ প্ৰেৰিত এক বিবৃতিত আলফা স্বাধীনৰ সহঃ সম্পাদক, প্ৰচাৰ বিভাগৰ ঈশান অসমে কয়-ঔপনিৱেশিক ভাৰতৰ তথা-কথিত সংবিধান, আইন আৰু শাসনে সৃষ্টি কৰা সমস্যাৰ এক অন্যতম সমস্যা হৈছে অসমৰ বৰ্দ্ধিত নিবনুৱা সমস্যা। নিবনুৱাৰ ভৰত ভাৰাক্ৰান্ত আজিৰ অসম। কৰ্মবিমুখ থলগিৰিক এই সমস্যাৰ পৰা কিছু সকাহ দিয়াৰ উদ্দেশ্যেৰে নব্বৈ দশকৰ আৰম্ভণিৰ পৰাই “সংযুক্ত মুক্তি বাহিনী, অসম” সংগঠনে বিভিন্ন অঞ্চলত কৃষিপাম সৃষ্টি কৰি সেইসমূহৰ যোগেদি থলগিৰি যুৱক-যুৱতীসকলক আত্মনিৰ্ভৰ হোৱাৰ লগতে ব্যৱসায়ৰ প্ৰতি উৎসাহ আৰু প্ৰেৰণা যোগাই আহিছিল। সাম্প্ৰতিক পৰিৱেশ প্ৰতিকূল হ’লেও নব্বৈ দশকৰ সেই ধাৰা আজিও “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনে বাহাল ৰাখিছে। কেৱল সংগঠনৰ চলমান শিবিৰ সমূহতেই নহয়, অসমৰ বিভিন্ন প্ৰান্তৰ কৃষি উপযোগী ছনপৰা মাটিত সেই অঞ্চলৰ উদ্যোমী যুৱক-যুৱতী সকলক কৃষিকৰ্মৰ যোগেদি স্বনিৰ্ভৰশীল হৈ আন দহগৰাকীৰ বাবে আদৰ্শ পথিক হ’বলৈ আমাৰ সংগঠনে অহোপুৰুষাৰ্থ কৰি আহিছে। তেখেত সকলৰ সফলতা থলগিৰিৰ বাবে এক গৌৰৱৰ বিষয়। এই সফল কৃষক সকলৰ দৰেই সকলোৱে কৰ্মমুখী হৈ জাতিটোক আগুৱাই নিয়াটোৱেই আমাৰ সকলোৰে কাম্য।
কিন্তু, কৃষিকৰ্মৰ তথা কৃষিপাম প্ৰতিষ্ঠাৰ গইনা লৈ যিসকলে অসমৰ হৃত স্বাধীনতা পুনৰুদ্ধাৰ আৰু পুনৰপ্ৰতিষ্ঠাৰ বাবে তৰা জাতীয় মুক্তি বিপ্লৱখনৰ লগতে ইয়াৰ ধ্বজাবাহক “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনক ক্ষতি কৰাৰ উদ্দেশ্যেৰে বিভিন্ন অঞ্চলত বিভিন্ন পৰিকল্পনা হাতত লৈ তাক বাস্তবায়িত কৰিবলৈ উদ্যত হৈছে, সেয়া কেতিয়াও কোনো কাৰণতেই সমৰ্থযোগ্য হ’ব নোৱাৰে। তেনে কু-অভিসন্ধি কলিতেই মোহাৰি পেলাবলৈ “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনৰ বদ্ধপৰিকৰ।
অতি সম্প্ৰতি অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী তিনিচুকীয়া জিলাৰ শদিয়াৰ টেঙাপানী অঞ্চলৰ শিলাগুৰি চাপৰিত পদ্মেশ্বৰ মৰাণৰ নেতৃত্বত “শতফুল” নামৰ বে-চৰকাৰী সংস্থাটোৰ নামত যি পাম সৃষ্টি কৰি নিবনুৱা কৃষক বন্ধু সকলে আত্মনিৰ্ভৰ হ’বলৈ আঁচনি হাতত লৈছে, সেই ক্ষেত্ৰত “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনৰ কোনোধৰণৰ আপত্তি নাই। আপত্তি থাকিব, যেতিয়া আত্মসমৰ্পনকাৰী আলফা সদস্য জিতেন দত্ত সেই পামৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে  জড়িত হৈ থাকিব, অথবা আঁৰকাপোৰৰ আঁৰৰ পৰা পামখন নিয়ন্ত্ৰণ কৰিব বিচাৰিব। কিয়নো; জিতেন দত্তৰ কৰ্মকাণ্ডৰ বিষয়ে সকলোৱেই জ্ঞাত। সংগঠনত থকাৰ পৰা আত্মসমৰ্পন কৰা আৰু পিছলৈ আনকি আজি পৰ্যন্ত সংগঠনৰ যি ক্ষতি সাধন কৰিছে সেয়া অসমৰ সংগ্ৰামী বুৰঞ্জীত ক’লা অধ্যায় হিচাপে পৰিগণিত হৈ ৰ’ব। সম্প্ৰতি সেইজন ব্যক্তি শতফুলৰ প্ৰস্তাৱিত পামখনৰ সৈতে জড়িত হ’লে আমাৰ সংগঠনৰ সৈতে সংঘাত হোৱাৰ উপক্ৰম হ’ব। তেনে পৰিৱেশৰ সূচনা হ’ল তাৰ বাবে শতফুল কৰ্তৃপক্ষৰ লগতে চৰকাৰ-প্ৰশাসনেই দায়ী হ’ব লাগিব। সেয়েহে, বিশেষকৈ তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাৰ অৰুণাচল আৰু নাগালেণ্ডৰ সীমামূৰীয়া অঞ্চলত জিতেন দত্তৰ উপস্থিতি আৰু কাৰ্য্যকলাপ কোনো কাৰণতেই মানি লোৱা নহ’ব। গতিকে শতফুল সংস্থাৰ প্ৰস্তাৱিত পামখনৰ সৈতে জিতেন দত্তক জড়িত নকৰাবলৈ শতফুলৰ সংশ্লিষ্ট  বিষয়ববীয়াক আহ্বান জনালোঁ।

মন্তব্য দিয়ক

Your email address will not be published.