আন্তঃগাঁথনি জৰীপৰ বাবে হ’ব এইবাৰ হ’ব “স্বাস্থ্য উৎসৱ”

অসমত চৰকাৰী চিকিৎসালয়ৰ সেৱাৰ মূল্যায়নৰ লক্ষ্যৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ঘোষণা

0 24

গুৱাহাটী, ২৬ আগষ্ট: চৰকাৰী চিকিৎসালয়সমূহৰ আন্তঃগাঁথনি আৰু সেৱাৰ মান পৰ্যালোচনাৰ বাবে অসমত স্বাস্থ্য উৎসৱৰ আয়োজন কৰিব ৰাজ্য চৰকাৰে। গুৱাহাটীৰ অসম প্ৰশাসনিক পদাধিকাৰীৰ মহাবিদ্যালয়ত স্বাস্থ্য বিভাগৰ দ্বাৰা আয়োজিত এখন ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালা উদ্বোধন কৰি স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰী কেশৱ মহন্তই আজি এইকথা ঘোষণা কৰে। স্বাস্থ্যসেৱা সঞ্চালকালয় (পৰিয়াল কল্যাণ)-এ ৰাজ্যত নিয়মীয়া টিকাকৰণ কাৰ্যসূচীৰ অধিক জোৰদাৰ আৰু ফলপ্ৰসূ ৰূপায়ন সন্দৰ্ভত দুদিনীয়াকৈ আয়োজন কৰা এই কৰ্মশালা শুক্ৰবাৰে আগবেলা আনুষ্ঠানিক ভাৱে উদ্বোধন কৰি স্বাস্থ্যমন্ত্ৰী মহন্তই কয়, ‘মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শৰ আধাৰত ৰাজ্যখনৰ চুকে-কোণে থকা প্ৰতিখন চৰকাৰী চিকিৎসালয়ৰে আন্তঃগাঁথনি, চিকিৎসা সা-সুবিধা আদি বিভিন্ন দিশ সামৰি এক বিশেষ জৰীপ চলাবলৈ আমি ঠিৰাং কৰিছো। জিলাসমূহত থকা সকলো স্বাস্থ্য উপকেন্দ্ৰ, হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰ, প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, সামূহিক স্বাস্থ্যকেন্দ্ৰ, খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, আদৰ্শ চিকিৎসালয়, অসামৰিক চিকিৎসালয়ক সামৰি আগন্তুক দুমাহৰ ভিতৰতে স্বাস্থ্য উৎসৱ আয়োজনৰ বাবে আমি ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছো। শিক্ষানুষ্ঠানসমূহৰ মূল্যায়নৰ বাবে হোৱা গুণোৎসৱৰ ধাৰণাটোৰ সৈতে কিছু ক্ষেত্ৰত মিল থকাকৈ এই স্বাস্থ্য উৎসৱ অনুষ্ঠিত কৰা হ’ব।’ মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে চিকিৎসা মহাবিদ্যালয়সমূহত স্নাতকোত্তৰ শিক্ষা গ্ৰহণ কৰি থকা চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীৰ লগতে স্বাস্থ্য বিভাগৰ বাদে আন চৰকাৰী বিভাগৰ বিষয়াক লৈ গঠিত দলৰ জৰিয়তে এই স্বাস্থ্য উৎসৱৰ সময়ত চৰকাৰী চিকিৎসালয়সমূহৰ সকলো দিশ সামৰি জৰীপ কৰা হ’ব। এই জৰীপৰ আধাৰত চিকিৎসানুষ্ঠানসমূহত সেৱাৰ মান-পৰিসৰ বৃদ্ধিৰ লগতে আন্তঃগাঁথনিগত দিশতো প্ৰয়োজনীয় কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব স্বাস্থ্য বিভাগে। উল্লেখ্য যে, অভাৱনীয় ক’ভিড পৰিস্থিতিৰ বাবে বিগত দুটা বছৰত ৰাজ্যত কিছু পৰিমাণে স্থবিৰ হৈ পৰা ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ মহত্বপূৰ্ণ পদক্ষেপ ‘নিয়মীয়া টিকাকৰণ’ (ইৰ আই) কাৰ্যসূচীক পুনৰবাৰ জোৰদাৰ ভাৱে আগবঢ়াই নিয়াৰ কাৰ্যপৰিকল্পনা নিৰূপণৰ বাবে আজি আৰু কাইলৈ এই ৰাজ্যিক কৰ্মশালাখন আয়োজন কৰা হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.