পাপৰি সৌকাধৰা বৰঠাকুৰ
যুগৰ পৰিৱৰ্তনত যৌথ পৰিয়ালৰ অৱলুপ্তি ঘটিছে। সমাজত এতিয়া একক পৰিয়ালেই সংখ্যাগৰিষ্ঠ। একক পৰিয়ালৰ নানান সমস্যা। তাৰে এটা অন্যতম সমস্যা নুবুলি মানৱীয় দৃষ্টিৰে কব পাৰি ঘৰত অকলশৰে থকা বয়সস্থ মানুহৰ একাকিত্ব। তেখেতসকলক সংগ দিয়াটো খুবেই প্ৰয়োজন যদিও একক পৰিয়ালত মন থাকিলেও, ইচ্ছা থাকিলেও যুগ সাপেক্ষ যান্ত্ৰিকতাত সময়ৰ নাটনি ঘটে। বহলভাৱে ক’বলৈ গ’লে কথাটো এনেকুৱা- ধৰক আপোনাৰ লগত বৃদ্ধ মা বা দেউতা আছে। আপোনাৰ গৃহস্থৰ লগতে আপুনিও এগৰাকী চাকৰি কৰা মহিলা। আপোনাৰ সন্তানেও স্কুল,হ’মৱৰ্ক, নাচ-গান,চুইমিং আদিবোৰত ব্যস্ত হৈ পৰি ইচ্ছা কৰিলেও ককাক বা আইতাকক সময় দিব নোৱাৰা অৱস্থা এটা সদায়েই সৃষ্টি হয়।নিৰ্দিষ্ট সময়ত অহা কোনোবা পাৰ্ট টাইমাৰ এগৰাকীয়ে দিনটোৰ বাবে ৰন্ধা-বঢ়াখিনি নাইবা আন-আন যাৱতীয় কাম-কাজখিনি কৰি থৈ গুচি যায়।
এইখন হৈছে আজিকালি আমাৰ প্ৰত্যেকৰ ঘৰৰে এখন চিনাকি ছবি। ফলস্বৰূপে ককা বা আইতাজনীয়ে ৰাষ্টাৰে যোৱা মানুহ চাই চায়েই সময় পাৰ কৰে বা নিজৰ অতীত জীৱনৰ ব্যস্ততাপূৰ্ণ সময়বোৰ অকলে সোঁৱৰে নাইবা দূৰৈত থকা পো-বোৱাৰীলৈ মনত পেলাই নীৰৱে চকুলো টোকে।কথা এষাৰ পাতিবলৈকো এটা সংগৰ অভাৱ। আনফালে এনে এটা শ্ৰেণী আছে যি আনৰ ঘৰে ঘৰে গৈ ঘৰ সৰা-মোচা, কাপোৰ ধোৱা, কেঁচুৱা ৰখা… এনেবোৰ কাম কৰি কৰিয়েই জীৱনৰ আধা বয়স পাৰ কৰিলে। এতিয়া আৰু এনেধৰণৰ কাম কৰিবলৈ দেহাই নটনা হৈছে।যাৰ ফলত তেওঁলোকৰ আয়ৰ বাট প্ৰায় বন্ধ হৈ পৰিছে।অভাৱে জুৰুলা কৰা ঘৰখনত উপাৰ্জনহীন হৈ পো-বোৱাৰীৰ বাবে যেন তেওঁলোক একো একোটা বোজা স্বৰূপহে হৈ পৰে। জীৱনৰ শেষ দিনকেইটা চৰম হতাশাৰ মাজেদি পাৰ কৰিবলৈ লয় এইসকল লোকে। আমাৰ স্বেচ্ছাসেৱী সংগঠন ”আন্তৰিক সংযোগ”ৰ উদ্দেশ্য এইসকল অভাৱী লোকক নি সেইসকল আঢ্যৱন্ত লোকৰ লগত লগ লগাই দিয়া। বিশেষ কোনো টান কাম নকৰাকৈ তেওঁলোকক সংগ দিয়াৰ নামত এইসকল লোকে কিবা এটা পইছাও পাই থাকিলে আৰু আনফালে প্ৰায় একেবয়সৰ লগ এটাৰ সান্নিধ্যত সেই আইতাজনী বা ককাজনো সুখী হ’ল। আৰু আপুনিও সন্তুষ্ট।
আমি যেনেকৈ কেতিয়াবা কোনো বন্ধু নাইবা মনে মিলা কাৰোবাৰ লগত অলপ ওলাই গৈ কোনোবা হোটেল, পাৰ্ক নাইবা ৰেষ্টুৰেন্ট আদিত বহি ক্ষন্তেকৰ বাবে নিজা সুঃখ-দুঃখবোৰ ভাগ বতৰা কৰোঁ, নিজক জীয়ন দিওঁ আৰু তাৰ বিনিময়ত সেই সময়কণৰ বিল পৰিশোধ কৰোঁ, ঠিক তেনেকৈ ঘৰত অকলে থকা এই ককা-আইতাসকলৰ বাবেও তেওঁলোকৰ থকা ঠাইতে নি প্ৰায় সম বয়সৰে একো একোজন ককা -আইতাৰ ব্যৱস্থা কৰি দিয়াটোৱেই আমাৰ ”আন্তৰিক সংযোগ”ৰ লক্ষ্য।দুইজনে একেলগে সময়বোৰ হাঁহি মুখে পাৰ কৰিব।মন গ’লে পুৰণি দিনৰ কথা সোঁৱৰিব, চাহ একাপ বনাই খাব, সৰু-সুৰা কিবাকিবি কাম উলিয়াই কৰি থাকিব, ফুলত পানী দিব, গুৰি খুচৰিব, জনা সকলে আচাৰকে বনাব বা উল-কূৰ্ছাকে গুঁঠিব…মুঠতে তেওঁলোকৰ জীৱনৰ বিয়লি বেলাৰ নিঃসংগতাক জয় কৰাৰ আমাৰ এক বিনম্ৰ প্ৰয়াস।এই প্ৰয়াসে এটা শ্ৰেণীক কিছু আৰ্থিক সকাহ দিব আৰু আন এটা শ্ৰেণীক সান্নিধ্যৰ সুবাসেৰে উজ্জীৱিত কৰি ৰাখিব।
লেখিকা ”আন্তৰিক সংযোগ”ৰ প্ৰতিষ্ঠাপক
ঠিকনাঃ বামুণীমৈদাম, গুৱাহাটী, ই মেইলঃantoriksonjog@gmail.com
ফোনঃ 9435704895