শতাব্দ প্ৰতিনিধি,মাজুলী,৮মে’: আভ্যন্তৰীণ জল পৰিবহণ বিভাগে এক জাননী যোগেদি নিমাতী কমলাবাৰী ফেৰী সেৱাত দুগুণ ভাড়া বৃদ্ধি কৰাত মাজুলীত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আভ্যন্তৰীণ জলপৰিবহণ বিভাগে নিজা খেয়ালখুচি মতে সৰ্বসাধাৰণ ৰাইজৰ মূৰত মাধমাৰ দি ফেৰীৰ ভাড়া দুগুণে বৃদ্ধি কৰা কাৰ্য কেতিয়াও মানি লোৱা নহ’ব বুলি স্পষ্ট কৰি দিছে সদৌ মাজুলী জিলা ছাত্ৰ সন্থাই । এক বিবৃতিত জিলা ছাত্ৰ সন্থাৰ সভাপতি অজিত হাজৰিকা আৰু সাধাৰণ সম্পাদক বিতোপন শৰ্মাই কয় যে- মাজুলী জনসাধাৰণৰ লগতে অসমৰ জনসাধাৰণৰ মূৰত ৰামটাঙোন সোধাই যি ফেৰীৰ ভাড়াৰ মূল্যবৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এই কথা কেতিয়াও মানি লোৱা নহ’ব । কমলাবাৰী ঘাটে পূৰ্বে প্ৰতি গৰাকী যাত্ৰী কেৱল ১৫ টকাত পাৰাপাৰ হৈছিল । বৰ্তমান সেই ভাড়া ৩০ টকা কৰা দেখা গৈছে তাৰ সমান্তৰাল ভাৱে এখন মটৰ চাইকেল পূৰ্বৰ ৪৫ টকাৰ পৰিৱৰ্তে ৯০ টকা, লঘুবাহন পূৰ্বৰ ৭০৬ টকাৰ পৰিৱৰ্তে বৰ্তমান ১৪১২ টকা, গধুৰ বাহন পূৰ্বৰ ৯৫৮ টকাৰ পৰিৱৰ্তে বৰ্তমান ১৯১৬ টকা, প্ৰতি কুইন্টল বস্তুৰ পূৰ্বৰ ৫০ টকাৰ পৰিৱৰ্তে ১০০ টকা প্ৰতিটো বিভাগৰ সামগ্ৰীৰে দুগুণ মূল্যবৃদ্ধি কোনো কাৰণতে মানি লোৱা নহ’ব । আছুৰ সাংগঠনিক সম্পাদক সূৰ্য কুমাৰ ভূঞা আৰু ৰাজ্যিক কাৰ্যনিৰ্বাহক পবিত্ৰ গোস্বামীয়ে কয় যে- মাজুলী-যোৰহাট সংযোগী ফেৰী সমূহ পূৰ্বৰ নিৰ্ধাৰিত দামতে চলাচল কৰিব লাগিব। কেতিয়াও দাম বৃদ্ধি আমি মানি নলওঁ । এয়া মাজুলীবাসী তথা অসমৰ জনসাধাৰণৰ প্ৰতি অসম চৰকাৰ আৰু আভ্যন্তৰীণ জলপৰিবহণ বিভাগৰ চূড়ান্ত অন্যায় । বিশেষকৈ অদক্ষ পৰিবহণ মন্ত্ৰী গৰাকীৰ বাবেই এই কাৰ্যসমূহ হ’বলৈ পাইছে বুলি ক্ষোভ প্ৰকাশ কৰি কয় যে- মাজুলী আৰু নিমাতীৰ ঘাট কেইটাক লৈ কোনো ৰাজনীতি নকৰিবলৈ সকীয়াই দিছে আছুৱে ।