আমেৰিকাত ডাঙৰ-দীঘল হৈছে লখিমপুৰৰ ‘মৰম’ৰ তিনিটাকৈ শিশু

সন্তানহীন দম্পতীৰ বাবে ‘মৰম’ এ আনিছে আশাৰ বতৰা

0 80

শতাব্দ ষ্টাফ ৰিপ’টাৰ লখিমপুৰ, ৯মেঃ জন্মৰ পিছৰে পৰাই মাক-দেউতাক পৰিয়াল পৰিজনৰ মৰমৰ পৰা বঞ্চিত বহু শিশুৰ বাবে এখন আপোন ঘৰ হৈ পৰিছে ‘মৰম’ নামৰ এটি অনুষ্ঠান৷ লখিমপুৰৰ ‘মৰম’ নামৰ এই স্বেচ্ছাসেৱী সংস্থাটোৱেই এতিয়া এই সকল শিশুৰ বাবে মাক-দেউতাক তথা পিতৃ-মাতৃ অভিভাৱক আত্মীয়-স্বজন সকলো৷ ২০১২ চনত বঙালমৰাৰ ৰাংবাই জাগৃতি উন্নয়ন কেন্দ্ৰই লখিমপুৰত স্থাপন কৰা ‘মৰম’ নামৰ এই শিশু দত্তক কেন্দ্ৰটিয়ে অদ্যাপি ৫৪টি শিশুক তুলি তালি ডাঙৰ দীঘল কৰাৰ লগতে বহু নিঃসন্তান দম্পতীক এনে শিশু সকলক তেওঁলোকৰ হাতত তুলি দি মহান উপকাৰ সাধন কৰি আহিছে৷ যাৰ বাবে এই দম্পতী সকলৰ মাজত আশাৰ সঞ্চাৰ হোৱাই নহয় হাঁহি বিৰিঙি উঠিছে৷ লক্ষণীয় কথা যে এনে কেইবাটিও শিশু এতিয়া লখিমপুৰৰ পৰা গৈ সুদুৰ যুক্তৰাষ্ট্ৰত ডাঙৰ দীঘলো হৈছে৷ লখিমপুৰ নগৰৰ ৮নং ৱাৰ্ডত থকা ‘মৰম’ নামৰ এই শিশু দত্তক কেন্দ্ৰটিত এতিয়াও এমা ডিমা ৮টিকৈ শিশুক কেন্দ্ৰটোৰ বিষয়া-কৰ্মচাৰী আৰু আয়াই পৰিচৰ্যা কৰি আহিছে৷ কেন্দ্ৰটিৰ প্ৰকল্প সঞ্চালক হৰিকান্ত আচাৰ্য আৰু ছ’চিয়েল ৱকাৰ সুনীল দেউৰীয়ে জানিবলৈ দিয়া অনুসৰি কোনো লোকে এই কেন্দ্ৰটিৰ পৰা এনে শিশুক গ্ৰহণ কৰিব বিচাৰিলে প্ৰথমে তেওঁলোকে অনলাইন যোগে আবেদন পত্ৰ পূৰণ কৰিব লাগিব আৰু সেই আবেদনপত্ৰ পঞ্জীয়ন ভুক্ত হোৱাৰ পিছত সময় অনুযায়ী ‘মৰম’ৰ শিশু সকলক চি, ডব্লিউ চিৰ জৰিয়তে এনে শিশুক অৰ্পণ কৰা হয়৷ মূলতঃ তিনিটা পৰ্যায়ৰ তথা মাউৰা, পেলনীয়া বা পৰিতক্ত আৰু চমজাই দিয়া শিশু সকলক এই কেন্দ্ৰত পৰিচাৰ্য-প্ৰতিপালন কৰা হয়৷ ‘মৰম’ নামৰ এই স্বেচ্ছাসেৱী অনুষ্ঠানটিত এতিয়া এগৰাকী চিকিৎসক ডাঃ কুইন বৰুৱা, নাৰ্চ ববী দাস ৰাজখোৱাৰ লগতে ছয় গৰাকী কেয়াৰটেকাৰ আৰু এগৰাকী চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীয়ে এই শিশু সকলক অশেষ কষ্টৰে দিনে নিশাই প্ৰতিপালন কৰি আহিছে৷ একাংশ পিতৃ-মাতৃয়ে নিজৰ সন্তানক লালন-পালন কৰিব নোৱাৰি এই কেন্দ্ৰক এনে শিশুসকলক চমজাই দিয়াৰ লগতে একাংশ মাউৰা আৰু পেলনীয়া বা পিতৃ-মাতৃ পৰিচয়হীন শিশুক এই গৃহত আশ্ৰয় দি অহা হৈছে৷ স্বেচ্ছাসেৱী সংস্থা জাগৃতি উন্নয়ন কেন্দ্ৰৰ মহানুভৱতাৰ বাবেই এতিয়া এই কেন্দ্ৰটিয়ে সন্তানহীন বহু দম্পতীৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে৷ কেৱল অসমতে নহয় এই কেন্দ্ৰৰ একাংশ শিশু এতিয়া পশ্চিমবংগ, উৰিষ্যা, আমেৰিকা পৰ্যন্ত পাইছেগৈ বুলি কেন্দ্ৰটিৰ সমাজকৰ্মী সুনীল দেউৰীয়ে অৱগত কৰে৷ অৱশ্যে ০-৬ বছৰ বয়সৰ ল’ৰা-ছোৱালীকহে এই কেন্দ্ৰটোত স্থান দিয়া হয় আৰু ৬ বছৰ পাৰ হোৱাৰ পাছত এই কেন্দ্ৰটিৰ পৰা এনে শিশুক আন গৃহলৈ স্থানান্তৰিত কৰা হয়৷ চি ডব্লিউ চিৰ আৰু চেণ্ট্ৰেল ৰিছ’ৰ্ছ এডপছ্‌ন অথ’ৰিটীৰ জৰিয়তেহে কেন্দ্ৰটিয়ে এনে অনাথ শিশুসকলক আবেদনকাৰী সকলক হস্তান্তৰ কৰি আহিছে৷ মুঠতে লখিমপুৰৰ ‘মৰম’ শিশু দত্তক কেন্দ্ৰত এতিয়া বহু অনাথ শিশুৱে প্ৰতিদিনে জীপাল কৰি আহিছে আৰু এই শিশু সকলকো পৰিচৰ্যা তথা প্ৰতিপালন কৰাৰ ক্ষেত্ৰত কেন্দ্ৰটোৰ সংশ্লিষ্ট সকলোৱে অহোপুৰুষাৰ্থ কৰি আহিছে৷

মন্তব্য দিয়ক

Your email address will not be published.