আৰিয়ান চানয়াৰ প্ৰেমগাথা

0 41

 

বলিউদ জগতত শাহৰুখ খান এজন অন্যতম তাৰকা অভিনেতা। শাহৰুখ খানৰ আছে দেশে বিদেশে এক বিশেষ জনপ্ৰিয়তা। বলিউদ তাৰকাসকলৰ প্ৰথম পৰ্যায়ৰ তাৰকা সকলৰ অন্যতম হ’ল শ্বাহৰুখ খান। কেইদিনমানৰ আগতে শ্বাহৰুখ খান বাতৰিৰ শিৰোনাম হৈ পৰিছিল তেওঁৰ পুত্ৰ আৰিয়ান খানৰ বাবে। সেই সময়ত মুম্বাই পুলিচে আৰিয়ানক অবৈধ ড্ৰাগছ সন্দৰ্ভত গ্ৰেপ্তাৰো কৰিছিল।

কিন্তু আপুনি জানি অবাক হ’ব যে আৰিয়ান এতিয়া এগৰাকী সুন্দৰী ৰমণীৰ প্ৰেমত মছগুল হৈ পৰিছে।সুন্দৰীগৰাকীও এগৰাকী অভিনেত্ৰী তথা অভিনয় জগতৰ এটি নামী দামী পৰিয়ালৰে দুহিতা।হয় চানয়া কাপুৰৰ কথাকে ক’ব খুজিছোঁ। বহু দিনৰ পিছত আৰিয়ানৰ সতে চানয়াৰ নাম জড়িত হৈ পৰিছে। আপোনালোকক জনাই থও যে চানয়া কাপুৰ ‘কাপুৰ পৰিয়াল’ৰ অনিল কাপুৰৰ ভায়েক সঞ্জয় কাপুৰৰ কন্যা সন্তান।

শেহতীয়াকৈ এটা পাৰ্টিত চানয়া আৰু আৰিয়ানাক একেলগে বহু নিশালৈকে পাৰ্টি কৰি থকা দেখা গৈছিল। কেৱল চানয়া আৰু আৰিয়ানেই নহয় পাৰ্টিত আছিল চুহানা খানো। আপুনি নিশ্চয় বুজিব পাৰিছে যে চানয়া আৰু আৰিয়ান এজন আনজনৰ অতি ওচৰৰ চিনাকি। হয়তো প্ৰেম!!

অৱশ্যে এই প্ৰেম কাহিনীক লৈ এতিয়াও কোনোৱেই মত প্ৰকাশ কৰা নাই। দুয়োজনৰ সম্পৰ্ক কেনে বা কি পৰ্যায়ত আছে সেয়া ফৰকাল নহ’লেও দুয়োৰে সম্পৰ্কক লৈ বু বু বা বা’ৰ জোৱাৰ উঠা দেখা গৈছে।এই যুটীৰ সম্পৰ্ক আগলৈ কিদৰে আগবাঢ়িব সেয়া নিৰূপণ কৰিব সময়েহে।

 

মু ভূ ফু

মন্তব্য দিয়ক

Your email address will not be published.