আৰে ভাই, দুটা দুটা তিল পিঠা, তিলৰ লাড়ু আৰু চাহ দিবা

সকলোৱে মাত দিলে, কেতিয়াবা কিবা এটা হ'ব পাৰে

0 49

অশ্বিনী বৰুৱা

গুৱাহাটীৰ ষ্টাৰ (?) হোটেল এখনত এবাৰ ব্যক্তিগতভাবে আৰু এবাৰ ফেচবুকৰ জড়িয়তে কৈছিলোঁ বোলোঁ অসমক প্ৰতিনিধিত্ব কৰা যিকোনো এগৰাকী ব্যক্তিৰ অন্ততঃ এখন প্ৰাচীৰ চিত্ৰ ৰাখক আৰু যিকোনো দুবিধমান অসমীয়া ব্যঞ্জনৰ ব্যৱস্থা কৰক পাৰিলে । কিয়নো আমাৰ বাহিৰৰ প্ৰদেশৰ কাৰোবাক লগত আনিলে কি দেখুৱাম, কি খুৱাম ? মাটিমাহৰ অমিতা দিয়া খাৰ আৰু বিভিন্ন ব্যঞ্জন । তেওঁলোকে মনপুতি শুনিলে আৰু ফেচবুকতো সমৰ্থন কৰিলে । কিন্তু বাস্তৱত একো নহ’ল । পেৰাডাইজে পৰম্পৰা বুলি অসমীয়া খাদ্য পৰিবেশন কৰে। দিল্লীত থাকোঁতে এবাৰ (1968) কেৰালাইট হোটেলত পৰিবেশিত ঘিলাপিঠা সদৃশ আপ্পম্ নামৰ হুবহু একে সামগ্ৰী তাৰ অসম এছ’ছিয়েছশ্যনৰ ৰঙালী বিহুৰ অনুষ্ঠানত যোগান ধৰিছিলোঁ । সাংসদ হেম বৰুৱা ডাঙৰীয়াই বোলে ঘিলাপিঠা ক’ত পালাঁ ? ছিলঙৰ খাচী গাভৰু কিছুমানে অফিচ বিলাকত দুপৰীয়া পাছি একোটাত জিংবাম জিংবাম বুলি যে চাহ আৰু খোৱা বস্তু দি ফুৰে সেই জিংবাম আমাৰ ঘিলাপিঠাই । বঢ়িয়া বিষয় এটা মনলৈ আহিল লেখিবলৈ । আমাৰ অনা অসমীয়া হোটেলত কেতিয়া অৰ্ডাৰ দিব পাৰিম, ” আৰে ভাই, দুটা দুটা তিল পিঠা, তিলৰ লাড়ু আৰু চাহ দিবাঁ । ঠিক্ হেই না ? ” সকলোৱে মাত দিলে, লেখিলে, সভাই-সমিতিয়ে আলোচনা কৰিলে কেতিয়াবা কিবা এটা হ’ব পাৰে । নিজে নিজে একো নহয় । কিন্তু মাতে কোনে ?

মন্তব্য দিয়ক

Your email address will not be published.