শৈলেন বৰুৱা
অসমীয়াৰ মৃত্যু যাত্ৰা বোলে আৰম্ভ হৈছে! সচানে মিছা? পিছে এটা সন্ধিক্ষণ আহিছে-অসমীয়া নামৰ জাতিটোৱে নিজৰ ভৰিত নিজেই কুঠাৰ মাৰিবলৈ আৰম্ভ কৰিছে। এনে দিন আহিল ঔ অসমীয়াই পিৰালীত জলকীয়া পুলি এটাও ৰুবলৈ এৰিলে, সকলো বজাৰৰ পৰা কিনাৰ চখ। কিন্তু পূৰ্বে এনে আছিল নে অসমীয়া? অসমীয়া এনে এটা জাতি, যি জাতিত কিছুমান ক্ষণজন্মা অসমীয়াৰ জন্ম হৈছিল, তাৰে একাংশক মানুহে জানে আৰু বহুতকে আজিও নাজানে। নাজানে মানে? এইসকলক লৈ চৰ্চাই হোৱা নাই। তেনে এজন মানুহৰ কথাকে কব বিচাৰিছোঁ, যিজনে ব্ৰিটিছক জোলোকা জোলোকে পানী খুৱাই দিছিল। ব্ৰিটিছ যদি ডালে ডালে আমাৰ এই লেখাৰ নায়ক আছিল পাতে পাতে…
মানুহজন আছিল স্বাধীনতা সেনানী। অসহযোগ আন্দোলনৰ সময়ৰ কথা। ইংৰাজ চৰকাৰৰ লগত তেখেতে সচা অৰ্থতে “অসহযোগ” কৰিছিল। সাংঘাটিক সাহসী এইজনা অসমীয়া বীৰৰ নাম যজ্ঞেশ্বৰ ভূঞা। অবিভক্ত লখিমপুৰ জিলাৰ ধেমাজিৰ মাছখোৱাৰ কুঁৱাটোলা গাঁৱত জন্মগ্ৰহণ কৰা ভূঞাই ইংৰাজ চৰকাৰক খাজানা দিয়া নাছিল। তেখেতৰ স্পষ্ট মত–আমাৰ মাটিৰ গিৰিহঁত চেলাবলৈ বগা বঙালৰ অধিকাৰ ক’ত? সাত সাগৰ তেৰ নদীৰ সিপাৰৰ বগা বঙালক কিয় খাজানা দিম? নিদিও। ভূঞাই খাজানা নিদিলে। মহকুমাধিপতিয়ে জাননী জাৰি কৰি দিলে-খাজানা নিদিয়া যদি মাটিত ঘৰ নবনাবা। ভূঞাই মাটিত থকা ঘৰ ভাঙি আকাশত বনালে–অৰ্থাৎ চাংঘৰ। চাংঘৰৰ পৰা মূলপথলৈ বাঁহৰ দলং সাজি অহাযোৱা কৰিছিল। মৌজাদাৰৰ টেকেলাই খাজানা সাধিবলৈ আহোতে ভূঞাই বীৰদৰ্পে কলে–চোৱা তোমালোকৰ চৰকাৰ বাহাদুৰে “মাটিত ঘৰ” নবনাবলৈ হুকুম দিছে, সেয়ে মোৰ ঘৰ মাটিত নাই আৰু মই তোমালোকক খাজানা দিবলৈও নাই।
১৯৪২-৪৩ চনত সত্যাগ্ৰহ আন্দোলত যজ্ঞেশ্বৰ ভূঞাক এবাৰ ব্ৰিটিছ চৰকাৰে জেলত ভৰালে। হুকুম জাৰি হল-মহকুমাধিপতিৰ হাতত তেঁও আশী টকা জৰিমনা দিব লাগিব। প্ৰখৰ বুদ্ধিমত্তা আৰু দুৰ্দান্ত সাহসী ভূঞাই নিৰ্দিষ্ট দিনত এছ ডি অ’ গনিং চাহাবৰ টেবিলৰ সন্মুখত থিয় হৈ বাঁহৰ এটা আখি, বাঁহৰ এটা টকা (বিহুত বজোৱা বাদ্য), এডাল জৰী(ৰচি) আৰু কাপোৰৰ মোনা এটা জমা দি কলে-লোৱা তোমালোকে বিচৰা আখি টকা জৰী মোনা। বেচেৰা গনিং চাহাবৰ মেলা মুখ মেলাতে থাকিল। বস্তুকেইপদ জমা দি বীৰৰ দৰে ঘূৰি গল ভূঞা।
যজ্ঞেশ্বৰ ভূঞাৰ জীৱন যাত্ৰাও ব্যতিক্ৰম আছিল। তেওঁ সাধাৰণতে ঘোঁৰাত উঠি ঘূৰি ফুৰিছিল। মূৰত আছিল অসমীয়াৰ স্বাভিমানী বাঁহৰ ফুলাম জাপি। হাতত লৈ ফুৰিছিল বাঁহৰ কাঠি কামী আৰু কটাৰী। সময় পালেই হাতত থকা কাটি কামীৰে বনাইছিল জাপি। সাধাৰণজনৰ বাবে সেয়়া আছিল অদ্ভুত কাৰবাৰ।
যিসকলে নগাঁৱৰ মহেন্দ্ৰনাথ মৈ হেংডাং ফুকনক (বা মহেন্দ্ৰনাথ ডেকাফুকন, যাৰ নামেৰে কটন কলেজৰ এটা হোষ্টেলৰ নামকৰণ হৈ আছে।) জানে ঠিক একে চৰিত্ৰৰ মানুহ আছিল যজ্ঞেশ্বৰ ভূঞা। প্ৰচণ্ড স্বাভিমানী,সাহসী আৰু স্বাধীনচিতিয়া ভূঞাই মাছখোৱা, ঢকুৱাখনা আদি ঠাই ঘূৰি ফুৰোতে যদি ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানৰ জেওৰা-জপনা যদি ঠিক হৈ থকা নেদেখে তেন্তে তুৰন্তে ঘোঁৰাৰ পৰা নামি নিজে সেই বিসংগতি দূৰ কৰি বিৰল সমাজ সেৱাৰ নিদৰ্শন দাঙি ধৰিছিল।
দুখৰ বিষয় মহেন্দ্ৰ নাথ ডেকাফুকন সদৃশ এইজন স্বাধীনমনা মুক্তিযোদ্ধাৰ কথা লখিমপুৰ-ধেমাজিৰ পৰা প্ৰকাশিত বহু গ্ৰন্থত বিস্তৃত ভাবে পাবলৈ নাই। যি কেইখন গ্ৰন্থত অলপ অচৰপ উল্লেখ আছে… সেইগ্ৰন্থত কেতিয়াবা এটা-দুটা বাক্য বা ক’ৰবাত কেৱল তেখেতৰ নাম স্বাধীনতা সেনানী বুলিহে উল্লেখ আছে। ১৯৫০ চনত ভূঞাৰ দেহাৱসান ঘটে।
অসমীয়া জাতিৰ জটিল সন্ধিক্ষণৰ সময়ত এইজন খামীডাঠ পুৰুষক স্মৰণ কৰি কও- অসমীয়া পৰিও নমৰা, মৰিও নমৰা এটা জাতি।
