শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩০ আগষ্ট: ছমাহতকৈয়ো অধিক সময় ধৰি চলি আছে ৰাছিয়া-ইউক্ৰেইন যুদ্ধ। প্ৰচণ্ড লোকচান আৰু হতাহতিৰ পিছতো যুদ্ধ এতিয়াও বন্ধ হোৱাৰ কোনো লক্ষণ দেখা পোৱা নাই। এই পৰিস্থিতিত আমেৰিকাই ৰাছিয়াৰ ওপৰত এক উল্লেখযোগ্য দাবী কৰিছে। ২৮ আগষ্ট শনিবাৰে আমেৰিকাৰ এগৰাকী উচ্চপদস্থ প্ৰতিৰক্ষা বিষয়াই কয় যে ইউক্ৰেইনত যুদ্ধ অব্যাহত ৰাখিবলৈ ৰাছিয়াই অধিক সৈন্য বিচাৰি উলিওৱাত অসুবিধা পাইছে। বিভিন্ন ঠাইত অনুসন্ধান কৰিও বিশেষ ফল পোৱা নাই। আনকি প্ৰশিক্ষণৰ অভাৱো ৰাছিয়াৰ সেনাৰ বাবে মূৰৰ বিষত পৰিণত হৈছে বুলি আমেৰিকাৰ প্ৰতিৰক্ষা বিষয়াগৰাকীয়ে কয়। আমেৰিকাৰ বিষয়াগৰাকীৰ মতে, যোৱা ২৬ আগষ্ট বৃহস্পতিবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ঘোষণা কৰিছিল যে দেশখনৰ সেনাৰ সংখ্যা প্ৰায় ১০ শতাংশ বৃদ্ধি কৰি ১১ লাখ ৫০ হাজাৰ হ’ব। জানুৱাৰী মাহৰ পৰা আৰম্ভ হ’ব এই প্ৰক্ৰিয়া। আমেৰিকাৰ এজন প্ৰতিৰক্ষা বিষয়াৰ মতে, ইউক্ৰেইন আক্ৰমণৰ পিছৰ ছমাহত ৰাছিয়াৰ সামৰিক বাহিনীৰ সংখ্যা বহু পৰিমাণে হ্ৰাস পাইছে আৰু বহুতেই গুৰুতৰভাৱে যুদ্ধত আঘাতপ্ৰাপ্ত হৈ অক্ষম হৈ পৰিছে। সেইবাবেই ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে নিজেই উদ্যোগ লৈছে সৈন্যৰ সংখ্যা বৃদ্ধিৰ বাবে। আমেৰিকাৰ বিষয়াগৰাকীয়ে কয় যে আমেৰিকাৰ প্ৰতিৰক্ষা সংস্থা পেন্টাগনে বিশ্বাস কৰে যে ৰাছিয়াৰ এই পদক্ষেপ সফল হোৱাৰ সম্ভাৱনা নাই কাৰণ ৰাছিয়াত পৰ্যাপ্ত পৰিমাণৰ জোৱানৰ সংখ্যা প্ৰয়োজনতকৈ কম। নাম প্ৰকাশ নকৰা আমেৰিকাৰ প্ৰতিৰক্ষা বিষয়াগৰাকীয়ে সাংবাদিকৰ আগত কয় যে ৰাছিয়াই ইতিমধ্যে নিযুক্তি প্ৰক্ৰিয়া সম্প্ৰসাৰণৰ প্ৰচেষ্টা আৰম্ভ কৰিছে। আনকি নিযুক্তিৰ বাবে উচ্চ বয়সৰ সীমাও ৰেহাই দিয়া হৈছে। কাৰাগাৰৰ বন্দীসকলকো সেনাবাহিনীত নিযুক্তি দিয়া হৈছে। যুদ্ধৰ সময়ত বহু লোকক সেনাবাহিনীত নিযুক্তি দিয়া হৈছিল যিসকল হয় বেছি বয়সীয়াল আছিল নহয় সঠিক প্ৰশিক্ষণ লাভ কৰা নাছিল। বিষয়াগৰাকীয়ে কয় যে যুদ্ধৰ আৰম্ভণিতেও ৰাছিয়াৰ মুঠ সৈন্যৰ সংখ্যা তেওঁলোকৰ লক্ষ্য ১ লাখৰ তুলনাত ১ লাখ ৫০ হাজাৰ কম আছিল। আগষ্ট মাহত আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগৰ অধীনস্থ সচিব কলিন কাহলে কৈছিল যে ইউক্ৰেইন আক্ৰমণৰ পিছত প্ৰায় ৭০-৮০ হাজাৰ ৰাছিয়ান সৈন্যৰ মৃত্যু হৈছে।